--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে কৰিব নোৱাৰা একো নাই। বিলৰ সমৰ্থকসকলৰ মতে তেওঁ জোতা নিৰ্মাণত নিপুণ। কিন্তু ৰান্ধিব পাৰেনে বিলে? ছচিয়েল মিডিয়াত বিয়পি পৰিছে এই সন্দৰ্ভত এটা ভিডিঅ’। ভিডিঅ'টোত আছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীও।

শেহতীয়াকৈ স্মৃতিয়ে বিল গেটছৰ সৈতে তেওঁৰ টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ইয়াত স্মৃতিয়ে বিল গেটছক খিচিৰী ৰান্ধিবলৈ শিকাই থকা দেখা গৈছে। স্মৃতিয়ে কেৰাহীত তেল ঢালি দিছে। বিলে গৰম তেল ফুৰন কৰিছে আৰু সাৱধানে উতলা পানীখিনি খিচিৰিত ঢালি দিছে। খিচিৰিৰ সোৱাদ লৈ বিল বৰ আনন্দিত হ’ল। ভাৰতীয় খাদ্যই যে তেওঁৰ মন মুহিছে, সেয়া স্পষ্ট!

স্মৃতিৰ এই ভিডিঅ’টো বিয়পি পৰাৰ লগে লগে নেটিজেনসকলে বিভিন্ন ধৰণৰ মন্তব্য কৰিবলৈ আৰম্ভ কৰিলে। কোনোবাই লিখিছে, "এই খিচিৰীৰ নাম এইবাৰ মাইক্ৰ'ছফ্ট খিচিৰী হ'ব।"

উল্লেখ্য যে কিছুদিন আগতে বিলক ৰুটি বনোৱা দেখা গৈছিল। ভিডিঅ’টোত দেখা গৈছিল যে তেওঁ ঘূৰণীয়া ৰুটি বনোৱাত সফল হ’ল। এইবাৰ ৰুটিৰ পিছত খিচিৰী! বহুতে ধেমালিতে কৈছে যে বিলে ভাৰতীয় ৰান্ধনীক মাৰিবলৈ সাজু হৈছে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement