--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক জটিল ৰোগত আক্ৰান্ত হৈছে মাইক টাইচন। বক্সিঙৰ ৰিঙত এসময়ত ধুমুহাৰ সৃষ্টি কৰা প্ৰাক্তন হেভিৱেইট চেম্পিয়নগৰাকীয়ে ছায়াটিকা (sciatica) নামৰ স্নায়ুৰোগত আক্ৰান্ত হৈ পৰিছে। জানিব পৰামতে, এই ৰোগত আক্ৰান্ত হোৱাৰ বাবেই টাইছনে শেহতীয়াকৈ কথা কওঁতেও সমস্যাৰ সন্মুখীন হৈছে। যোৱামাহত তেওঁক মিয়ামি আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত হুইলচেয়াৰৰ জৰিয়তে চলা-ফিৰা কৰা দেখা পোৱা গৈছিল।

সাংবাদিকক তেওঁ কয় যে তেওঁ ছায়াটিকাত ভুগি আছে আৰু দিনে দিনে এই অসুখ বাঢ়ি গৈ আছে। তেওঁ জনায় যে ছায়াটিকাৰ বাদে তেওঁৰ আন কোনো অসুখ নাই।

কিন্তু, কি এই ছায়াটিকা?

ছায়াটিকা হৈছে নিতম্ব আৰু ভৰিত হোৱা এবিধ বিষ। ছায়াটিক নামৰ স্নায়ুবিধ সংকুচিত হৈ পৰিলেই এই বিষ অনুভূত হয়। সাধাৰণতে ছায়াটিকা নিতম্বৰ পৰা আৰম্ভণি ঘটে। তাৰপাছতে এই বিষ ভৰিলৈকে বিয়পি পৰে। ভৰিৰ পৃষ্ঠভাগেৰে বিয়পি পৰে এই বিষ। বিষবিধ ৰোগী অনুযায়ী ভিন্ন ধৰণে অনুভূত হ’ব পাৰে। কিছু ৰোগীয়ে কমকৈ এই বিষ অনুভৱ কৰে, আনহাতে কিছু লোকৰ ক্ষেত্ৰত এই বিষে তীব্ৰ ৰূপ ধাৰণ কৰে। এই বিষে শাৰীৰিক জঠৰতাৰ সৃষ্টি কৰিব পাৰে। সাধাৰণতে শৰীৰৰ নিম্নভাগত থকা ভাৰটাব্ৰেল ডিস্ক, স্পাইনেল ষ্টেন’ছিছ, হাড়ৰ বিচ্যুতি আৰু আঘাতৰ বাবেই এই ৰোগে দেখা দিয়ে।

চিকিৎসাবিদসকলৰ মতে, শৰীৰৰ অত্যধিক ওজন বৃদ্ধি, শাৰিৰীক শ্ৰম তথা ব্যায়ামৰ অভাৱ, টোপনিহীনতাই এই ৰোগক তীব্ৰতৰ কৰি তোলে। তদুপৰি দীৰ্ঘসময় ধৰি বহি থকা আৰু গধুৰ বস্তু দাঙিলেও এই ৰোগে আসৈ পায়। ৰোগবিধ সঠিক সময়ত চিকিৎসা নকৰিলে আৰু দীৰ্ঘসময় ধৰি বৰ্তি থাকিলে ৰোগীজনৰ স্নায়ুসমূহ চিৰদিনৰ বাবে ধ্বংস হৈ যোৱাৰ সম্ভাৱনা থাকে। ফলস্বৰূপে কথা কোৱাৰ অক্ষমতা, পাৰকিনছন ডিজিজ, আলজেইমাৰ, এপিলেপ্সী আৰু ৰোগীৰ মানসিক অসুখৰো সৃষ্টি কৰিব পাৰে।

চিকিৎসাশাস্ত্ৰত ৰোগীবিধৰ নিদান বিভিন্নধৰণে উপলব্ধ আছে। কিন্তু আয়ুৰ্বেদৰ নিদানসমূহৰ দ্বাৰাও সহজভাৱে এই ৰোগৰ পৰা বাচি থাকিব পাৰি। চিকিৎসকসকলে জনোৱামতে, আয়ুৰ্বেদিক নিদানসমূহ এনেধৰণৰঃ

- ৪০ মিনিটৰ অত্যধিক সময়  অবিৰামভাৱে থিয় হৈ থাকিব নালাগিব।
- নিয়মিতভাৱে যোগাভ্যাস তথা মকৰাসন, শালাভাসন, মৰ্কটাসান আৰু ভূজংগাসন কৰিব লাগিব।
- দুঘণ্টাৰ বেছি সময় একেটা পজিচনতে বহিব নোৱাৰিব। বহাৰ মাজে মাজে পাঁচ মিনিটৰ বিৰতি ল’ব লাগিব।
- ৰোগবিধত ভোগা শৰীৰৰ অংশসমূহত তেল মালিচ কৰিব লাগিব।
- তেল মালিচৰ বাবে মাহানাৰায়ণ তেল, অশ্বগন্ধা তেল আৰু ধনন্তৰম তেলৰ ব্যৱহাৰ কৰিব পাৰে।
- ইয়াৰ উপৰিও ঘৰুৱা তিল তেল আৰু মিঠাতেলৰো ব্যৱহাৰ কৰিব পাৰে।
- বিষত ভুগি থকা শৰীৰৰ অংশসমূহত উষ্ণ অথবা শীতল পানীৰ সেক দিব লাগে।
- সঠিক ভিজিয়’থেৰাপীৰ প্ৰয়োজন।
- প্ৰয়োজন অনুসৰি ৰোগীয়ে এমিকা, হায়পাৰকামৰ দৰে হোমিঅ’ দৰৱো ব্যৱহাৰ কৰিব পাৰে।
- যদি এইসমূহে ৰোগবিধ প্ৰতিৰোধ নকৰে, তেন্তে ৰোগীয়ে স্পাইন চাৰ্জাৰী কৰাটো অন্তিম সমাধান।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ