--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰথত উঠি বেণ্ডৱেগন লৈ চৰকাৰী বিষয়াৰ ওচৰ পালেগৈ ১০২ বছৰীয়া দুলি চান্দে। ৰোহতক জিলাৰ গান্ধৰা গাঁৱৰ বাসিন্দা দুলি চান্দক মৃত ঘোষণা কৰি চলিত বৰ্ষৰ মাৰ্চ মাহত তেওঁৰ পেঞ্চন বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ পাছত বৃদ্ধজনে নিজকে জীয়াই থকা বুলি প্ৰমাণ কৰিবলৈ এক অদ্ভুত পদ্ধতি গ্ৰহণ কৰিলে।

হয়, হাৰিয়ানাৰ ৰোহতক জিলাত মৃত ঘোষণা কৰাৰ পাছত এজন ১০২ বছৰীয়া লোকে নিজকে জীৱিত প্ৰমাণ কৰিবলৈ এক অনন্য ধৰণেৰে শোভাযাত্ৰা উলিয়ায়  । বয়োজ্যেষ্ঠ লোক দুলি চান্দে এখন সুসজ্জিত ৰথত উঠি বেণ্ডৱেগনৰ চৰকাৰী বিষয়াৰ ওচৰ পালেগৈ। ৰোহতক জিলাৰ গান্ধৰা গাঁৱৰ বাসিন্দা দুলি চান্দক কাগজত মৃত ঘোষণা কৰি চলিত বৰ্ষৰ মাৰ্চ মাহত তেওঁৰ পেঞ্চন বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ পাছত বৃদ্ধজনে নিজকে জীয়াই থকা বুলি প্ৰমাণ কৰিবলৈ এক অদ্ভুত পদ্ধতি গ্ৰহণ কৰিলে। দৰাৰ দৰে নোটৰ মালা পিন্ধি এই শোভাযাত্ৰা উলিয়াই ৰাজ্য চৰকাৰক পুনৰ পেঞ্চন আৰম্ভ কৰিবলৈ দাবী জনায়।

আম আদমী পাৰ্টীৰ প্ৰাক্তন হাৰিয়ানাৰ ইউনিটৰ মুৰব্বী নবীন জয়হিন্দে কয় যে চৰকাৰী ৰেকৰ্ডত দুলি চান্দৰ মৃত্যু হোৱা দেখা গৈছে আৰু তেওঁৰ বৃদ্ধ পেঞ্চন বন্ধ কৰা হৈছে। দুলি চান্দৰ লগত যোৱা জয়হিন্দে কয় যে ১০২ বছৰীয়া এই লোকজন জীয়াই আছে আৰু সেই কথা প্ৰমাণ কৰিবলৈ তেওঁৰ হাতত আছে আধাৰ কাৰ্ড, ফেমিলি আইডি আৰু বেংক ষ্টেটমেন্ট।

দুলি চান্দ আৰু তেওঁৰ সমৰ্থকসকলেও চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ পথত প্লেকাৰ্ড লৈ গৈছিল, তাৰে এখনত লিখা আছিল ‘থাৰা ফুফা অভি জিন্দা হায়’ (১০২ বছৰ)। তেওঁলোকৰ যশস্বী যাত্ৰাৰ শেষত দুলি চান্দ আৰু জয়হিন্দে প্ৰাক্তন মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ নেতা মনীষ গ্ৰ’ভাৰক সাক্ষাৎ কৰি পেঞ্চন পুনৰুদ্ধাৰৰ দাবীত তেওঁলোকৰ কাগজ-পত্ৰ দেখুৱায় বুলি জানিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement