--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী নিৰ্বাচনকলৈ এতিয়া উত্তেজনা তুংগত উঠিছে। সভাপতি পদৰ দুই মূল প্ৰাৰ্থী শশী থাৰুৰ  আৰু মল্লিকাৰ্জুন খাৰ্গেৰ মাজতে মূলতঃ মূল যুঁজখন হ’ব যদিও থাৰুৰে যেন ৰণক্ষেত্ৰৰ পৰা এক প্ৰকাৰে ছ্ত্তৰ ভংগ দিবলৈ বাধ্য হৈছে। এটা সময়ত থাৰুৰক সমৰ্থন জনাই থকা বহু নেতাই এতিয়া খাৰ্গেৰ শিবিৰত যোগ দিছে।  সেয়ে থাৰুৰৰ বিজয়কলৈ প্ৰশ্ন উত্থাপন হৈছে।

এয়া এতিয়া স্পষ্ট হৈ পৰিছে যে মল্লিকাৰ্জুন খাৰ্গে আন কাৰো প্ৰক্ষেপিত প্ৰাৰ্থী নহয়, তেওঁ সম্পূৰ্ণ ৰূপে গান্ধী পৰিয়াল প্ৰক্ষেপিত প্ৰাৰ্থী। এই কথা খাৰ্গেৰৰ নানান মন্তব্যৰ পৰাই অধিক স্পষ্ট হৈ পৰিছে। জনৰোষত পৰাৰ বাবেই গান্ধী পৰিয়ালৰ পৰা কোনেও এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই যদিও খাৰ্গেক প্ৰক্ষেপ কৰি গান্ধী পৰিয়ালে কংগ্ৰেছৰ সভাপতি জনক নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰিছে বুলি বহুল চৰ্চা হৈছে। অৰ্থাৎ গান্ধী পৰিয়ালে মাছ বুলি নাখাই জিজি বুলি খাবলৈ ওলাইছে।

 এনে প্ৰেক্ষাপটতত শশী থাৰুৰে শেহতীয়াকৈ কৈছে  যে তেওঁৰ প্ৰতিদ্বন্দী মল্লিকাৰ্জুন খাৰ্গেক বহু ৰাজ্যিক গোটে আদৰণি জনাইছে।  ডাঙৰ নেতাসকল এতিয়া  খাৰ্গেৰ লগতে আছে , কিন্তু তেওঁক সকলো নেতাই এৰাই চলিছে।দৰাচলতে গান্ধী পৰিয়ালৰ অপ্ৰিয়ভাজন হৈ পৰাৰ ভয়তে বহু নেতাই এতিয়া খাৰ্গেৰ সংগ দিছে। এনেও শশী থাৰুৰে গান্ধী পৰিয়ালৰ বিৰুদ্ধে মুকলিকৈয়ে বিদ্ৰোহ কৰিছিল। সেয়ে থাৰুৰৰ পক্ষত থাকিলে ৰাজনৈতিক লোকচানৰ সন্মুখীন হোৱাৰ ভয়তে বহু বাঘা বাঘা কংগ্ৰেছ নেতাই এতিয়া খাৰ্গেৰ লগ লাগিছে। 

থাৰুৰে কয় যে   তেওঁ কাৰো বিৰুদ্ধে কোনো অভিযোগ কৰা নাই, কিন্তু ২২ বছৰ ধৰি দলটোত নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰ বাবে ব্যৱস্থাটোত ত্ৰুটি ধৰা পৰিছিল।থাৰুৰে এয়াও কয় যে কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ মুৰব্বী মধুসূদন মিস্ত্ৰীয়ে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছে। থাৰুৰে কালি দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠককত মিলিত হৈ   নিজৰ বাবে ভোট বিচাৰিছিল। বৈঠকত  প্ৰাক্তন সাংসদ সন্দীপ দীক্ষিত, দিল্লী মহিলা কংগ্ৰেছৰ সভানেত্ৰী অমৃতা ধাৱান আৰু আন কেইজনমান প্ৰতিনিধি উপস্থিত আছিল।

তিৰুৱন্তপুৰমৰ লোকসভাসদস্য ৬৬ বছৰীয়া থাৰুৰে সাংবাদিকক কয়, "মই মিস্ত্ৰী চাহাবৰ বিৰুদ্ধে একো ক'ব নিবিচাৰো। প্ৰণালীটোত কিছুমান ত্ৰুটি আছে, কিয়নো ২২ বছৰ ধৰি নিৰ্বাচন অনুষ্ঠিত হোৱা নাই," ।
তেওঁ লগতে কয় "আমাক ৩০ ছেপ্টেম্বৰত প্ৰথম তালিকা (প্ৰতিনিধিসকলৰ) আৰু তাৰ পিছত এসপ্তাহ আগতে এখন তালিকা দিয়া হৈছিল। প্ৰথম তালিকাত কোনো ফোন নম্বৰ নাছিল।

তেনে পৰিস্থিতিত আপুনি প্ৰতিনিধিসকলৰ সৈতে কেনেদৰে যোগাযোগ কৰিব? পিছত ফোন নম্বৰ পোৱা গৈছিল। দুয়োখন তালিকাৰ মাজত কিছু পাৰ্থক্য আছিল। এই   ইয়াক ইচ্ছাকৃত বুলি ক’ব খোজা নাই। সমস্যাটো হ'ল যে আমাৰ দলত বহু বছৰ ধৰি নিৰ্বাচন অনুষ্ঠিত হোৱা নাই, সেয়ে কিছুমান ভুল  হৈছে," । 
উল্লেখ্য কংগ্ৰেছ সভাপতি পদৰ বাবে ভোটগ্ৰহণ ১৭ অক্টোবৰত অনুষ্ঠিত হ'ব আৰু ভোটগণনা ১৯ অক্টোবৰত অনুষ্ঠিত হ'ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু