--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি কেতিয়াবা ভাবিছেনে যে দেশৰ কিমানজনে দেৱভাষা সংস্কৃতক কথিত ভাষা হিচাপে ব্যৱহাৰ কৰে ? বিশ্বৰ অন্যতম পুৰণি ভাষা তথা দেৱভাষ বুলি কোৱা সংস্কৃত ভাষাই নিজ দেশতে বিলুপ্তিৰ পথত উপনীত হৈছে। সংস্কৃত ভাষাত হামিৰপুৰ জিলা দণ্ডাধীশে ৰায় ঘোষণা কৰাত সকলো বৰ্তমান স্তম্ভিত হৈ পৰিছে। আৰু সংস্কৃত ভাষা সন্দৰ্ভত অহা এই তথ্যই এতিয়া শিৰোনামা দখল‌ কৰিছে।

আপুনি জানি আচৰিত হ’ব যে ১.২৫ কোটি জনসংখ্যাৰ এই দেশখনত মাত্ৰ ২৪ হাজাৰ ৮২১ জন লোকেহে সংস্কৃত ভাষা ক’ব জানে। এই তথ্য গৃহ মন্ত্ৰালয়ৰ মহাপঞ্জীয়ক আৰু জনসংযোগৰ অধিকাৰৰ লোকপিয়ল আয়ুক্তৰ কাৰ্যালয়ৰ ভাষা বিভাগৰ পৰা লাভ কৰা হৈছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যাৰ অনুপাতে মাত্ৰ ০.০০২ শতাংশ লোকেহে সংস্কৃত ক’ব পাৰে। এই হাৰ প্ৰায় শূন্যৰ ওচৰত।

ধৰ্ম-সংস্কৃতিৰ আমাৰ দেশত ২৪ কোটি দেৱতাক পূজা কৰা হয় বুলি বিশ্বাস কৰা হয়। কিন্তু এই ভাৰততে দেৱভাষা সংস্কৃত বিলুপ্তিৰ পথত। আগ্ৰাৰ কালিবাৰীৰ বাসিন্দা সমাজকৰ্মী ড০ দেৱাশীষ ভট্টাচাৰ্যই আৰটিআইত সংস্কৃত ভাষা সম্পৰ্কে ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ কাৰ্যালয়ৰ ভাষা বিভাগৰ পৰা তথ্য বিচাৰিছিল। ইয়াৰ উত্তৰত মহাপঞ্জীয়কৰ কাৰ্যালয়ৰ গৱেষণা বিষয়া ড০ নক্কিৰাৰে কৈছে যে যোৱা ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশত সংস্কৃত ভাষাভাষীৰ সংখ্যা ২৪,৮২১ অৰ্থাৎ মুঠ জনসংখ্যাৰ অনুপাতে ০.০০২ শতাংশ।

ড০ ভট্টাচাৰ্য্যক কাৰ্যালয়ে অৱগত কৰিছে যে সংস্কৃত ভাষাক ভাৰত চৰকাৰে সংখ্যালঘু মৰ্যাদা প্ৰদান কৰা নাই, ইয়াক অধিসূচিত ভাষাসমূহত অন্তৰ্ভুক্ত কৰা হৈছে। হিন্দীয়ে চৰকাৰী ভাষাৰ মৰ্যাদা লাভ কৰিছে। সংস্কৃত কোনো বাধ্যতামূলক ভাষা নহয়। মাতৃভাষা আৰু আঞ্চলিক ভাষা বাছনি কৰাৰ বিকল্প প্ৰতিজন ব্যক্তিৰ বাবে উপলব্ধ। কেন্দ্রীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষাৰ প্রশ্নৰ উত্তৰত কার্যালয়টোত এই তথ্য উপলব্ধ নহয় বুলি প্রকাশ কৰিছে কার্যালয়টোৱে৷

আনহাতে দেৱভাষা সংস্কৃতৰ পুনৰুজ্জীৱনৰ বাবে বিভিন্ন আঁচনি আৰু অনুষ্ঠান চলি আছে। দেশত ধৰ্মীয়, সাংস্কৃতিক কাৰ্যকলাপৰ পাছতো ভাষাবিদসকলে মানুহৰ দেৱভাষাৰ প্ৰতি থকা ধাৰাটোক চিন্তনীয় বুলি বিবেচনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু