--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ মুখ উজ্জ্বল কৰি এইবেলি অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত বঁটা বিতৰক হিচাবে উপস্থিত থাকিল বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন৷ অস্কাৰৰ অনুষ্ঠানত দীপিকাই পৰিধান কৰা পোছাকে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিলে৷ তাতোকৈয়ো বেছি আকৰ্ষণ কৰিলে দীপিকাৰ কান্ধত কৰা এটা সৰু টাটুৱে৷ টাটুটোত লিখা আছিল 82°E ৷

 কিন্তু 82°E  ৰ অৰ্থনো কি সেয়া এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই৷ দীপিকাৰ পোছাক, অস্কাৰত ভাষণৰ উপৰি ফটো চিকাৰীসকলক দীপিকাৰ  সেই বিশেষ টাটুটোৱে বেছ আকৰ্ষণ কৰিলে৷। উল্লেখ্য এবাৰ ৰণবীৰ কাপুৰৰ প্ৰেমিকা দীপিকাৰ ডিঙিত ৰণবীৰৰ নামেৰে এটা টাটু আছিল। দীপিকাই বিয়াৰ সময়ত সেই  টাটুটো আঁতৰাই পেলাইছিল। শেহতীয়াকৈ, দীপিকাই পুনৰ ডিঙিত আন এটা টাটু কৰাইছে।নতুন টাটুটো কান্ধৰ বাওঁফালে আছে। নতুন টাটাটো আগৰ টেটুতটোকৈ আকাৰত সৰু। 


নতুন টাটুটো হৈছে কেইটামান সংখ্যা আৰু আখৰৰ সংমিশ্ৰণ। দীপিকাৰ কান্ধত  জিলিকি  আছে ক'লা ৰঙৰ 82°E বুলি লিখা টাটুটো৷82°E প্ৰকৃততে এক দ্ৰাঘিমাংশ ৰেখা। যিয়ে ভাৰতক সুমেৰু আৰু কুমেৰুৰ সৈতে সংযুক্ত কৰিছে। অৱশ্যে, দীপিকাৰ টেটুৰ অৰ্থ কেৱল সেই দ্ৰাঘিমাংশ হয় নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দীপিকাৰ ছালৰ যত্নৰ বাবে থকা প্ৰসাধনৰ ব্ৰেণ্ডৰ নামো  82°E। 


দীপিকাই সম্ভৱতঃ অস্কাৰৰ মঞ্চত তেওঁৰ  নতুন টাটুৰ  সেই ব্ৰেণ্ডটোৰেই প্ৰচাৰ চলাইছে৷ লক্ষ্যণীয় কথাটো হ’ল এইবাৰৰ অস্কাৰত দীপিকাক লৈ বিভ্ৰান্তিও হৈছে। অস্কাৰত উপস্থিত থকা এগৰাকী ব্ৰাজিলিয়ান মডেল কেমিলা মেককফিকে  এএফপি আৰু গেটিৰ দৰে সংবাদ সংস্থাই দীপিকা বুলি ভুল কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ