--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়া নহয় বলীউডত এইবাৰ বিবাহ বিচ্ছেদৰ খবৰে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। মালাইকা অ’ৰোৰা-অৰ্জুন কাপুৰৰ বিচ্ছেদৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে বলীউডত। এই খবৰৰ পাছতে হতবাক হৈ পৰিছে অনুৰাগীসকল। কেৱল সেয়াই নহয়, আৱেগিক মালাইকা সম্পূৰ্ণৰূপে ভাগি পৰা বুলিও প্ৰকাশ পাইছে। নীৰৱে, নিজানে অকলশৰে দিন অতিবাহিত কৰিছে মালাইকাই। বিগত বৰ্ষৰ শেষৰ ফালে বিকি কৌশল-কেটৰিনা কাঈফৰ পাছত মালাইকা-অৰ্জুনৰ বিবাহৰো ছেহনাইৰ গুঞ্জন উঠিছিল। অলপতে,মালদ্বীপ ভ্ৰমণলৈ গৈছিল দুয়ো। দুয়োজন তাৰকাৰ ইনষ্টাগ্ৰাম ফটো আৰু ভিডিঅ'ৰে ভৰি পৰিছিল।এটি সাক্ষাৎকাৰত তেওঁলোকৰ প্ৰেমৰ বিষয়েও মুকলিকৈ প্ৰকাশ কৰিছিল।

সৰ্বভাৰতীয় এটি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ‘মালাইকা-অৰ্জুনৰ ৪বছৰীয়া সম্পৰ্কত এতিয়া ফাট মেলাৰ সম্ভাৱনাই দেখা দিছে। বিগত ৪দিন ধৰি ঘৰৰ বাহিৰলৈ ওলোৱা নাই মালাইকাই। আশংকা অনুসৰি, বিচ্ছেদৰ বাবে মানসিকভাৱে ভাগি পৰিছে মালাইকা। অৰ্জুনেও মালাইকাৰ কাষলৈ যোৱা নাই। কিন্তু দিনদিয়েক আগতে, বনি-পুত্ৰই তাইৰ নৈশভোজৰ নিমন্ত্ৰণ ৰক্ষা কৰি সম্পৰ্কীয় ভায়েক ৰিয়া কাপুৰৰ ঘৰলৈ গৈছিল। ইয়াৰপূৰ্বেও একাধিক অনুষ্ঠানত অৰ্জুনৰ ছাঁটোৰ দৰে থিয় দিছিল মালাইকাই। ’ তেনেস্থলত এতিয়া মালাইকাই সঁচাকৈয়ে প্ৰিয় প্ৰেমিকৰ পৰা নিজকে আঁতৰাই ৰাখিছে নেকি? অৱশ্যে এই প্ৰসংগত এতিয়ালৈকে কোনো পক্ষই মুকলিকৈ একোকে প্ৰকাশ কৰা নাই। অনুৰাগীৰ মাজতো বৃদ্ধি পাইছে কৌতূহলৰ। বলীউডেও অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে দুয়োজনৰে মন্তব্যলৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ