--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি কেতিয়াবা ভাবিছেনে যে দেশৰ কিমানজনে দেৱভাষা সংস্কৃতক কথিত ভাষা হিচাপে ব্যৱহাৰ কৰে ? বিশ্বৰ অন্যতম পুৰণি ভাষা তথা দেৱভাষ বুলি কোৱা সংস্কৃত ভাষাই নিজ দেশতে বিলুপ্তিৰ পথত উপনীত হৈছে। সংস্কৃত ভাষাত হামিৰপুৰ জিলা দণ্ডাধীশে ৰায় ঘোষণা কৰাত সকলো বৰ্তমান স্তম্ভিত হৈ পৰিছে। আৰু সংস্কৃত ভাষা সন্দৰ্ভত অহা এই তথ্যই এতিয়া শিৰোনামা দখল‌ কৰিছে।

আপুনি জানি আচৰিত হ’ব যে ১.২৫ কোটি জনসংখ্যাৰ এই দেশখনত মাত্ৰ ২৪ হাজাৰ ৮২১ জন লোকেহে সংস্কৃত ভাষা ক’ব জানে। এই তথ্য গৃহ মন্ত্ৰালয়ৰ মহাপঞ্জীয়ক আৰু জনসংযোগৰ অধিকাৰৰ লোকপিয়ল আয়ুক্তৰ কাৰ্যালয়ৰ ভাষা বিভাগৰ পৰা লাভ কৰা হৈছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যাৰ অনুপাতে মাত্ৰ ০.০০২ শতাংশ লোকেহে সংস্কৃত ক’ব পাৰে। এই হাৰ প্ৰায় শূন্যৰ ওচৰত।

ধৰ্ম-সংস্কৃতিৰ আমাৰ দেশত ২৪ কোটি দেৱতাক পূজা কৰা হয় বুলি বিশ্বাস কৰা হয়। কিন্তু এই ভাৰততে দেৱভাষা সংস্কৃত বিলুপ্তিৰ পথত। আগ্ৰাৰ কালিবাৰীৰ বাসিন্দা সমাজকৰ্মী ড০ দেৱাশীষ ভট্টাচাৰ্যই আৰটিআইত সংস্কৃত ভাষা সম্পৰ্কে ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ কাৰ্যালয়ৰ ভাষা বিভাগৰ পৰা তথ্য বিচাৰিছিল। ইয়াৰ উত্তৰত মহাপঞ্জীয়কৰ কাৰ্যালয়ৰ গৱেষণা বিষয়া ড০ নক্কিৰাৰে কৈছে যে যোৱা ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশত সংস্কৃত ভাষাভাষীৰ সংখ্যা ২৪,৮২১ অৰ্থাৎ মুঠ জনসংখ্যাৰ অনুপাতে ০.০০২ শতাংশ।

ড০ ভট্টাচাৰ্য্যক কাৰ্যালয়ে অৱগত কৰিছে যে সংস্কৃত ভাষাক ভাৰত চৰকাৰে সংখ্যালঘু মৰ্যাদা প্ৰদান কৰা নাই, ইয়াক অধিসূচিত ভাষাসমূহত অন্তৰ্ভুক্ত কৰা হৈছে। হিন্দীয়ে চৰকাৰী ভাষাৰ মৰ্যাদা লাভ কৰিছে। সংস্কৃত কোনো বাধ্যতামূলক ভাষা নহয়। মাতৃভাষা আৰু আঞ্চলিক ভাষা বাছনি কৰাৰ বিকল্প প্ৰতিজন ব্যক্তিৰ বাবে উপলব্ধ। কেন্দ্রীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষাৰ প্রশ্নৰ উত্তৰত কার্যালয়টোত এই তথ্য উপলব্ধ নহয় বুলি প্রকাশ কৰিছে কার্যালয়টোৱে৷

আনহাতে দেৱভাষা সংস্কৃতৰ পুনৰুজ্জীৱনৰ বাবে বিভিন্ন আঁচনি আৰু অনুষ্ঠান চলি আছে। দেশত ধৰ্মীয়, সাংস্কৃতিক কাৰ্যকলাপৰ পাছতো ভাষাবিদসকলে মানুহৰ দেৱভাষাৰ প্ৰতি থকা ধাৰাটোক চিন্তনীয় বুলি বিবেচনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক