--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মিছ ইউএছএ আৰ'বনি গেব্ৰিয়েলে ৮৩ জন প্ৰতিযোগীক চেৰ পেলাই  মিছ ইউনিভাৰ্ছ-২০২২ৰ  খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ৭১ সংখ্যক  মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ লুইজিয়ানাৰ নিউ অৰলিন্সৰ নিউ অৰলিন্স মৰেল কনভেনচন চেণ্টাৰত অনুষ্ঠিত হৈছিল। 

ভাৰতৰ মিছ ইউনিভাৰ্ছ ২০২১ হৰ্নাজ সান্ধুৱে আৰ'বনি গেব্ৰিয়েলৰ শিৰত মুকুট পিন্ধাই দিয়ে। এইবেলি প্ৰতিযোগিতা খনত  দিভিতা  ৰাইয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। অৱশ্যে, শীৰ্ষ ১৬ সংখ্যক  স্থানত থাকিও দিভিতা ৰাইয়ে  মুকুট আজুৰি আনিবলৈ সক্ষম নহ’ল৷  

মিছ ইউএছএ ২০২২ আৰু মিছ ইউনিভাৰ্ছ ২০২২ আৰ'বনি গেব্ৰিয়েল এগৰাকী  ফেশ্বন ডিজাইনাৰ আৰু মডেল । তেওঁ নিজৰ কাপোৰৰ ষ্টাৰ্টআপ আৰ'বনি নোলাৰ মুখ্য কাৰ্যবাহী বিষয়া। মিছ ভেনিজুৱেলা আমাণ্ডা ডুডামেল আৰু মিছ ডমিনিকান ৰিপাব্লিক এন্দ্ৰেনা মাৰ্টিনেজ প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ-আপ হিচাবে  নিৰ্বাচিত হয়৷ 

দিভিতা ৰাইয়ে এই বছৰ মিছ ইউনিভাৰ্ছ পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ২৩ বছৰীয়া সুন্দৰীগৰাকী কৰ্ণাটকৰ। ২০২২ চনত তেওঁ মিছ ডিভা ইউনিভাৰ্ছৰ খিতাপ জয় কৰিছিল। কিন্তু মিছ ইউনিভাৰ্ছৰ শেষ যুদ্ধত দিভিতাই টিকি থাকিব নোৱাৰিলে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে