--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত এক গাড়ী দুৰ্ঘটনাত মৃত্যু হয় চাইৰাছ মিস্ত্ৰীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ। মুম্বাইৰ সংলগ্ন পালঘৰ জিলাত মিস্ত্ৰীৰ বিলাসী গাড়ীখনে ডিভাইডাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

বিলাসী গাড়ী নিৰ্মাতা কোম্পানী মাৰ্চিডিজ কোম্পানীয়ে বৃহস্পতিবাৰে ব্যৱসায়িক টাইকুন তথা টাটা সন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ মৃত্যুৰ তদন্ত প্ৰতিবেদন পালঘৰ আৰক্ষীক দাখিল কৰে। কোম্পানীটোৱে নিজৰ প্ৰতিবেদনত জনাইছে যে দুৰ্ঘটনাৰ মাত্ৰ পাঁচ ছেকেণ্ড পূৰ্বে চাইৰাছ মিস্ত্ৰী বহি থকা গাড়ীখনে প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ বেগত যাত্ৰা কৰিছিল। একে সময়তে আঞ্চলিক পৰিবহণ কাৰ্যালয়েও আৰক্ষীক দাখিল কৰিছে প্ৰাথমিক প্ৰতিবেদন।

আন তিনিজন লোকৰ সৈতে এখন মাৰ্চিডিজ গাড়ীত উঠিছিল চাইৰাছ মিস্ত্ৰী । গাড়ীখন চলাই আছিল অনাহিতা পাণ্ডোলে। হঠাতে গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ পিছতে গাড়ীখন ডিভাইডাৰৰ লগত খুন্দা মাৰে। দুৰ্ঘটনাৰ সময়ত গাড়ীৰ পিছৰ চিটত বহি আছিল চাইৰাছ মিস্ত্ৰী আৰু জেহাংগীৰ পাণ্ডোল। এই দুৰ্ঘটনাত ৰক্ষা পৰিছে অনাহিতা পাণ্ডোল আৰু তেওঁৰ স্বামী দাৰিয়াছ পাণ্ডোলৰ জীৱন। যি সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সেই সময়তে মিস্ত্ৰী আৰু দাৰিয়াছৰ ভাতৃ জাহাংগীৰ পাণ্ডোলেৰ মৃত্যু হয়।

আনহাতে অন্য এক প্ৰতিবেদন অনুসৰি মাৰ্চিডিজ কোম্পানীয়ে নিজৰ প্ৰতিবেদনত কয় যে দুৰ্ঘটনাৰ পাঁচ ছেকেণ্ড পূৰ্বে গাড়ীখনৰ গতিবেগ আছিল ১০০ কিলোমিটাৰ  (কিলোমিটাৰ প্ৰতি ঘণ্টা)। অনাহিতাৰ ফালৰ পৰা ব্ৰেক লগোৱাৰ পাছত গাড়ীৰ গতিবেগ ঘণ্টাত ৮৯ কিলোমিটাৰলৈ হ্ৰাস কৰা হৈছিল, তেতিয়ালৈকে গাড়ীখনৰ সংঘৰ্ষ হৈছিল। গাড়ীখন ঘণ্টাত ১০০ কিলোমিটাৰ বেগত গাড়ী চলোৱাৰ সময়ত অনাহিতাই ব্ৰেক লগাইছে নেকি বুলি আৰক্ষীয়ে কোম্পানীটোক প্ৰশ্ন কৰাৰ লগতে গাড়ীখনত কিমানবাৰ ব্ৰেক লগোৱা হৈছে বুলিও প্ৰশ্ন কৰে।

এই ঘটনা সন্দৰ্ভত অধিক তথ্য সংগ্ৰহ কৰিবলৈ মাৰ্চিডিজ কোম্পানীয়ে ১২ ছেপ্টেম্বৰত গাড়ীখন নিজৰ শ্ব’ৰুমলৈ লৈ যাব। হংকঙৰ পৰা এটা দল আহি গাড়ীখন পৰিদৰ্শন কৰিব আৰু তাৰ পিছত বিশদ প্ৰতিবেদন দাখিল কৰিব। হংকঙৰ দলটোৱে ভিছাৰ বাবে আবেদন কৰিছে আৰু যদিহে অহা ৪৮ ঘণ্টাত দলটো নাহে তেন্তে ভাৰতৰ পৰা এটা দলে বাহনখন পৰীক্ষা কৰি তাৰ পিছত ইয়াৰ সন্দৰ্ভত বিশদ প্ৰতিবেদন দিব।

একে সময়তে আঞ্চলিক পৰিবহণ কাৰ্যালয়ে নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাহনখনত মুঠ চাৰিটা এয়াৰবেগ খোলা আছিল। চাৰিওটা এয়াৰবেগ আছিল কেৱল সন্মুখৰ আসনত বহা যাত্ৰীৰ বাবে। ঘটনাৰ সময়ত খোলা থকা চাৰিটা এয়াৰবেগৰ ভিতৰত এটা এয়াৰবেগ খোলা আছিল চালকৰ মূৰৰ আগত, চালকৰ আঁঠুত আৰু চালকৰ মূৰৰ ওপৰত। একে সময়তে ড্ৰাইভাৰৰ কাষৰ আসনৰ এয়াৰবেগটোও খোলা আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু