--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কৃষক নেতা ৰাজু শেঢ়ীয়ে এইক্ষেত্ৰত অভিযোগ কৰে যে ক্ষতি হোৱা শস্য অনুসৰি কৃষকে লাভ কৰা ক্ষতিপূৰণ হৈছে সামান্য।

ডিজিটেল ডেস্ক : এইবছৰ জানুৱাৰীৰ পৰা অক্টোবৰলৈ এই ১০ মাহত মহাৰাষ্ট্ৰৰ মাৰাঠাৱাড়াত (পূৰ্বৰ ঔৰংগাবাদ আৰু বৰ্তমানৰ ছত্ৰপতি সম্ভাজীনগৰ ডিভিজন) শস্যৰ বিপুল ক্ষতিৰ বাবে ৮৯৯জন কৃষকে আত্মহত্যা কৰিছে। ইয়াৰে ৫৩৭জনে কৰিছে বছৰটোৰ প্রথম ছমাহত। উল্লেখযোগ্য যে মাৰাঠাৱাড়া বা ঔৰংগাবাদ ডিভিজনৰ অধীনত আছে মুঠ ৮খন জিলা।


ছত্ৰপতি সম্ভাজীনগৰৰ ডিভিজনেল আয়ুক্তৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্য মতে বৃষ্টিপাত আৰু বানে অনা দুৰ্যোগৰ বাবে ৮৯৯জন কৃষকে আত্মহত্যা কৰে। জিলা অনুসৰি ছমাহত আত্মহত্যা কৰা লোকৰ সংখ্যা হৈছে ছত্রপতি সম্ভাজীনগৰ জিলা ১১২, জালনা ৩২, পৰভণী ৪৫, হিংগোলী ৩৩, নান্দেড় ৯০, বীড ১০৮, লাতুৰ ৪৭ আৰু ধাৰাশিৱ ৭০। ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰে ৮খন জিলাৰে গঠিত মাৰাঠাৱাড়াৰ ক্ষতিগ্রস্ত কৃষকৰ বাবে মুঠ ৩২,০০০ কোটি টকা ক্ষতিপূৰণৰ ঘোষণা কৰিছে।


ইফালে কৃষক নেতা ৰাজু শেঢ়ীয়ে এইক্ষেত্ৰত অভিযোগ কৰে যে ক্ষতি হোৱা শস্য অনুসৰি কৃষকে লাভ কৰা ক্ষতিপূৰণ হৈছে সামান্য। তেওঁ কয়, 'কলনি থকা এজন কল খেতিয়কে এজন ব্যৱসায়ীৰ সৈতে প্রতি টনত ২৫,০০০ টকাকৈ ১০০ টন কলৰ বাবে চুক্তি কৰিলে। বানৰ পাছত সীনা নদীয়ে তেওঁৰ গোটেই কল নষ্ট কৰিলে। তেওঁ ক্ষতিপূৰণ পালে মাত্র ২৫,০০০ টকা।'


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু