--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কংগ্ৰেছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া দলটোৰ ভিতৰত "আনুগত্য বনাম যোগ্যতা " ৰ যুঁজ অব্যাহত আছে বুলি বহুতে ধাৰণা কৰিছে। ছোনিয়া গান্ধীৰ ৰাবাৰ ষ্টাম্প নহওঁ বুলি মাজে মাজে গোঁজৰণি দিয়া মল্লিকাৰ্জুন খাৰ্গেই এতিয়া মুকলিকৈয়ে ক'বলৈ লৈছে যে তেওঁ ছোনিয়া গান্ধীৰ ইচ্ছামতেহে কংগ্ৰেছৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছে। সাভাপতি নিৰ্বাচনত গান্ধী পৰিয়ালে পোনপটীয়াকৈ ভাগ নল'লেও যে সভাপতিক নিয়ন্ত্ৰণ কৰাৰ চাবিকাঠী গান্ধী পৰিয়ালে নিজৰ হাততে ৰাখিব সেই কথা বহুতেই অনুমাণ কৰিছিল। সেইবাবেই ছোনিয়া গান্ধীয়ে বিচাৰি আহিছে তেওঁৰ অনুগত কোনোৱা এজন কংগ্ৰেছৰ সভাপতি হওঁক।

কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰা মতে খাৰ্গেই   ছোনিয়া গান্ধীৰ 'ইচ্ছা'ত কংগ্ৰেছ সভাপতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। খাৰ্গেই অসমত দলৰ নেতাসকলক ভোট দিয়াৰ বাবে আবেদন জনাবলৈ আহিও  এই দাবী কৰা বুলি বহুতে কয়। সূত্ৰটোৱে প্ৰকাশ কৰা মতে খাৰ্গেই কংগ্ৰেছ সভাপতি পদৰ বাবে ছোনিয়াক দুটা বা তিনিটা নাম দিব বিচাৰিছিল। কিন্তু ছোনিয়াই তেওঁক কৈছিল যে  আন কাৰো নাম নালাগে। তেওঁ থাকিৱলেই হ'ব! কেৱল ছোনিয়াই নহয়, সমগ্ৰ গান্ধী পৰিয়ালৰ 'হাত' এই প্ৰবীণ ৰাজনীতিবিদজনৰ মূৰত আছে। সেই বাৰ্তা ইতিমধ্যে কংগ্ৰেছৰ ভিতৰত প্ৰচাৰো হৈছে।
এনে প্ৰচাৰে এতিয়া  শশী থাৰুৰক  যুঁজত বহু পিছ পেলাই দিছে। 

 এজন সুন্দৰ বক্তা, প্ৰখ্যাত লেখক হোৱা স্বত্বেও শশী থাৰুৰক ছোনিয়াই পছন্দ নকৰাৰ একমাত্ৰ কাৰণটোৱেই হ'ল তেওঁ গান্ধী পৰিয়ালৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰিছিল।  খাৰ্গেই পিছে ছোনিয়াই তেওঁক সমৰ্থন কৰাৰ কথাটো পোহৰলৈ আহিবলৈ দিব বিচৰা নাই। সেয়ে তেওঁ ঠায়ে ঠায়ে গোটেই বিষয়টো এটা উৰাবাতৰি হিচাপে খাৰিজ কৰিছে। খাৰ্গেই কৈ আহিছে "এই উৰাবাতৰিবোৰ কংগ্ৰেছ দল, ছোনিয়া গান্ধী আৰু তেওঁক বদনাম কৰিবলৈ প্ৰচাৰ কৰা হৈছে। ছোনিয়া গান্ধীয়ে সভাপতি  পদৰ বাবে মোৰ নাম প্ৰস্তাৱ কৰিছে, এয়া সকলো উৰাবাতৰি, মই কেতিয়াও এয়া  কোৱা নাছিলো" । ইপিনে থাৰুৰ নতুন প্ৰজন্মৰ ভোটাৰসকলৰ মাজত অধিক জনপ্ৰিয়।  সামাজিক মাধ্যমত থকা থাৰুৰৰ  'অনুসৰণকাৰী'ৰ সংখ্যাৰ পৰাই এই কথা  স্পষ্ট হৈ পৰিছে। কিন্তু এআইচিচিৰ প্ৰতিনিধিৰ তালিকাত  নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ সংখ্যা তেনেই নগণ্য। তাত থকা সকলৰ এটা ডাঙৰ অংশই  'পাৰিবাৰিক পৰম্পৰা' ৰক্ষা  কৰি ছোনিয়াৰ ইচ্ছাকেই পূৰণ কৰাৰ চেষ্টা চলাব।ফলস্বৰূপে, নিৰ্বাচনৰ ফলাফল কেনে হ'ব পাৰে সেয়া বহুতেই আগতীয়াকৈ অনুমান কৰি লৈছে।

 কংগ্ৰেছ নেতাসকলৰ এটা অংশই অনুভৱ কৰে যে থাৰুৰৰ "দক্ষতা" আৰু "পৰিচয়" হৈছে কংগ্ৰেছ সভাপতি নিৰ্বাচনত তেওঁৰ মুখ্য বাধা। তেওঁ সুন্দৰ, বক্তা, প্ৰখ্যাত লেখক। কংগ্ৰেছৰ ঘনিষ্ঠ  লোকসকলৰ মতে এইকাৰণেই ৰাহুলে কংগ্ৰেছ সভাপতি পদৰ বাবে এজন  থাৰুৰৰ নাম প্ৰত্যাখ্যান কৰিছিল। এই পদৰ বাবে জ্যেষ্ঠ, অভিজ্ঞ আৰু অনুগত ৰাজনীতিককহে গান্ধী পৰিয়ালে বিচাৰে। গান্ধী পৰিয়ালৰ সমৰ্থন ইতিমধ্যে স্পষ্ট হোৱাৰ পিছত ৰাজ্যসমূহত  খাৰ্গেৰ সপক্ষে কংগ্ৰেছ নেতাসকলৰ সমৰ্থনৰ ঢৌ উঠিছে। খাৰ্গেক সমৰ্থন কৰা নেতাসকলৰ তালিকাখনত 'বিদ্ৰোহী' জি-২৩ গোটৰ নে ভূপেন্দ্ৰ সিং হুডা, পৃথ্বীৰাজ চৱন, মনীষ তিৱাৰীৰ দৰে নেতাও  আছে। দুবছৰ আগতে এইসকল নেতাই থাৰুৰৰ  সৈতে হাত মিলাইছিল আৰু কংগ্ৰেছৰ ভিতৰত সংস্কাৰৰ দাবী কৰিছিল।

কৰ্ণাটক আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও মন্ত্ৰালয়ত কাৰ্যনিৰ্বাহ কৰাৰ পিছতো   খাৰ্গেই কেতিয়াও নিজৰ "নিজৰ পৰিচয়" দৃঢ কৰিবলৈ সক্ষম হোৱা নাই। ৰে'ল মন্ত্ৰীৰ বাহিৰে দ্বিতীয় ইউপিএ চৰকাৰৰ অন্তিম ১১ মাহত তেওঁ কোনো গুৰুত্বপূৰ্ণ পদ লাভ কৰা নাছিল। তিনিবাৰ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীপদৰ দাবীদাৰ হোৱা স্বত্বেও তেওঁক বৰ্খাস্ত কৰিব লগা হৈছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ কৰ্ণাটকৰ পৰা  জয়ী হৈছিল আৰু লোকসভাত কংগ্ৰেছৰ নেতা হৈছিল। কিন্তু ২০১৯  চনত  তেওঁ গান্ধী পৰিয়ালৰ পক্ষত থাকিও  ৰাজ্যসভাৰ নিৰ্বাচনত  পৰাজিত হৈছিল। আনকি ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা হিচাপেও খাৰ্গে যোৱা চাৰে তিনি বছৰত স্বকীয়তাৰ প্ৰভাৱ পেলাব পৰা নাই। অৱশ্যে তেওঁ সদায়ে হাইকমাণ্ডৰ প্ৰতি অনুগত হৈ আহিছে। ফলস্বৰূপেযদি তেওঁ সভাপতি হয়, দলটো চলোৱাৰ 'চাবিকাঠি' পিছে হ'ব  গান্ধী পৰিয়াল। 

থাৰুৰ আন্তৰ্জাতিকভাবে পৰিচিত। তেওঁ ৰাষ্ট্ৰসংঘৰ এজন প্ৰাক্তন আণ্ডাৰ-চেক্ৰেটেৰী হিচাপে জনাজাত। ২০০৬ চনত তেওঁ ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ নিৰ্বাচনৰ যুঁজতো  আছিল। অৱশেষত দক্ষিণ কোৰিয়াৰ বান কি-মুনে কফি আন্নানে থাৰুৰক মাত্ৰ চাৰিটা ভোটত পৰাস্ত কৰিছিল। মাত্ৰ ডেৰ দশকৰ ৰাজনৈতিক কেৰিয়াৰত থাৰুৰৰ নিৰ্বাচনী সফলতাও ঈৰ্ষণীয়। থাৰুৰে ২০০৯ চনৰ পৰা একেৰাহে তিনিবাৰকৈ কেৰালাৰ তিৰুৱন্তপুৰম লোকসভা আসনত জয়লাভ কৰিছিল। মনমোহন সিঙৰ চৰকাৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে থাৰুৰে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক