--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষতে  দুৰ্ঘটনাত পতিত হোৱা   ইয়েতি এয়াৰলাইনছৰ  বিমানখনত মুঠ ৭২ গৰাকী যাত্ৰী আৰু  বিমানকৰ্মী  আছিল। ইতিমধ্যে পোহৰলৈ অহা দুৰ্ঘটনাটোৰ ভিডিঅ'টোৱে সূচায় যে বিমানখনত থকা কোনো যাত্ৰী বাচি থকাৰ সম্ভাৱনা নাই। দুপৰীয়া ১ বজালৈকে দুৰ্ঘটনাস্থলীৰ পৰা মুঠ ৪০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়ালৈকে কোনো যাত্ৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা  হোৱা নাই। সংবাদ সংস্থাৰ মতে মৃতসকলৰ ভিতৰত পাঁচজন ভাৰতীয় যাত্ৰীও আছে।

ইয়েতি এয়াৰলাইনছৰ মুখপাত্ৰ সুদৰ্শন বৰতৌলাই কৈছিল যে দুটি  শিশুসহ ১০ জন বিদেশী নাগৰিকো বিমান খনত আছিল। বিমানবন্দৰৰ তথ্য অনুসৰি বিমানখনত ৫৩ জন নেপালী, পাঁচজন ভাৰতীয়, চাৰিজন ৰাছিয়ান, এজন আইৰিছ, দুজন কোৰিয়ান, এজন আৰ্জেণ্টিনাৰ নাগৰিক আৰু এজন ফৰাচী নাগৰিক যাত্ৰী হিচাবে  আছিল। ইফালে পোখৰা বিমানবন্দৰত এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত নেপাল চৰকাৰে এখন জৰুৰীকালীন কেবিনেট বৈঠক আহ্বান কৰিছে। দুৰ্ঘটনাৰ খবৰ পাই নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। তাৰ পৰাই তেওঁ উদ্ধাৰ কাৰ্য্যৰ ওপৰত চকু ৰাখিছে। তেওঁ নিৰাপত্তা বাহিনীক উদ্ধাৰ অভিযান পূৰ্ণ গতিত অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে স্থানীয় লোকসকলক উদ্ধাৰ কাৰ্য্যত সহায় কৰিবলৈও  আহ্বান জনাইছে।

 ইয়েতি এয়াৰলাইনছৰ বিমানখন পোখৰাৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল। ই কাস্কি জিলাৰ ওচৰত খহি পৰিছিল। উৰণৰ ২০ মিনিটৰ ভিতৰতে বিমানখন দুৰ্ঘটনাত পতিত হৈছিল। নেপালৰ অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই কৈছে  যে ইয়েতি এয়াৰলাইনছৰ বিমান ৯এন-এএনচি এটিআৰ-৭২ পুৱা ১০.৩৩ বজাত কাঠমাণ্ডুৰ পৰা পোখৰালৈ উৰা মাৰিছিল। অৱশ্যে পোখৰা বিমানবন্দৰত অৱতৰণ কৰোঁতেবিমানখন পুৰণি বিমানবন্দৰ আৰু নতুন বিমানবন্দৰৰ মাজত চেতি নদীৰ পাৰত দুৰ্ঘটনাগ্ৰস্ত হয়। 

উল্লেখ্য  যোৱা  ৩০ বছৰত নেপালত কমেও ২৭ টা মাৰাত্মক বিমান দুৰ্ঘটনা সংঘটিত হৈছে। ছমাহ আগতেও নেপালত এখন বিমান দুৰ্ঘটনাত পতিত হৈছিল।  ফ্লাইট ট্ৰেকিং ৱেবছাইট ফ্লাইটৰাডাৰ২৪-ৰ মতে দুৰ্ঘটনাগ্ৰস্ত হোৱা এটিআৰ৭২ বিমানসমূহ ১৫ বছৰ পুৰণি  বিমান। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে