--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ঘোষিত হ’ল উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ নাম৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাৰ্গাৰেট আলভা হ’ব উপ-ৰাষ্ট্ৰপতি পদৰ বিৰোধী দলৰ প্ৰাৰ্থী। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা চাৰিবাৰৰ ৰাজ্যপাল কংগ্ৰেছৰ মাৰ্গাৰেট আলভা ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ পচন্দৰ প্ৰাৰ্থী হিচাপে বিবেচিত হৈছে৷ প্ৰবীণ ৰাজনীতিবিদ শাৰদ পাৱাৰে আজি আবেলি বিৰোধী দলৰ বৈঠকৰ পাছত আনুষ্ঠানিকভাৱে ঘোষণা কৰে মাৰ্গাৰেটৰ নাম৷ এন.ডি.এ.-য়ে কালি বংগৰ ৰাজ্যপাল জগদীপ ধনখৰক এই পদৰ বাবে প্ৰাৰ্থী হিচাপে বাচনি কৰিছে।

আজি উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নাম ঘোষণাৰ অলপ পিছতে আলভাই টুইট কৰি লিখিছে, ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে মনোনীত হোৱাটো এক সৌভাগ্য আৰু সন্মানৰ বিষয়। মই অতি নম্ৰতাৰে এই মনোনয়ন গ্ৰহণ কৰিছোঁ আৰু বিৰোধী দলৰ নেতাসকলক তেওঁলোকে মোৰ ওপৰত কৰা বিশ্বাসৰ বাবে ধন্যবাদ জনাইছোঁ৷ 

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে টুইট কৰি কয়, প্ৰাক্তন ৰাজ্যপাল, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, দীৰ্ঘদিনীয়া সাংসদ আৰু ভাৰতৰ বিস্ময়কৰ বৈচিত্ৰ্যৰ অতি বিশিষ্ট প্ৰতিনিধি মাৰ্গাৰেট আলভা হৈছে উপ-ৰাষ্ট্ৰপতিৰ বাবে উমৈহতীয়া বিৰোধী প্ৰাৰ্থী।

৭৭ বছৰীয়া মাৰ্গাৰেট আলভাই গোৱাৰ ১৭সংখ্যক ৰাজ্যপাল, গুজৰাটৰ ২৩সংখ্যক ৰাজ্যপাল, ৰাজস্থানৰ ২০সংখ্যক ৰাজ্যপাল আৰু উত্তৰাখণ্ডৰ চতুৰ্থ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

পাঁচবাৰৰ সাংসদগৰাকীয়ে ৰাজীৱ গান্ধীৰ নেতৃত্বত চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ কাৰ্যকাল ১০ আগষ্টত সমাপ্ত হ’ব। বিজেপিৰ এজন প্ৰাক্তন সভাপতি নাইডু সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল।
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন ৬ আগষ্টত অনুষ্ঠিত হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে