--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কৃষক নেতা ৰাজু শেঢ়ীয়ে এইক্ষেত্ৰত অভিযোগ কৰে যে ক্ষতি হোৱা শস্য অনুসৰি কৃষকে লাভ কৰা ক্ষতিপূৰণ হৈছে সামান্য।

ডিজিটেল ডেস্ক : এইবছৰ জানুৱাৰীৰ পৰা অক্টোবৰলৈ এই ১০ মাহত মহাৰাষ্ট্ৰৰ মাৰাঠাৱাড়াত (পূৰ্বৰ ঔৰংগাবাদ আৰু বৰ্তমানৰ ছত্ৰপতি সম্ভাজীনগৰ ডিভিজন) শস্যৰ বিপুল ক্ষতিৰ বাবে ৮৯৯জন কৃষকে আত্মহত্যা কৰিছে। ইয়াৰে ৫৩৭জনে কৰিছে বছৰটোৰ প্রথম ছমাহত। উল্লেখযোগ্য যে মাৰাঠাৱাড়া বা ঔৰংগাবাদ ডিভিজনৰ অধীনত আছে মুঠ ৮খন জিলা।


ছত্ৰপতি সম্ভাজীনগৰৰ ডিভিজনেল আয়ুক্তৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্য মতে বৃষ্টিপাত আৰু বানে অনা দুৰ্যোগৰ বাবে ৮৯৯জন কৃষকে আত্মহত্যা কৰে। জিলা অনুসৰি ছমাহত আত্মহত্যা কৰা লোকৰ সংখ্যা হৈছে ছত্রপতি সম্ভাজীনগৰ জিলা ১১২, জালনা ৩২, পৰভণী ৪৫, হিংগোলী ৩৩, নান্দেড় ৯০, বীড ১০৮, লাতুৰ ৪৭ আৰু ধাৰাশিৱ ৭০। ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰে ৮খন জিলাৰে গঠিত মাৰাঠাৱাড়াৰ ক্ষতিগ্রস্ত কৃষকৰ বাবে মুঠ ৩২,০০০ কোটি টকা ক্ষতিপূৰণৰ ঘোষণা কৰিছে।


ইফালে কৃষক নেতা ৰাজু শেঢ়ীয়ে এইক্ষেত্ৰত অভিযোগ কৰে যে ক্ষতি হোৱা শস্য অনুসৰি কৃষকে লাভ কৰা ক্ষতিপূৰণ হৈছে সামান্য। তেওঁ কয়, 'কলনি থকা এজন কল খেতিয়কে এজন ব্যৱসায়ীৰ সৈতে প্রতি টনত ২৫,০০০ টকাকৈ ১০০ টন কলৰ বাবে চুক্তি কৰিলে। বানৰ পাছত সীনা নদীয়ে তেওঁৰ গোটেই কল নষ্ট কৰিলে। তেওঁ ক্ষতিপূৰণ পালে মাত্র ২৫,০০০ টকা।'


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ