--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ১৩ দিনৰ বাবে বন্ধ থাকিব দেশৰ বেংকসেৱা৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেলেণ্ডাৰ অনুসৰি মাৰ্চ মাহত ১৩ দিনৰ বাবে বন্ধ ৰখা হ'ব দেশৰ বেংকসেৱা৷ ৰাষ্ট্ৰীয় বন্ধৰ উপৰি দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ আৰু লগতে দেওবাৰসমূহো যোগ কৰা হৈছে। বেংকৰ গ্ৰাহকসকলে যিকোনো বেংকিং কাৰ্যকলাপৰ বাবে শাখালৈ যোৱাৰ আগতে বেংক বন্ধৰ তালিকাখন চোৱাৰ প্ৰয়োজন। আগৰতলা, আইজল, চেন্নাই, গেংটক, গুৱাহাটী, ইম্ফলৰ বাহিৰে মহাশিৱৰাত্ৰিৰ বাবে বেছিভাগ চহৰত ১ মাৰ্চত বেংকসমূহ বন্ধ থাকিব। কলকাতা, নতুন দিল্লী, পানাজী, পাটনা, আৰু শ্বিলং৷ ৩ মাৰ্চত গেংটকত বন্ধ থাকিব বেংক সেৱা৷ কিয়নো চহৰখনে লোছাৰৰ বাবে বন্ধ পালন কৰিব চহৰখনে। চাপচাৰ কুটৰ বাবে আইজলৰ বেংকসমূহ ৪ মাৰ্চত বন্ধ থাকিব। ১৭ মাৰ্চত ফাকুৱাৰ বাবে, বেংকবোৰ ডেৰাডুন, কানপুৰ, লক্ষ্ণৌ আৰু ৰাঁচীত বন্ধ থাকিব। একেদৰে, ফাকুৱাৰ দ্বিতীয়টো দিন পালন কৰিবলৈ ১৯ মাৰ্চত ভুৱনেশ্বৰ, ইম্ফল আৰু পাটনাত বেংকবোৰ বন্ধ থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি তিনি ধৰণৰ বন্ধ উল্লেখ কৰা আছে আৰু সেইবোৰ নিম্নলিখিত ধৰণৰ- * নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্টৰ অধীনত বন্ধৰ দিন * নেগোচিয়েবল ইনষ্ট্ৰুমেণ্টএক্ট আৰু ৰিয়েল-টাইম গ্ৰছ ছেটেলমেণ্ট হলিডেৰ অধীনত বন্ধৰ দিন * বেংকসমূহৰ একাউণ্ট ক্লজিঙৰ বাবে এই বৰ্ষত মাৰ্চ মাহত বেংকৰ বন্ধৰ সম্পূৰ্ণ তালিকা- ১ মাৰ্চ: মহাশিৱৰাত্ৰি ৩ মাৰ্চ: লোছাৰ ৪ মাৰ্চ: চাপচাৰ কুট ১৭ মাৰ্চ : হোলি ১৮ মাৰ্চ : দৌলযাত্ৰা ১৯ মাৰ্চ : হোলীৰ দ্বিতীয় দিন ২২ মাৰ্চ : বিহাৰ দিৱস শনিবাৰে আৰু দেওবাৰৰ তালিকা বন্ধৰ তাৰিখসমূহ এনেধৰণৰ- ৬ মাৰ্চ : দেওবাৰ ১২ মাৰ্চ : দ্বিতীয় শনিবাৰ ১৩ মাৰ্চ : দেওবাৰ ২০ মাৰ্চ : দেওবাৰ ২৬ মাৰ্চ : চতুৰ্থ শনিবাৰ ২৭ মাৰ্চ : দেওবাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়