--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী নিৰ্বাচনকলৈ এতিয়া উত্তেজনা তুংগত উঠিছে। সভাপতি পদৰ দুই মূল প্ৰাৰ্থী শশী থাৰুৰ  আৰু মল্লিকাৰ্জুন খাৰ্গেৰ মাজতে মূলতঃ মূল যুঁজখন হ’ব যদিও থাৰুৰে যেন ৰণক্ষেত্ৰৰ পৰা এক প্ৰকাৰে ছ্ত্তৰ ভংগ দিবলৈ বাধ্য হৈছে। এটা সময়ত থাৰুৰক সমৰ্থন জনাই থকা বহু নেতাই এতিয়া খাৰ্গেৰ শিবিৰত যোগ দিছে।  সেয়ে থাৰুৰৰ বিজয়কলৈ প্ৰশ্ন উত্থাপন হৈছে।

এয়া এতিয়া স্পষ্ট হৈ পৰিছে যে মল্লিকাৰ্জুন খাৰ্গে আন কাৰো প্ৰক্ষেপিত প্ৰাৰ্থী নহয়, তেওঁ সম্পূৰ্ণ ৰূপে গান্ধী পৰিয়াল প্ৰক্ষেপিত প্ৰাৰ্থী। এই কথা খাৰ্গেৰৰ নানান মন্তব্যৰ পৰাই অধিক স্পষ্ট হৈ পৰিছে। জনৰোষত পৰাৰ বাবেই গান্ধী পৰিয়ালৰ পৰা কোনেও এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই যদিও খাৰ্গেক প্ৰক্ষেপ কৰি গান্ধী পৰিয়ালে কংগ্ৰেছৰ সভাপতি জনক নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰিছে বুলি বহুল চৰ্চা হৈছে। অৰ্থাৎ গান্ধী পৰিয়ালে মাছ বুলি নাখাই জিজি বুলি খাবলৈ ওলাইছে।

 এনে প্ৰেক্ষাপটতত শশী থাৰুৰে শেহতীয়াকৈ কৈছে  যে তেওঁৰ প্ৰতিদ্বন্দী মল্লিকাৰ্জুন খাৰ্গেক বহু ৰাজ্যিক গোটে আদৰণি জনাইছে।  ডাঙৰ নেতাসকল এতিয়া  খাৰ্গেৰ লগতে আছে , কিন্তু তেওঁক সকলো নেতাই এৰাই চলিছে।দৰাচলতে গান্ধী পৰিয়ালৰ অপ্ৰিয়ভাজন হৈ পৰাৰ ভয়তে বহু নেতাই এতিয়া খাৰ্গেৰ সংগ দিছে। এনেও শশী থাৰুৰে গান্ধী পৰিয়ালৰ বিৰুদ্ধে মুকলিকৈয়ে বিদ্ৰোহ কৰিছিল। সেয়ে থাৰুৰৰ পক্ষত থাকিলে ৰাজনৈতিক লোকচানৰ সন্মুখীন হোৱাৰ ভয়তে বহু বাঘা বাঘা কংগ্ৰেছ নেতাই এতিয়া খাৰ্গেৰ লগ লাগিছে। 

থাৰুৰে কয় যে   তেওঁ কাৰো বিৰুদ্ধে কোনো অভিযোগ কৰা নাই, কিন্তু ২২ বছৰ ধৰি দলটোত নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰ বাবে ব্যৱস্থাটোত ত্ৰুটি ধৰা পৰিছিল।থাৰুৰে এয়াও কয় যে কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ মুৰব্বী মধুসূদন মিস্ত্ৰীয়ে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছে। থাৰুৰে কালি দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠককত মিলিত হৈ   নিজৰ বাবে ভোট বিচাৰিছিল। বৈঠকত  প্ৰাক্তন সাংসদ সন্দীপ দীক্ষিত, দিল্লী মহিলা কংগ্ৰেছৰ সভানেত্ৰী অমৃতা ধাৱান আৰু আন কেইজনমান প্ৰতিনিধি উপস্থিত আছিল।

তিৰুৱন্তপুৰমৰ লোকসভাসদস্য ৬৬ বছৰীয়া থাৰুৰে সাংবাদিকক কয়, "মই মিস্ত্ৰী চাহাবৰ বিৰুদ্ধে একো ক'ব নিবিচাৰো। প্ৰণালীটোত কিছুমান ত্ৰুটি আছে, কিয়নো ২২ বছৰ ধৰি নিৰ্বাচন অনুষ্ঠিত হোৱা নাই," ।
তেওঁ লগতে কয় "আমাক ৩০ ছেপ্টেম্বৰত প্ৰথম তালিকা (প্ৰতিনিধিসকলৰ) আৰু তাৰ পিছত এসপ্তাহ আগতে এখন তালিকা দিয়া হৈছিল। প্ৰথম তালিকাত কোনো ফোন নম্বৰ নাছিল।

তেনে পৰিস্থিতিত আপুনি প্ৰতিনিধিসকলৰ সৈতে কেনেদৰে যোগাযোগ কৰিব? পিছত ফোন নম্বৰ পোৱা গৈছিল। দুয়োখন তালিকাৰ মাজত কিছু পাৰ্থক্য আছিল। এই   ইয়াক ইচ্ছাকৃত বুলি ক’ব খোজা নাই। সমস্যাটো হ'ল যে আমাৰ দলত বহু বছৰ ধৰি নিৰ্বাচন অনুষ্ঠিত হোৱা নাই, সেয়ে কিছুমান ভুল  হৈছে," । 
উল্লেখ্য কংগ্ৰেছ সভাপতি পদৰ বাবে ভোটগ্ৰহণ ১৭ অক্টোবৰত অনুষ্ঠিত হ'ব আৰু ভোটগণনা ১৯ অক্টোবৰত অনুষ্ঠিত হ'ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক