--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ বিৰুদ্ধে এইবাৰ গোঁজৰিলে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে ৷ যাদৱে কয়  যে তেওঁৰ  দলে  সংকল্প লৈছে যে তেওঁলোকে আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সৈতে লগলাগি উত্তৰ প্ৰদেশৰ  ৮০ খন আসনতে বিজেপিক পৰাজিত কৰিব। কংগ্ৰেছক লগত লোৱাৰ  বিষয়টোত যাদৱে কয় যে কংগ্ৰেছ এয়া ৰাষ্ট্ৰীয় দল ৷ সেয়ে দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ভূমিকা নিৰ্ণয় কৰিব লাগিব।  

দেওবাৰে কলকাতাত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ পিছত অখিলেশে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ বিৰুদ্ধে এনেদৰে হুংকাৰ দিয়ে৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে মিত্ৰতাৰ বিষয়ত তেওঁ কয় যে নিশ্চিতভাৱে মিত্ৰজোঁট গঠন কৰা হ'ব। আঞ্চলিক শক্তিবোৰে মিত্ৰতাৰ বিষয়ে আলোচনা কৰি আছে আৰু সময়ত সঠিক  সিদ্ধান্ত লোৱা হ’ব। ইয়াৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনকে ধৰি বহু নেতাই মিত্ৰজোঁট গঠনৰ বাবে প্ৰচেষ্টা চলাই আছিল।

অখিলেশে কয় যে বিভিন্ন ৰাজ্যৰ আঞ্চলিক দলসমূহে বিজেপিক পৰাস্ত কৰিবলৈ সক্ষম আৰু ইয়াৰ বাবে দল বোৰে শক্তিশালীভাৱে যুঁজি আছে। আমেঠি-ৰায়বৰেলীত লোকসভা নিৰ্বাচনত এছপিয়ে প্ৰতিদ্বন্দিতা কৰাৰ প্ৰশ্ন ন্দৰ্ভত  অখিলেশে কয় যে নিৰ্বাচনৰ সময়ত তেওঁ তেওঁৰ নেতা আৰু কৰ্মীসকলৰ সৈতে আলোচনা কৰি এই বিষয়ত  সিদ্ধান্ত ল'ব। তেওঁ লগতে কয় যে আমেঠি-ৰায়বৰেলীত লোকসভা নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ  কৰ্মীসকলে   কংগ্ৰেছক সমৰ্থন কৰে, কিন্তু যেতিয়া উত্তৰ প্ৰদেশৰ শ্ৰমিকসকল সংকটৰ সন্মুখীন  হয়, তেওঁলোকক অত্যাচাৰ কৰা হয়।এই ক্ষেত্ৰত  কংগ্ৰেছৰ লোকসকলে কোনো মাত নামাতে নকৰে। 

লোকসভাত বিৰোধী ঐক্যৰ প্ৰশ্নত অখিলেশে কয় যে সদনৰ যুঁজ বেলেগ আৰু নিজৰ মাটিৰ  বাবে যুঁজ বেলেগ। জাতিগত লোকপিয়লক এক ডাঙৰ বিষয় বুলি অভিহিত কৰি তেওঁ কয় যে সকলো জাতিৰ গণনা কৰি সেই পৰিসংখ্যাৰ ভিত্তিত  কাম কৰিলেহে  বিকাশ সম্ভৱ । তেওঁ লগতে  কয় যে এছপিয়ে দেশত জাতিগত লোকপিয়লৰ বিষয়টো নিৰন্তৰভাবে  উত্থাপন কৰি আহিছে৷


অখিলেশে কয় যে মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে এক বিদ্যুৎ সংকটৰ সৃষ্টি কৰিছে, যাৰ বাবে বিদ্যুৎ উৎপাদন স্থবিৰ হৈ পৰিছে আৰু চৰকাৰে ব্যক্তিগত কোম্পানীৰ হাতত বিদ্যুৎ খণ্ডটো গতাব বিচাৰিছে। বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে কৰ্মচাৰীসকলৰ সমস্যাও সমাধান কৰা নাই বুলি তেওঁ কয়। বিজেপিৰ শাসনে উত্তৰ প্ৰদেশৰ লোকসকলক আমুৱাইছে বুলিও তেওঁ মন্তব্য কৰে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক