--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সংস্কৃতি আৰু শালীনতা ধ্বংস কৰাৰ অভিযোগত বলীউডৰ তাৰকা অভিনেত্ৰী মালাইকা আৰোৰা আৰু সৰু পৰ্দাৰ অভিনেত্ৰী উৰ্ফি জাৱেদৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে।

এই দুয়োগৰাকী সুন্দৰী ছ’চিয়েল মিডিয়াৰ প্ৰায়ে চৰ্চাত থাকে। অদ্ভুত সাজ-পোছাকৰ বাবে মালাইকা সদায় শিৰোনামত থাকে। আনহাতে উৰ্ফীয়েও অদ্ভুত কাপোৰ পিন্ধি নিজকে বাতৰিৰ মাজলৈ টানি আনিবলৈ বাৰে বাৰে চেষ্টা কৰা দেখা যায়। পিছে কেতিয়াবা কেতিয়াবা ফেশ্বনেবল হোৱাৰ বাবে এওঁলোক দুয়োয়ে বিশেষকৈ আড়ম্বৰপূৰ্ণ কাপোৰ পিন্ধাৰ বাবেও জনপ্ৰিয়। জনপ্ৰিয়তাৰ সমান্তৰালভাৱে এই দুয়োগৰাকী সুন্দৰী বাৰে বাৰে ট্ৰ’লৰ বলিও হয় । কিন্তু এইবাৰ ট্ৰ’ল নহয়, মুম্বাইত তেওঁলোকৰ নামত দাখিল কৰা হৈছে এফআইআৰ ।

সূত্ৰ অনুসৰি, মলাইকা আৰু উৰ্ফিয়ে সমাজখনক প্ৰদূষিত কৰিছে বুলি এই এনজিঅ’টোৰ অভিযোগ দিয়ে। যুৱ প্ৰজন্মক ভুল পথত লৈ গৈছে বুলি উল্লেখ কৰিছে এনজিঅ’টোৱে  গতিকে এই দুই সুন্দৰীক শিকোৱাটো প্ৰয়োজন আছে বুলিয়েই এই পদক্ষেপ গ্ৰহণ কৰিছে ।

শেহতীয়াকৈ মলাইকা আহিছিল তেওঁৰ ক্লিভেজৰ বিষয়ে আলোচনাত। ফেশ্বন শ্ব’ত ফটোশ্বুটৰ সময়ত হঠাতে এজন লোকে মলাইকাৰ হাতত স্পৰ্শ কৰে। সেই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

একে সময়তে উৰ্ফীয়ে ছ’চিয়েল মিডিয়াত কিছু নতুন ছবি আপলোড কৰিছে। য’ত দেখা যায় তেওঁ কেৱল চুলিয়েহে তাইৰ স্তন ঢাকি ৰাখিছে। কেপচনত কেৱল ইমোজিহে দি নীলা ৰঙৰ জিন্স পিন্ধি এক অদ্ভূত ৰূপত দেখা যায় উৰ্ফীক। এনে এক পোষ্ট কৰাৰ পাছত  উৰ্ফিৰ এই ছবিখন ভাইৰেল হৈ পৰিল। এই স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মীসকলে দুয়োগৰাকী সুন্দৰীৰ এনে কৰ্মত অসন্তুষ্ট হৈ উক্ত সিদ্ধান্ত গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু