--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ উন্মোচিত দেশৰ শিক্ষা ব্যৱস্থাৰ এক পয়ালগা স্বৰূপ৷চৰকাৰী তথ্য অনুসৰি ২০২১-২২ চনত ৰাষ্ট্ৰীয় গড় ১২.৬ শতাংশতকৈ মাধ্যমিক পৰ্যায়ত বিদ্যালয় এৰাৰ হাৰ অধিক হোৱা সাতখন ৰাজ্যৰ ভিতৰত গুজৰাট, বিহাৰ, কৰ্ণাটক, অসম আৰু পঞ্জাৱ অন্যতম হিচাপে চিহ্নিত হৈছে৷এই তথ্যসমূহ ২০২৩-২৪ বৰ্ষৰ বাবে "সৰ্বশিক্ষা" কাৰ্যসূচী ৰূপায়ণৰ বিষয়ে আলোচনা কৰিবলৈ শিক্ষা মন্ত্ৰালয়ৰ অধীনত অনুষ্ঠিত প্ৰকল্প অনুমোদন ব'ৰ্ডৰ বৈঠকৰ কাৰ্য্যবিৱৰণীৰ পৰা সংগ্ৰহ কৰা হৈছে।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে হোৱা বৈঠকসমূহ চলিত বৰ্ষৰ মাৰ্চৰ পৰা মে’ মাহৰ ভিতৰত অনুষ্ঠিত হৈছিল।বিষয়াসকলে জনোৱা মতে, ২০৩০ চনৰ ভিতৰত বিদ্যালয় পৰ্যায়ত ১০০ শতাংশ মুঠ নামভৰ্তিৰ হাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত চৰকাৰে ড্ৰপআউটক বাধা হিচাপে লয়।পিএবিৰ সভাৰ কাৰ্য্যবিৱৰণীৰ সবিশেষ তথ্য অনুসৰি ২০২১-২২ চনত মাধ্যমিক পৰ্যায়ত বিহাৰত ২০.৪৬ শতাংশ, গুজৰাটত ১৭.৮৫ শতাংশ, অসমত ২০.৩ শতাংশ, অন্ধ্ৰ প্ৰদেশত ১৬.৭ শতাংশ, পঞ্জাৱত ১৭.২ শতাংশ আছিল , মেঘালয়ত ২১.৭ শতাংশ আৰু কৰ্ণাটকত ১৪.৬ শতাংশ।

পশ্চিম বংগত যদিও ২০২০-২১ চনৰ পৰা ২০২১-২২ চনলৈ বিশেষকৈ প্ৰাথমিক পৰ্যায়ত ড্ৰপআউটৰ হাৰ যথেষ্ট উন্নত হৈছে, তথাপিও ড্ৰপআউটৰ হাৰ হ্ৰাস কৰাৰ বাবে আৰু মাধ্যমিক পৰ্যায়ত ৰিটেনচনৰ হাৰ উন্নত কৰাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন৷কেন্দ্রীয় শাসিত অঞ্চল দিল্লীত বিদ্যালয়ৰ বাহিৰত থকা শিশুসকলক পঢ়িবলৈ পুনৰ অনাৰ সবিশেষ  পৰ্টেলত আপলোড কৰিব লাগে বুলি এটা নথিত উল্লেখ কৰা হৈছে।

মধ্যপ্ৰদেশত মাধ্যমিক পৰ্যায়ত শিক্ষা বাদ দিয়াৰ হাৰ ২০২০-২১ চনত ২৩.৮ শতাংশৰ পৰা ২০২১-২২ চনত ১০.১ শতাংশলৈ হ্ৰাস পাইছে বুলি তথ্যত প্ৰকাশ পাইছে। ৰাজ্যখনে প্ৰতি বছৰে মোবাইল এপৰ সহায়ত কেন্দ্ৰীভূত ঘৰুৱা জৰীপৰ সৈতে বিশেষ নামভৰ্তি অভিযান চলায় বুলি উল্লেখ কৰা হৈছে।তথ্য অনুসৰি মহাৰাষ্ট্ৰত মাধ্যমিক পৰ্যায়ত বাৰ্ষিক গড় ড্ৰপআউটৰ হাৰ ২০২০-২০২১ চনত ১১.২ শতাংশৰ পৰা ২০২১-২০২২ চনত ১০.৭ শতাংশলৈ হ্ৰাস পাইছে। অৱশ্যে ৰাজ্যৰ পাঁচখন জিলাত শিক্ষা ত্যাগ কৰাৰ হাৰ ১৫ শতাংশ আৰু তাতকৈ অধিক।

ৰাজস্থানত ড্ৰপআউটৰ হাৰ, ধাৰাবাহিকভাৱে হ্ৰাস পাইছে, কিন্তু অনুসূচিত জনজাতি (ন শতাংশ) আৰু মুছলমান (১৮ শতাংশ) শিশুৰ মাজত ড্ৰপআউটৰ হাৰ এতিয়াও মাধ্যমিক পৰ্যায়ত “অতি উচ্চ” বুলি নথি-পত্ৰসমূহে প্ৰকাশ কৰিছে। যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ শিশু নিধি (ইউনিচেফ)ৰ সমীক্ষাত কোৱা হৈছে যে ভাৰতত ৩৩ শতাংশ ছোৱালীয়ে ঘৰুৱা কামৰ বাবে বিদ্যালয় এৰি দিয়ে। বহু ঠাইত এই কথাও পোৱা গৈছিল যে স্কুল এৰি যোৱাৰ পিছত ল’ৰা-ছোৱালীয়ে পৰিয়ালৰ সৈতে শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল বা মানুহৰ ঘৰ চাফা কৰিবলৈ আৰম্ভ কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement