--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানিয়া মিৰ্জাৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত শ্বোৱেইব মালিকে পাকিস্তানী অভিনেত্ৰী ছানাক বিয়া কৰায়। এই বিবাহৰ পিছত পাকিস্তানী ক্ৰিকেটাৰগৰাকীৰ পৰিয়ালে শ্বোৱেইবৰ বিৰুদ্ধে ছানিয়াক সমৰ্থন কৰিছিল।  এইবাৰ সানাক খেলপথাৰত লাজ দিলে পাকিস্তানী দৰ্শকে। সানাৰ খং উঠিল।

দেওবাৰে মুলতান খেলপথাৰত পাকিস্তান ছুপাৰ লীগত কৰাচী কিংছৰ বিৰুদ্ধে খেলিছিল মুলতান চুলতান। শ্বোয়াইবে কৰাচীৰ হৈ খেলিছিল। গিৰিয়েকৰ খেল চাবলৈ খেলপথাৰলৈ গ’ল সানা। বাউণ্ডেৰীৰ সন্মুখত থিয় হৈ আছিল। দৰ্শকে চিনি পালে। লগালগ ছানিয়াৰ নাম চিঞৰি থাকিল। এই কথা শুনি সানাৰ খং উঠিল। এবাৰ দৰ্শকৰ ফালে চাই তাৰ পিছত খেলপথাৰৰ পৰা ওলাই গ’ল। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

পাকিস্তান ছুপাৰ লীগত শ্বোয়াইবে বেটৰ সৈতে ভাল আৰম্ভণি কৰিছিল। কৰাচীৰ হৈ ৩৫টা বলত ৫৩ ৰানৰ ইনিংছ খেলিছিল। ইয়াৰ পিছতো তেওঁ দলটো জিকিব নোৱাৰিলে। মুলতানৰ হাতত ৫৫ ৰানত পৰাস্ত হয় কৰাচী।

যোৱা কেইবছৰমানৰ পৰা ছানিয়া আৰু শ্বোয়াইবৰ সম্পৰ্ক ভাল নাছিল। দুয়ো পৃথকে পৃথকে থাকিছিল। ২০ জানুৱাৰীত শ্বোৱেইবে পাকিস্তানী অভিনেত্ৰী ছানাৰ সৈতে তেওঁৰ বিয়াৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ইয়াৰ পিছত গম পোৱা যায় যে ছানিয়া আৰু শ্বোয়াইব বিচ্ছেদ হৈছে। শ্বোয়াইবৰ লগত ছানিয়াৰ ব্ৰেকআপ হৈছিল নেকি? এই ঘটনাৰ পিছতে সংবাদ মাধ্যমৰ আগত মুখ মেলিলে শ্বোয়াইবৰ ভগ্নীয়ে। তেওঁ ক’লে যে শ্বোয়াইবৰ অতিৰিক্ত কামত ছানিয়াই বিচ্ছেদ ঘটালে। অৱশ্যে ছানিয়া বা শ্বোয়াইবে ইজনে সিজনৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement