--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত এক গাড়ী দুৰ্ঘটনাত মৃত্যু হয় চাইৰাছ মিস্ত্ৰীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ। মুম্বাইৰ সংলগ্ন পালঘৰ জিলাত মিস্ত্ৰীৰ বিলাসী গাড়ীখনে ডিভাইডাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

বিলাসী গাড়ী নিৰ্মাতা কোম্পানী মাৰ্চিডিজ কোম্পানীয়ে বৃহস্পতিবাৰে ব্যৱসায়িক টাইকুন তথা টাটা সন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ মৃত্যুৰ তদন্ত প্ৰতিবেদন পালঘৰ আৰক্ষীক দাখিল কৰে। কোম্পানীটোৱে নিজৰ প্ৰতিবেদনত জনাইছে যে দুৰ্ঘটনাৰ মাত্ৰ পাঁচ ছেকেণ্ড পূৰ্বে চাইৰাছ মিস্ত্ৰী বহি থকা গাড়ীখনে প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ বেগত যাত্ৰা কৰিছিল। একে সময়তে আঞ্চলিক পৰিবহণ কাৰ্যালয়েও আৰক্ষীক দাখিল কৰিছে প্ৰাথমিক প্ৰতিবেদন।

আন তিনিজন লোকৰ সৈতে এখন মাৰ্চিডিজ গাড়ীত উঠিছিল চাইৰাছ মিস্ত্ৰী । গাড়ীখন চলাই আছিল অনাহিতা পাণ্ডোলে। হঠাতে গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ পিছতে গাড়ীখন ডিভাইডাৰৰ লগত খুন্দা মাৰে। দুৰ্ঘটনাৰ সময়ত গাড়ীৰ পিছৰ চিটত বহি আছিল চাইৰাছ মিস্ত্ৰী আৰু জেহাংগীৰ পাণ্ডোল। এই দুৰ্ঘটনাত ৰক্ষা পৰিছে অনাহিতা পাণ্ডোল আৰু তেওঁৰ স্বামী দাৰিয়াছ পাণ্ডোলৰ জীৱন। যি সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সেই সময়তে মিস্ত্ৰী আৰু দাৰিয়াছৰ ভাতৃ জাহাংগীৰ পাণ্ডোলেৰ মৃত্যু হয়।

আনহাতে অন্য এক প্ৰতিবেদন অনুসৰি মাৰ্চিডিজ কোম্পানীয়ে নিজৰ প্ৰতিবেদনত কয় যে দুৰ্ঘটনাৰ পাঁচ ছেকেণ্ড পূৰ্বে গাড়ীখনৰ গতিবেগ আছিল ১০০ কিলোমিটাৰ  (কিলোমিটাৰ প্ৰতি ঘণ্টা)। অনাহিতাৰ ফালৰ পৰা ব্ৰেক লগোৱাৰ পাছত গাড়ীৰ গতিবেগ ঘণ্টাত ৮৯ কিলোমিটাৰলৈ হ্ৰাস কৰা হৈছিল, তেতিয়ালৈকে গাড়ীখনৰ সংঘৰ্ষ হৈছিল। গাড়ীখন ঘণ্টাত ১০০ কিলোমিটাৰ বেগত গাড়ী চলোৱাৰ সময়ত অনাহিতাই ব্ৰেক লগাইছে নেকি বুলি আৰক্ষীয়ে কোম্পানীটোক প্ৰশ্ন কৰাৰ লগতে গাড়ীখনত কিমানবাৰ ব্ৰেক লগোৱা হৈছে বুলিও প্ৰশ্ন কৰে।

এই ঘটনা সন্দৰ্ভত অধিক তথ্য সংগ্ৰহ কৰিবলৈ মাৰ্চিডিজ কোম্পানীয়ে ১২ ছেপ্টেম্বৰত গাড়ীখন নিজৰ শ্ব’ৰুমলৈ লৈ যাব। হংকঙৰ পৰা এটা দল আহি গাড়ীখন পৰিদৰ্শন কৰিব আৰু তাৰ পিছত বিশদ প্ৰতিবেদন দাখিল কৰিব। হংকঙৰ দলটোৱে ভিছাৰ বাবে আবেদন কৰিছে আৰু যদিহে অহা ৪৮ ঘণ্টাত দলটো নাহে তেন্তে ভাৰতৰ পৰা এটা দলে বাহনখন পৰীক্ষা কৰি তাৰ পিছত ইয়াৰ সন্দৰ্ভত বিশদ প্ৰতিবেদন দিব।

একে সময়তে আঞ্চলিক পৰিবহণ কাৰ্যালয়ে নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাহনখনত মুঠ চাৰিটা এয়াৰবেগ খোলা আছিল। চাৰিওটা এয়াৰবেগ আছিল কেৱল সন্মুখৰ আসনত বহা যাত্ৰীৰ বাবে। ঘটনাৰ সময়ত খোলা থকা চাৰিটা এয়াৰবেগৰ ভিতৰত এটা এয়াৰবেগ খোলা আছিল চালকৰ মূৰৰ আগত, চালকৰ আঁঠুত আৰু চালকৰ মূৰৰ ওপৰত। একে সময়তে ড্ৰাইভাৰৰ কাষৰ আসনৰ এয়াৰবেগটোও খোলা আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ