--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক জটিল ৰোগত আক্ৰান্ত হৈছে মাইক টাইচন। বক্সিঙৰ ৰিঙত এসময়ত ধুমুহাৰ সৃষ্টি কৰা প্ৰাক্তন হেভিৱেইট চেম্পিয়নগৰাকীয়ে ছায়াটিকা (sciatica) নামৰ স্নায়ুৰোগত আক্ৰান্ত হৈ পৰিছে। জানিব পৰামতে, এই ৰোগত আক্ৰান্ত হোৱাৰ বাবেই টাইছনে শেহতীয়াকৈ কথা কওঁতেও সমস্যাৰ সন্মুখীন হৈছে। যোৱামাহত তেওঁক মিয়ামি আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত হুইলচেয়াৰৰ জৰিয়তে চলা-ফিৰা কৰা দেখা পোৱা গৈছিল।

সাংবাদিকক তেওঁ কয় যে তেওঁ ছায়াটিকাত ভুগি আছে আৰু দিনে দিনে এই অসুখ বাঢ়ি গৈ আছে। তেওঁ জনায় যে ছায়াটিকাৰ বাদে তেওঁৰ আন কোনো অসুখ নাই।

কিন্তু, কি এই ছায়াটিকা?

ছায়াটিকা হৈছে নিতম্ব আৰু ভৰিত হোৱা এবিধ বিষ। ছায়াটিক নামৰ স্নায়ুবিধ সংকুচিত হৈ পৰিলেই এই বিষ অনুভূত হয়। সাধাৰণতে ছায়াটিকা নিতম্বৰ পৰা আৰম্ভণি ঘটে। তাৰপাছতে এই বিষ ভৰিলৈকে বিয়পি পৰে। ভৰিৰ পৃষ্ঠভাগেৰে বিয়পি পৰে এই বিষ। বিষবিধ ৰোগী অনুযায়ী ভিন্ন ধৰণে অনুভূত হ’ব পাৰে। কিছু ৰোগীয়ে কমকৈ এই বিষ অনুভৱ কৰে, আনহাতে কিছু লোকৰ ক্ষেত্ৰত এই বিষে তীব্ৰ ৰূপ ধাৰণ কৰে। এই বিষে শাৰীৰিক জঠৰতাৰ সৃষ্টি কৰিব পাৰে। সাধাৰণতে শৰীৰৰ নিম্নভাগত থকা ভাৰটাব্ৰেল ডিস্ক, স্পাইনেল ষ্টেন’ছিছ, হাড়ৰ বিচ্যুতি আৰু আঘাতৰ বাবেই এই ৰোগে দেখা দিয়ে।

চিকিৎসাবিদসকলৰ মতে, শৰীৰৰ অত্যধিক ওজন বৃদ্ধি, শাৰিৰীক শ্ৰম তথা ব্যায়ামৰ অভাৱ, টোপনিহীনতাই এই ৰোগক তীব্ৰতৰ কৰি তোলে। তদুপৰি দীৰ্ঘসময় ধৰি বহি থকা আৰু গধুৰ বস্তু দাঙিলেও এই ৰোগে আসৈ পায়। ৰোগবিধ সঠিক সময়ত চিকিৎসা নকৰিলে আৰু দীৰ্ঘসময় ধৰি বৰ্তি থাকিলে ৰোগীজনৰ স্নায়ুসমূহ চিৰদিনৰ বাবে ধ্বংস হৈ যোৱাৰ সম্ভাৱনা থাকে। ফলস্বৰূপে কথা কোৱাৰ অক্ষমতা, পাৰকিনছন ডিজিজ, আলজেইমাৰ, এপিলেপ্সী আৰু ৰোগীৰ মানসিক অসুখৰো সৃষ্টি কৰিব পাৰে।

চিকিৎসাশাস্ত্ৰত ৰোগীবিধৰ নিদান বিভিন্নধৰণে উপলব্ধ আছে। কিন্তু আয়ুৰ্বেদৰ নিদানসমূহৰ দ্বাৰাও সহজভাৱে এই ৰোগৰ পৰা বাচি থাকিব পাৰি। চিকিৎসকসকলে জনোৱামতে, আয়ুৰ্বেদিক নিদানসমূহ এনেধৰণৰঃ

- ৪০ মিনিটৰ অত্যধিক সময়  অবিৰামভাৱে থিয় হৈ থাকিব নালাগিব।
- নিয়মিতভাৱে যোগাভ্যাস তথা মকৰাসন, শালাভাসন, মৰ্কটাসান আৰু ভূজংগাসন কৰিব লাগিব।
- দুঘণ্টাৰ বেছি সময় একেটা পজিচনতে বহিব নোৱাৰিব। বহাৰ মাজে মাজে পাঁচ মিনিটৰ বিৰতি ল’ব লাগিব।
- ৰোগবিধত ভোগা শৰীৰৰ অংশসমূহত তেল মালিচ কৰিব লাগিব।
- তেল মালিচৰ বাবে মাহানাৰায়ণ তেল, অশ্বগন্ধা তেল আৰু ধনন্তৰম তেলৰ ব্যৱহাৰ কৰিব পাৰে।
- ইয়াৰ উপৰিও ঘৰুৱা তিল তেল আৰু মিঠাতেলৰো ব্যৱহাৰ কৰিব পাৰে।
- বিষত ভুগি থকা শৰীৰৰ অংশসমূহত উষ্ণ অথবা শীতল পানীৰ সেক দিব লাগে।
- সঠিক ভিজিয়’থেৰাপীৰ প্ৰয়োজন।
- প্ৰয়োজন অনুসৰি ৰোগীয়ে এমিকা, হায়পাৰকামৰ দৰে হোমিঅ’ দৰৱো ব্যৱহাৰ কৰিব পাৰে।
- যদি এইসমূহে ৰোগবিধ প্ৰতিৰোধ নকৰে, তেন্তে ৰোগীয়ে স্পাইন চাৰ্জাৰী কৰাটো অন্তিম সমাধান।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়