--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা ঋষি কাপুৰ আমাৰ মাজত নাই কিন্তু আজিও তেওঁৰ সকলো স্মৃতি আৰু অভিনয় আমাৰ হৃদয়ত জীয়াই আছে। ঋষি কাপুৰে এই পৃথিৱীক বিদায় জনাই আঁতৰি যোৱাৰ পাছত আটাইতকৈ বেছি শোকগ্ৰস্ত হৈছিল তেওঁৰ পত্নী নীতু সিং কিয়নো ঋষি কাপুৰৰ সৈতে নীতু আৱেগিকভাৱে জড়িত আছিল। ঋষি কাপুৰ যেতিয়া কৰ্কট ৰোগত আক্ৰান্ত হৈছিল তেতিয়া তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। সেই সময়ত নীতুৱে তেওঁৰ অধিক যত্ন ল'বলৈ আৰম্ভ কৰিছিল আৰু বেছিভাগ সময় দুয়ো একেলগে কটাইছিল। ১৯৮০ চনত তেওঁলোকৰ সম্পৰ্কই এক ডাঙৰ সফলতা পাইছিল। দুয়ো তেতিয়া বিবাহপাশত আৱদ্ধ হৈছিল। স্বামী ঋষিক প্ৰতি কথাতে পত্নী নীতুৱে সমৰ্থন কৰিছিল। আজি এই লেখাৰ জৰিয়তে আমি আপোনাক তেওঁলোকৰ সম্পৰ্কৰ সৈতে সম্পৰ্কিত কিছুমান অজ্ঞাত আৰু আকৰ্ষণীয় কথা ক'বলৈ গৈ আছোঁ।

১৬ বছৰ বয়সতে ঋষিৰ প্ৰেমত পৰিছিল নীতু

১৬ বছৰ বয়সতে ঋষিৰ প্ৰেমত পৰিছিল নীতু সিং। কিছুদিনৰ পাছতে দুয়োজনে ইজনে সিজনক ডেট কৰিবলৈ আৰম্ভ কৰিছিল আৰু সেই সময়ত নীতু সিং চলচ্চিত্ৰ উদ্যোগত নতুন আছিল। নীতু আৰু ঋষিয়ে ১৯৭৪ চনত একেলগে এখন চিনেমা কৰিছিল আৰু সেই চিনেমাৰ শ্বুটিঙৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। ছবিখনৰ নাম আছিল 'জহৰীলা ইন্সান'। কিন্তু ছবিখনে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰা নাছিল আৰু ফ্লপ হৈছিল। অৱশ্যে চলচ্চিত্ৰখনৰ প্ৰদৰ্শন ফ্লপ হ'লেও তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক কিন্তু হিট হৈছিল।

দুয়োকে এই চিনেমাসমূহত একেলগে দেখা গৈছিল

বলীউডত দুয়ো ক্ৰমান্বয়ে যথেষ্ট জনপ্ৰিয় হৈ পৰে আৰু দুয়ো একেলগে 'ৰাফু চক্কৰ', 'অমৰ আকবৰ এন্থনী', 'কভি কভি', 'দুচৰা আদমী', 'দো গুণী চাৰ'ৰ দৰে বহুতো ছবি উপহাৰ দিয়ে আৰু লাহে লাহে দুয়ো অনস্ক্ৰীণতো অতি জনপ্ৰিয় হৈ পৰে।

প্ৰটেক্টিভ প্ৰেমিক ঋষি

এটা সাক্ষাৎকাৰৰ সময়ত নীতুৱে প্ৰকাশ কৰিছিল যে ঋষি এজন প্ৰটেক্টিভ প্ৰেমিক আছিল আৰু সদায় নীতুক নিশা ৮:৩০ বজাৰ পাছত কাম নকৰিবলৈ কৈছিল। নীতুৰ মাকে আৰম্ভণিৰ দিনবোৰত ঋষিক সিমান ভাল পোৱা নাছিল আৰু নীতুৰ সৈতে ঋষি ঘূৰা-ফুৰা কৰাটো ভাল পোৱা নাছিল।

বিয়াত দুয়ো অচেতন হৈ পৰিছিল

নীতু সিং আৰু ঋষি কাপুৰৰ বিয়াৰ দিনা এটা ঘটনা ঘটিছিল। ১৯৮০ চনৰ ২২ জানুৱাৰীৰ দিনা দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ অনুষ্ঠান চলি থকাৰ মাজতে আৰু ঋষি আৰু নীতু দুয়ো মূৰ্চ্ছা গৈছিল কিন্তু একে সময়তে দুয়ো কিয় মূৰ্চ্ছা গৈছিল সেই কথা কোনেও বুজি নাপালে। কিছু সময়ৰ পিছত যেতিয়া দুয়োৰে জ্ঞান ঘূৰি আহিছিল তেতিয়াহে তেওঁলোকৰ বিবাহৰ ৰীতি-নীতি সম্পূৰ্ণ হৈছিল। ঋষি-নীতুৰ সংসাৰত আছে দুটা সন্তান, যাৰ বিষয়ে সকলোৱে জানে। কন্যা সন্তান ঋদ্ধিমা ডাঙৰ আৰু পুত্ৰ সন্তান ৰণবীৰ সৰু। ৰণবীৰ কাপুৰ আজিৰ তাৰিখত বলীউডৰ এজন বিখ্যাত অভিনেতা। ঋদ্ধিমাই ছবিজগতত ভৰি নিদিলে আৰু তেওঁ সদায় লাইমলাইটৰ পৰা আঁতৰি থাকিবলৈ পছন্দ কৰে।

আৰু পঢ়কঃ ফেচবুক লাইভ কৰি গছত চিপ লৈ পতি-পত্নী-পুত্ৰৰ আত্মহত্যা!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ