--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ঘোষিত হ’ল উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ নাম৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাৰ্গাৰেট আলভা হ’ব উপ-ৰাষ্ট্ৰপতি পদৰ বিৰোধী দলৰ প্ৰাৰ্থী। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা চাৰিবাৰৰ ৰাজ্যপাল কংগ্ৰেছৰ মাৰ্গাৰেট আলভা ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ পচন্দৰ প্ৰাৰ্থী হিচাপে বিবেচিত হৈছে৷ প্ৰবীণ ৰাজনীতিবিদ শাৰদ পাৱাৰে আজি আবেলি বিৰোধী দলৰ বৈঠকৰ পাছত আনুষ্ঠানিকভাৱে ঘোষণা কৰে মাৰ্গাৰেটৰ নাম৷ এন.ডি.এ.-য়ে কালি বংগৰ ৰাজ্যপাল জগদীপ ধনখৰক এই পদৰ বাবে প্ৰাৰ্থী হিচাপে বাচনি কৰিছে।

আজি উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নাম ঘোষণাৰ অলপ পিছতে আলভাই টুইট কৰি লিখিছে, ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে মনোনীত হোৱাটো এক সৌভাগ্য আৰু সন্মানৰ বিষয়। মই অতি নম্ৰতাৰে এই মনোনয়ন গ্ৰহণ কৰিছোঁ আৰু বিৰোধী দলৰ নেতাসকলক তেওঁলোকে মোৰ ওপৰত কৰা বিশ্বাসৰ বাবে ধন্যবাদ জনাইছোঁ৷ 

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে টুইট কৰি কয়, প্ৰাক্তন ৰাজ্যপাল, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, দীৰ্ঘদিনীয়া সাংসদ আৰু ভাৰতৰ বিস্ময়কৰ বৈচিত্ৰ্যৰ অতি বিশিষ্ট প্ৰতিনিধি মাৰ্গাৰেট আলভা হৈছে উপ-ৰাষ্ট্ৰপতিৰ বাবে উমৈহতীয়া বিৰোধী প্ৰাৰ্থী।

৭৭ বছৰীয়া মাৰ্গাৰেট আলভাই গোৱাৰ ১৭সংখ্যক ৰাজ্যপাল, গুজৰাটৰ ২৩সংখ্যক ৰাজ্যপাল, ৰাজস্থানৰ ২০সংখ্যক ৰাজ্যপাল আৰু উত্তৰাখণ্ডৰ চতুৰ্থ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

পাঁচবাৰৰ সাংসদগৰাকীয়ে ৰাজীৱ গান্ধীৰ নেতৃত্বত চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ কাৰ্যকাল ১০ আগষ্টত সমাপ্ত হ’ব। বিজেপিৰ এজন প্ৰাক্তন সভাপতি নাইডু সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল।
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন ৬ আগষ্টত অনুষ্ঠিত হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
অবৈধ খননৰ বাবে অসমৰ বান 'মানৱসৃষ্ট': কংগ্ৰেছৰ অভিযোগ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তদন্তৰ দাবী