--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ ৫৬ খন আসনৰ বাবে নিৰ্বাচন সমাগত। বিজেপি সভাপতি জে পি নাড্ডাই এইবেলি  গুজৰাটৰ পৰা বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাবে থিয় দিব। একেদৰে গেৰুৱা দলটোৱে মহাৰাষ্ট্ৰৰ পৰা প্ৰাক্তন কংগ্ৰেছ নেতা অশোক চৱনক ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৱনে  সোমবাৰে কংগ্ৰেছ ত্যাগ কৰিছিল। তেওঁ মঙলবাৰে বিজেপিত যোগদান কৰিছিল।

 ভাৰতীয় জনতা পাৰ্টীয়ে বুধবাৰে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথম খন তালিকা প্ৰকাশ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই গুজৰাটৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ নেতা অশোক চৱনকো ৰাজ্যখনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। শাসকীয় দলটোৱে  মোদীৰ ৰাজ্য গুজৰাটৰ  বাকী তিনিখন আসনৰ বাবেও প্ৰাৰ্থীৰ  নাম প্ৰকাশ কৰিছে। তেওঁলোক হৈছে গোবিন্দভাই ঢোলাকিয়া, মায়াংকভাই নায়েক আৰু যশৱন্ত সিং ছালাম সিং পাৰমাৰ। বিজেপিয়ে মহাৰাষ্ট্ৰৰ আন দুখন আসনৰ বাবে মেধা কুলকাৰ্ণী আৰু অজিত গোপাচ্চদেক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।     

উল্লেখ্য  দেশৰ ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভাৰ আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে জানুৱাৰীত ৰাজ্যসভাৰ এই ৫৬ খন আসনৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছিল। পশ্চিম বংগৰ পাঁচখন আসনো তালিকাত আছে। এই ৫৬ খন আসনৰ ভোটগ্ৰহণ ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। পশ্চিম বংগৰ উপৰি ২৭ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান, কৰ্ণাটক, উত্তৰাখণ্ড, ছত্তীশগড়, উৰিষ্যা, হাৰিয়ানা আৰু হিমাচল প্ৰদেশতো ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ