--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে গভীৰ নিশা নিজ ঘৰতে অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় জনপ্ৰিয় অভিনেতা ছেইফ আলী খান । গুৰুতৰভাৱে আহত ছেইফ আলী খানক ততাতৈয়াকৈ মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰায় পৰিয়ালৰ লোকে। তেওঁৰ অৱস্থা বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে। ডাক্তৰে ছেইফৰ স্বাস্থ্যৰ আপডেটো শ্বেয়াৰ কৰিছে আৰু লগতে ছেইফক কেতিয়া চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ কৰা হ’ব সেই বিষয়েও জনায়?

লীলাৱতী হাস্পতালত ছেইফৰ অস্ত্ৰোপচাৰ কৰা চিকিৎসকে সংবাদ মাধ্যমত অভিনেতাগৰাকীৰ স্বাস্থ্যৰ সন্দৰ্ভত কয়, “ছেইফ আলী খানক ৰাতিপুৱা প্ৰায় ২ বজাত লীলাৱতী হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। অচিনাকি দুৰ্বৃত্তই তেওঁক আক্ৰমণ কৰে। তেওঁৰ ডিঙি আৰু হাতত আঘাত পাইছিল। তেওঁৰ মেৰুদণ্ডত ডাঙৰ আঘাত। তেওঁৰ মেৰুদণ্ডত সোমাই থকা মাৰণাস্ত্ৰ অস্ত্ৰোপচাৰৰ জৰিয়তে আঁতৰাই পেলোৱা হৈছে। তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ আৰু সংকটমুক্ত।


ইফালে, লীলাৱতী চিকিৎসালয়ৰ চিঅ অ’ ডাঃ নীৰজ উত্তমণীয়ে কয় যে ছেইফ এতিয়া সম্পূৰ্ণ সুস্থ আৰু তেওঁক এদিন চিকিৎসালয়ত ৰখা হ’ব। কাইলৈ ​​তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ব। তেওঁ দ্ৰুতগতিত সুস্থ হৈ উঠিছে আৰু ১০০ শতাংশ আৰোগ্য । ডাক্তৰে লগতে কয় যে ছেইফৰ দেহত দুটা গভীৰ আঘাত । তেওঁৰ মেৰুদণ্ডৰ পৰা ডেৰ ইঞ্চিমান কটাৰীৰ টুকুৰা এটা উলিয়াই দিয়া হৈছে।

অস্ত্ৰোপচাৰৰ পিছত অভিনেতাজনক আই চি ইউলৈ স্থানান্তৰ কৰা বুলিও চিকিৎসকে জনাইছে। তেওঁৰ স্বাস্থ্যৰ ওপৰত পুংখানুপুংখভাৱে নিৰীক্ষণ কৰা হৈছে। কাইলৈ ​​পুনৰ লীলাৱতী হাস্পতালে অভিনেতা গৰাকীৰ স্বাস্থ্য সন্দৰ্ভত স্বাস্থ্য বুলেটিন জাৰি কৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু