--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰ’জ ডে অৰ্থাৎ গোলাপ দিৱস। ৭ ফেব্ৰুৱাৰীৰ পৰা গোলাপ দিৱসৰ পৰা আৰম্ভ হৈছে ভেলেণ্টাইন সপ্তাহ। আজিৰ দিনটোত মানুহে নিজৰ আপোনজনক গোলাপ ফুল দি নিজৰ অনুভৱ প্ৰকাশ কৰে। ভেলেণ্টাইন উইক হওক বা প্ৰেম, গোলাপৰ নিজস্ব তাৎপৰ্য আছে। এই ফুলপাহে মানুহক মোহিত কৰাই নহয়, ই প্ৰেম আৰু ৰোমাঞ্চৰ প্ৰতীক হিচাপেও বিখ্যাত। আজিৰ দিনটোত গোলাপ ফুলৰ চাহিদা বৰ বেছি, যাৰ বাবে ইয়াৰ দাম বৃদ্ধি পায়। আটাইতকৈ সস্তা গোলাপপাহো আজিৰ দিনটোত দামী হৈ পৰে। পৃথিৱীৰ আটাইতকৈ দামী গোলাপ ফুলবিধৰ কথা আপুনি জানেনে? 
Juliet Rose Flower - Topperone
বিশ্বজুৰি ১৬টা ভিন্ন ৰঙৰ গোলাপ ফুল পোৱা যায়। প্ৰতিটো গোলাপ ফুলৰ প্ৰজাতি নিজস্ব ধৰণেৰে অনন্য আৰু বিশেষ। ইয়াৰে বহুতো সুগন্ধি আৰু সৌন্দৰ্য্যৰ বাবে বিখ্যাত। জুলিয়েট গোলাপ পৃথিৱীৰ আটাইতকৈ দামী গোলাপ। এই গোলাপ ফুলৰ খৰচ অনুমান কৰিব পাৰিবনে? নিশ্চয় নোৱাৰে। আপোনালোকক জনাও যে জুলিয়েট গোলাপৰ দাম ইমানেই বেছি যে ধনী মানুহেও কিনিব নোৱাৰে। প্ৰতিদিনে বহুত ঘাম ওলোৱা কষ্ট কৰাৰ পাছত ১৫ বছৰত মাত্ৰ এবাৰেই ফুলে জুলিয়েট গোলাপ। সেইবাবেই এই গোলাপৰ দাম ১১২ কোটি টকা।
Juliet Rose Wallpapers HD Android के लिए APK डाउनलोड करें
ডেভিদ অষ্টিন নামৰ এজন ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে জুলিয়েট গোলাপৰ খেতি আৰম্ভ কৰিছিল। তেওঁ বেলেগ ধৰণেৰে ইয়াৰ লালন-পালন কৰিবলৈ চেষ্টা কৰিলে। অষ্টিনে কেইবাবিধো গোলাপ মিহলাই নতুন প্ৰকাৰৰ গোলাপ প্ৰস্তুত কৰি নাম দিছিল জুলিয়েট। এই গোলাপ ফুলৰ খেতি কৰিবলৈ ১৫ বছৰ সময় লাগে। এই ফুল প্ৰথম বিশ্বৰ সন্মুখত আহিছিল ২০০৬ চনত। সেই সময়ত এই গোলাপৰ দাম আছিল ৯০ কোটি টকা। জুলিয়েট গোলাপৰ গোন্ধ অতি মনোমোহা আৰু আকৰ্ষণীয়। কোনো দামী ব্ৰেণ্ডৰ পাৰফিউমতকৈ কোনো গুণে কম নহয় জুলিয়েট গোলপাৰ সুবাস। সেয়েহে ধনকুূবেৰসকলে ১৫ বছৰ হলেও অপেক্ষা কৰে এই জুলিয়েট গোলপাৰ বাবে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়