--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাঘ বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতে অসমৰ দুই জনপ্ৰিয় অভিনেতাৰ জীৱনলৈ আহিল দুঃসংবাদ। ভোগালী বিহুৰ দিনা পিতৃহাৰা হ’ল জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতম। আনহাতে আজি বৃহস্পতিবাৰে মাতৃহাৰা হ’ল উৎপল দাস। 

মঙলবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে ৰাগ ঐনিতম পিতৃ বিপিন চন্দ্ৰ বৰাই। কিছুদিন পূৰ্বে পিছলি পৰি কিছু পৰিমাণে অসুস্থ হৈছিল ৰাগ ঐনিতমৰ পিতৃ। জুন মাহত মাতৃহাৰা হৈছিল অভিনেতা ৰাগ ঐনিতম। মাতৃক হেৰুৱাৰ ছমাহ পাছতে পিতৃকো চিৰদিনলৈ হেৰুৱালে অভিনেতাগৰাকীয়ে।

উল্লেখ্য যে লংকাগাঁৱৰ লুটুমাৰীত চলি আছে ৰাজতিলক থিয়েটাৰ। আৰু মঙলবাৰে আছিল দ্বিতীয় নিশাৰ নাট। দ্বিতীয় নিশা নাট নিবেদন কৰিছিল অভিজিৎ ভট্টাচাৰ্যৰ ‘ৰাজপথৰ ৰাজকুমাৰী’।

পিতৃৰ বিয়োগৰ পিছতো মঙলবাৰে নিশা মঞ্চত অভিনয় কৰি গ’ল অভিনেতাগৰাকীয়ে। কাৰণ তেওঁৰ কান্ধত আছিল গধুৰ দায়িত্ব। পিতৃৰ নিথৰ দেহ ঘৰতে ৰাখি মঞ্চত অভিনয় কৰি গ’ল অভিনেতা ৰাগ ঐনিতমে।

আনহাতে জনপ্ৰিয় অভিনেতা উৎপল দাসেও মাতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিল। দীৰ্ঘদিনৰ পৰা শাৰীৰিক অসুস্থতাত ভূগি আছিল অভিনেতাগৰাকীৰ মাতৃ বিভা দাস। এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বিভা দাসৰ। 

আমিনগাঁও মধ্যম নিবাসী বিভা দাসৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬০বছৰ। 

মৃত্যুৰ সময়ত দুগৰাকী পুত্ৰ সন্তান আৰু এগৰাকী কন্যাক সন্তানক ইহসংসাৰত এৰি থৈ যায় বিভা দাসে। মাতৃৰ বিয়োগৰ শোকৰ মাজতে নগাঁৱৰ ৰহাত থিয়েটাৰ সূৰ্য্যৰ মঞ্চত অভিনয় কৰিব লাগিব উৎপল দাসে। 

সঁচাকৈয়ে জীৱনটোৱেই যেন অভিনয়ৰ মঞ্চ, আমি তাৰে একো একোজন ভাৱৰীয়া। দায়িত্ব পূৰণৰ বাবেই দুয়োগৰাকী অভিনেতাই বুকুৰ বেদনা বুকুতে সামৰি দৰ্শকৰ সন্মুখত হাঁহি-হাঁহি কৰি গৈছে অভিনয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু