--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰ্চাত এগৰাকী ইউটিউবাৰ। ৰাস্তাৰ মাজতে সুৰাপান কৰা আৰু বিমানত চিগাৰেটৰ ধোঁৱা উৰুৱাই দিয়াৰ বাবে ববি কাটাৰিয়া নামৰ এজন লোকে বিতৰ্কৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে বৰ্তমান তদন্ত অব্যাহত আছে।

গুৰুগ্ৰাম ভিত্তিক ইউটিউবাৰ ববি কটাৰিয়া বিতৰ্কত নামিছে। তেওঁৰ বহু ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এটা ভিডিঅ’ত তেওঁক বিমানৰ ভিতৰত চিগাৰেট সেৱন কৰা দেখা গৈছে। আন এটা ভিডিঅ’ত তেওঁ ৰাস্তাত সুৰা পান কৰি আছে। দুয়োটা গোচৰতে ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

ববি কাটাৰিয়াৰ এনে কাৰ্য দেখি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলো অতিশয় ক্ষুব্ধ হৈ পৰিছে। নিজৰ প্ৰতিপত্তি প্ৰদৰ্শনৰ বাবে তেওঁ পূৰ্বতে এনেধৰণৰ কাম কৰি আহিছে ববি কাটাৰিয়াই। তেওঁ প্ৰায়ে ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে নিজকে চেলিব্ৰিটি হিচাপে উপস্থাপন কৰে। তথ্য অনুসৰি ফেচবুকত তেওঁৰ ৮ লাখৰো অধিক ফ’ল’ৱাৰ আছে। ইনষ্টাগ্ৰামত ৬ লাখ ৩০ হাজাৰতকৈ অধিক ফ’ল’ৱাৰ আছে। 

বৰ্তমান তেওঁৰ এটা ভিডিঅ’ ভাইৰেল  হৈছে য'ত তেওঁক ৰাস্তাত মুকলিকৈ সুৰাপান কৰা দেখা গৈছে। ৰাস্তাৰ মাজত চকী এখনত বহি মুকলিকৈ সুৰা পান কৰাৰ এক আচৰিত ভিডিঅ'ই নেটিজেনৰ মাজত চৰ্চাৰ খলকনি তুলিছে। এই ক্ষেত্ৰত শেহতীয়াকৈ উত্তৰাখণ্ডৰ ডিজিপিয়ে তদন্তৰ নিৰ্দেশ দিছে।

ইতিমধ্যে ববি কাটাৰিয়াইও এই ভিডিঅ’টোৰ ওপৰত স্পষ্টীকৰণ দিছে, তেওঁ কয় যে উক্ত ভিডিঅ’টো কেৱল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছিল। ইফালে সেই ভিডিঅ'টো  ক’ত বনাইছিল, কেনেদৰে ভাইৰেল হৈছিল সেই সন্দৰ্ভত কোনো তথ্য বৰ্তমান পৰ্যন্ত আৰক্ষীৰ আওতালৈ অহা নাই।

একে সময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ববীৰ আন এটা ভিডিঅ’, য’ত তেওঁক বিমানৰ ভিতৰত চিগাৰেট সেৱন কৰা দেখা গৈছে। এই বিষয়ত স্পাইচজেটৰ বক্তব্যও আহিছে। স্পাইচজেটে জনোৱা মতে, এই ভিডিঅ’টো প্ৰথমবাৰৰ বাবে ২০২২ চনৰ জানুৱাৰী মাহত প্ৰকাশ পাইছিল। ইয়াৰ পাছতে গুৰুগ্ৰামৰ উদ্যোগ বিহাৰ থানাত এজাহাৰ দিয়া হয়।

অস্ত্ৰ-শস্ত্ৰ লৈও দেখা পোৱা ববি কাটাৰিয়াৰ এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত তেওঁ অস্ত্ৰ লৈ মুক্তভাৱে ঘূৰি ফুৰা দেখা গৈছিল। উল্লেখযোগ্য যে ববি কাটাৰিয়াই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এনেধৰণৰ ভিডিঅ’ নিৰন্তৰভাৱে আপলোড কৰি আহিছে ।

ইয়াৰ পূৰ্বেও ববীৰ বহু বিতৰ্কিত ভিডিঅ’ চৰ্চালৈ আহিছে। ২০১৮ চনত গুৰুগ্ৰামত ববি কটাৰিয়াৰ বিৰুদ্ধে ধন দাবীৰ অধীনত গোচৰ ৰুজু হৈছিল। গুৰুগ্ৰাম ভিত্তিক এইজন ইউটিউবাৰৰ বিৰুদ্ধে আৰক্ষীয়ে পৰবৰ্তী সময়ত কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া বৰ্তমান লক্ষ্যনীয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু