--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে গভীৰ নিশা নিজ ঘৰতে অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় জনপ্ৰিয় অভিনেতা ছেইফ আলী খান । গুৰুতৰভাৱে আহত ছেইফ আলী খানক ততাতৈয়াকৈ মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰায় পৰিয়ালৰ লোকে। তেওঁৰ অৱস্থা বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে। ডাক্তৰে ছেইফৰ স্বাস্থ্যৰ আপডেটো শ্বেয়াৰ কৰিছে আৰু লগতে ছেইফক কেতিয়া চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ কৰা হ’ব সেই বিষয়েও জনায়?

লীলাৱতী হাস্পতালত ছেইফৰ অস্ত্ৰোপচাৰ কৰা চিকিৎসকে সংবাদ মাধ্যমত অভিনেতাগৰাকীৰ স্বাস্থ্যৰ সন্দৰ্ভত কয়, “ছেইফ আলী খানক ৰাতিপুৱা প্ৰায় ২ বজাত লীলাৱতী হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। অচিনাকি দুৰ্বৃত্তই তেওঁক আক্ৰমণ কৰে। তেওঁৰ ডিঙি আৰু হাতত আঘাত পাইছিল। তেওঁৰ মেৰুদণ্ডত ডাঙৰ আঘাত। তেওঁৰ মেৰুদণ্ডত সোমাই থকা মাৰণাস্ত্ৰ অস্ত্ৰোপচাৰৰ জৰিয়তে আঁতৰাই পেলোৱা হৈছে। তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ আৰু সংকটমুক্ত।


ইফালে, লীলাৱতী চিকিৎসালয়ৰ চিঅ অ’ ডাঃ নীৰজ উত্তমণীয়ে কয় যে ছেইফ এতিয়া সম্পূৰ্ণ সুস্থ আৰু তেওঁক এদিন চিকিৎসালয়ত ৰখা হ’ব। কাইলৈ ​​তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ব। তেওঁ দ্ৰুতগতিত সুস্থ হৈ উঠিছে আৰু ১০০ শতাংশ আৰোগ্য । ডাক্তৰে লগতে কয় যে ছেইফৰ দেহত দুটা গভীৰ আঘাত । তেওঁৰ মেৰুদণ্ডৰ পৰা ডেৰ ইঞ্চিমান কটাৰীৰ টুকুৰা এটা উলিয়াই দিয়া হৈছে।

অস্ত্ৰোপচাৰৰ পিছত অভিনেতাজনক আই চি ইউলৈ স্থানান্তৰ কৰা বুলিও চিকিৎসকে জনাইছে। তেওঁৰ স্বাস্থ্যৰ ওপৰত পুংখানুপুংখভাৱে নিৰীক্ষণ কৰা হৈছে। কাইলৈ ​​পুনৰ লীলাৱতী হাস্পতালে অভিনেতা গৰাকীৰ স্বাস্থ্য সন্দৰ্ভত স্বাস্থ্য বুলেটিন জাৰি কৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ