--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ ৫৬ খন আসনৰ বাবে নিৰ্বাচন সমাগত। বিজেপি সভাপতি জে পি নাড্ডাই এইবেলি  গুজৰাটৰ পৰা বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাবে থিয় দিব। একেদৰে গেৰুৱা দলটোৱে মহাৰাষ্ট্ৰৰ পৰা প্ৰাক্তন কংগ্ৰেছ নেতা অশোক চৱনক ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৱনে  সোমবাৰে কংগ্ৰেছ ত্যাগ কৰিছিল। তেওঁ মঙলবাৰে বিজেপিত যোগদান কৰিছিল।

 ভাৰতীয় জনতা পাৰ্টীয়ে বুধবাৰে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথম খন তালিকা প্ৰকাশ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই গুজৰাটৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ নেতা অশোক চৱনকো ৰাজ্যখনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। শাসকীয় দলটোৱে  মোদীৰ ৰাজ্য গুজৰাটৰ  বাকী তিনিখন আসনৰ বাবেও প্ৰাৰ্থীৰ  নাম প্ৰকাশ কৰিছে। তেওঁলোক হৈছে গোবিন্দভাই ঢোলাকিয়া, মায়াংকভাই নায়েক আৰু যশৱন্ত সিং ছালাম সিং পাৰমাৰ। বিজেপিয়ে মহাৰাষ্ট্ৰৰ আন দুখন আসনৰ বাবে মেধা কুলকাৰ্ণী আৰু অজিত গোপাচ্চদেক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।     

উল্লেখ্য  দেশৰ ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভাৰ আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে জানুৱাৰীত ৰাজ্যসভাৰ এই ৫৬ খন আসনৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছিল। পশ্চিম বংগৰ পাঁচখন আসনো তালিকাত আছে। এই ৫৬ খন আসনৰ ভোটগ্ৰহণ ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। পশ্চিম বংগৰ উপৰি ২৭ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান, কৰ্ণাটক, উত্তৰাখণ্ড, ছত্তীশগড়, উৰিষ্যা, হাৰিয়ানা আৰু হিমাচল প্ৰদেশতো ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ