--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানিয়া মিৰ্জাৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত শ্বোৱেইব মালিকে পাকিস্তানী অভিনেত্ৰী ছানাক বিয়া কৰায়। এই বিবাহৰ পিছত পাকিস্তানী ক্ৰিকেটাৰগৰাকীৰ পৰিয়ালে শ্বোৱেইবৰ বিৰুদ্ধে ছানিয়াক সমৰ্থন কৰিছিল।  এইবাৰ সানাক খেলপথাৰত লাজ দিলে পাকিস্তানী দৰ্শকে। সানাৰ খং উঠিল।

দেওবাৰে মুলতান খেলপথাৰত পাকিস্তান ছুপাৰ লীগত কৰাচী কিংছৰ বিৰুদ্ধে খেলিছিল মুলতান চুলতান। শ্বোয়াইবে কৰাচীৰ হৈ খেলিছিল। গিৰিয়েকৰ খেল চাবলৈ খেলপথাৰলৈ গ’ল সানা। বাউণ্ডেৰীৰ সন্মুখত থিয় হৈ আছিল। দৰ্শকে চিনি পালে। লগালগ ছানিয়াৰ নাম চিঞৰি থাকিল। এই কথা শুনি সানাৰ খং উঠিল। এবাৰ দৰ্শকৰ ফালে চাই তাৰ পিছত খেলপথাৰৰ পৰা ওলাই গ’ল। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

পাকিস্তান ছুপাৰ লীগত শ্বোয়াইবে বেটৰ সৈতে ভাল আৰম্ভণি কৰিছিল। কৰাচীৰ হৈ ৩৫টা বলত ৫৩ ৰানৰ ইনিংছ খেলিছিল। ইয়াৰ পিছতো তেওঁ দলটো জিকিব নোৱাৰিলে। মুলতানৰ হাতত ৫৫ ৰানত পৰাস্ত হয় কৰাচী।

যোৱা কেইবছৰমানৰ পৰা ছানিয়া আৰু শ্বোয়াইবৰ সম্পৰ্ক ভাল নাছিল। দুয়ো পৃথকে পৃথকে থাকিছিল। ২০ জানুৱাৰীত শ্বোৱেইবে পাকিস্তানী অভিনেত্ৰী ছানাৰ সৈতে তেওঁৰ বিয়াৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ইয়াৰ পিছত গম পোৱা যায় যে ছানিয়া আৰু শ্বোয়াইব বিচ্ছেদ হৈছে। শ্বোয়াইবৰ লগত ছানিয়াৰ ব্ৰেকআপ হৈছিল নেকি? এই ঘটনাৰ পিছতে সংবাদ মাধ্যমৰ আগত মুখ মেলিলে শ্বোয়াইবৰ ভগ্নীয়ে। তেওঁ ক’লে যে শ্বোয়াইবৰ অতিৰিক্ত কামত ছানিয়াই বিচ্ছেদ ঘটালে। অৱশ্যে ছানিয়া বা শ্বোয়াইবে ইজনে সিজনৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু