--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ মুখ উজ্জ্বল কৰি এইবেলি অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত বঁটা বিতৰক হিচাবে উপস্থিত থাকিল বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন৷ অস্কাৰৰ অনুষ্ঠানত দীপিকাই পৰিধান কৰা পোছাকে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিলে৷ তাতোকৈয়ো বেছি আকৰ্ষণ কৰিলে দীপিকাৰ কান্ধত কৰা এটা সৰু টাটুৱে৷ টাটুটোত লিখা আছিল 82°E ৷

 কিন্তু 82°E  ৰ অৰ্থনো কি সেয়া এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই৷ দীপিকাৰ পোছাক, অস্কাৰত ভাষণৰ উপৰি ফটো চিকাৰীসকলক দীপিকাৰ  সেই বিশেষ টাটুটোৱে বেছ আকৰ্ষণ কৰিলে৷। উল্লেখ্য এবাৰ ৰণবীৰ কাপুৰৰ প্ৰেমিকা দীপিকাৰ ডিঙিত ৰণবীৰৰ নামেৰে এটা টাটু আছিল। দীপিকাই বিয়াৰ সময়ত সেই  টাটুটো আঁতৰাই পেলাইছিল। শেহতীয়াকৈ, দীপিকাই পুনৰ ডিঙিত আন এটা টাটু কৰাইছে।নতুন টাটুটো কান্ধৰ বাওঁফালে আছে। নতুন টাটাটো আগৰ টেটুতটোকৈ আকাৰত সৰু। 


নতুন টাটুটো হৈছে কেইটামান সংখ্যা আৰু আখৰৰ সংমিশ্ৰণ। দীপিকাৰ কান্ধত  জিলিকি  আছে ক'লা ৰঙৰ 82°E বুলি লিখা টাটুটো৷82°E প্ৰকৃততে এক দ্ৰাঘিমাংশ ৰেখা। যিয়ে ভাৰতক সুমেৰু আৰু কুমেৰুৰ সৈতে সংযুক্ত কৰিছে। অৱশ্যে, দীপিকাৰ টেটুৰ অৰ্থ কেৱল সেই দ্ৰাঘিমাংশ হয় নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দীপিকাৰ ছালৰ যত্নৰ বাবে থকা প্ৰসাধনৰ ব্ৰেণ্ডৰ নামো  82°E। 


দীপিকাই সম্ভৱতঃ অস্কাৰৰ মঞ্চত তেওঁৰ  নতুন টাটুৰ  সেই ব্ৰেণ্ডটোৰেই প্ৰচাৰ চলাইছে৷ লক্ষ্যণীয় কথাটো হ’ল এইবাৰৰ অস্কাৰত দীপিকাক লৈ বিভ্ৰান্তিও হৈছে। অস্কাৰত উপস্থিত থকা এগৰাকী ব্ৰাজিলিয়ান মডেল কেমিলা মেককফিকে  এএফপি আৰু গেটিৰ দৰে সংবাদ সংস্থাই দীপিকা বুলি ভুল কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু