--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাঘ বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতে অসমৰ দুই জনপ্ৰিয় অভিনেতাৰ জীৱনলৈ আহিল দুঃসংবাদ। ভোগালী বিহুৰ দিনা পিতৃহাৰা হ’ল জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতম। আনহাতে আজি বৃহস্পতিবাৰে মাতৃহাৰা হ’ল উৎপল দাস। 

মঙলবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে ৰাগ ঐনিতম পিতৃ বিপিন চন্দ্ৰ বৰাই। কিছুদিন পূৰ্বে পিছলি পৰি কিছু পৰিমাণে অসুস্থ হৈছিল ৰাগ ঐনিতমৰ পিতৃ। জুন মাহত মাতৃহাৰা হৈছিল অভিনেতা ৰাগ ঐনিতম। মাতৃক হেৰুৱাৰ ছমাহ পাছতে পিতৃকো চিৰদিনলৈ হেৰুৱালে অভিনেতাগৰাকীয়ে।

উল্লেখ্য যে লংকাগাঁৱৰ লুটুমাৰীত চলি আছে ৰাজতিলক থিয়েটাৰ। আৰু মঙলবাৰে আছিল দ্বিতীয় নিশাৰ নাট। দ্বিতীয় নিশা নাট নিবেদন কৰিছিল অভিজিৎ ভট্টাচাৰ্যৰ ‘ৰাজপথৰ ৰাজকুমাৰী’।

পিতৃৰ বিয়োগৰ পিছতো মঙলবাৰে নিশা মঞ্চত অভিনয় কৰি গ’ল অভিনেতাগৰাকীয়ে। কাৰণ তেওঁৰ কান্ধত আছিল গধুৰ দায়িত্ব। পিতৃৰ নিথৰ দেহ ঘৰতে ৰাখি মঞ্চত অভিনয় কৰি গ’ল অভিনেতা ৰাগ ঐনিতমে।

আনহাতে জনপ্ৰিয় অভিনেতা উৎপল দাসেও মাতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিল। দীৰ্ঘদিনৰ পৰা শাৰীৰিক অসুস্থতাত ভূগি আছিল অভিনেতাগৰাকীৰ মাতৃ বিভা দাস। এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বিভা দাসৰ। 

আমিনগাঁও মধ্যম নিবাসী বিভা দাসৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬০বছৰ। 

মৃত্যুৰ সময়ত দুগৰাকী পুত্ৰ সন্তান আৰু এগৰাকী কন্যাক সন্তানক ইহসংসাৰত এৰি থৈ যায় বিভা দাসে। মাতৃৰ বিয়োগৰ শোকৰ মাজতে নগাঁৱৰ ৰহাত থিয়েটাৰ সূৰ্য্যৰ মঞ্চত অভিনয় কৰিব লাগিব উৎপল দাসে। 

সঁচাকৈয়ে জীৱনটোৱেই যেন অভিনয়ৰ মঞ্চ, আমি তাৰে একো একোজন ভাৱৰীয়া। দায়িত্ব পূৰণৰ বাবেই দুয়োগৰাকী অভিনেতাই বুকুৰ বেদনা বুকুতে সামৰি দৰ্শকৰ সন্মুখত হাঁহি-হাঁহি কৰি গৈছে অভিনয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ