--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰ্চাত এগৰাকী ইউটিউবাৰ। ৰাস্তাৰ মাজতে সুৰাপান কৰা আৰু বিমানত চিগাৰেটৰ ধোঁৱা উৰুৱাই দিয়াৰ বাবে ববি কাটাৰিয়া নামৰ এজন লোকে বিতৰ্কৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে বৰ্তমান তদন্ত অব্যাহত আছে।

গুৰুগ্ৰাম ভিত্তিক ইউটিউবাৰ ববি কটাৰিয়া বিতৰ্কত নামিছে। তেওঁৰ বহু ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এটা ভিডিঅ’ত তেওঁক বিমানৰ ভিতৰত চিগাৰেট সেৱন কৰা দেখা গৈছে। আন এটা ভিডিঅ’ত তেওঁ ৰাস্তাত সুৰা পান কৰি আছে। দুয়োটা গোচৰতে ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

ববি কাটাৰিয়াৰ এনে কাৰ্য দেখি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলো অতিশয় ক্ষুব্ধ হৈ পৰিছে। নিজৰ প্ৰতিপত্তি প্ৰদৰ্শনৰ বাবে তেওঁ পূৰ্বতে এনেধৰণৰ কাম কৰি আহিছে ববি কাটাৰিয়াই। তেওঁ প্ৰায়ে ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে নিজকে চেলিব্ৰিটি হিচাপে উপস্থাপন কৰে। তথ্য অনুসৰি ফেচবুকত তেওঁৰ ৮ লাখৰো অধিক ফ’ল’ৱাৰ আছে। ইনষ্টাগ্ৰামত ৬ লাখ ৩০ হাজাৰতকৈ অধিক ফ’ল’ৱাৰ আছে। 

বৰ্তমান তেওঁৰ এটা ভিডিঅ’ ভাইৰেল  হৈছে য'ত তেওঁক ৰাস্তাত মুকলিকৈ সুৰাপান কৰা দেখা গৈছে। ৰাস্তাৰ মাজত চকী এখনত বহি মুকলিকৈ সুৰা পান কৰাৰ এক আচৰিত ভিডিঅ'ই নেটিজেনৰ মাজত চৰ্চাৰ খলকনি তুলিছে। এই ক্ষেত্ৰত শেহতীয়াকৈ উত্তৰাখণ্ডৰ ডিজিপিয়ে তদন্তৰ নিৰ্দেশ দিছে।

ইতিমধ্যে ববি কাটাৰিয়াইও এই ভিডিঅ’টোৰ ওপৰত স্পষ্টীকৰণ দিছে, তেওঁ কয় যে উক্ত ভিডিঅ’টো কেৱল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছিল। ইফালে সেই ভিডিঅ'টো  ক’ত বনাইছিল, কেনেদৰে ভাইৰেল হৈছিল সেই সন্দৰ্ভত কোনো তথ্য বৰ্তমান পৰ্যন্ত আৰক্ষীৰ আওতালৈ অহা নাই।

একে সময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ববীৰ আন এটা ভিডিঅ’, য’ত তেওঁক বিমানৰ ভিতৰত চিগাৰেট সেৱন কৰা দেখা গৈছে। এই বিষয়ত স্পাইচজেটৰ বক্তব্যও আহিছে। স্পাইচজেটে জনোৱা মতে, এই ভিডিঅ’টো প্ৰথমবাৰৰ বাবে ২০২২ চনৰ জানুৱাৰী মাহত প্ৰকাশ পাইছিল। ইয়াৰ পাছতে গুৰুগ্ৰামৰ উদ্যোগ বিহাৰ থানাত এজাহাৰ দিয়া হয়।

অস্ত্ৰ-শস্ত্ৰ লৈও দেখা পোৱা ববি কাটাৰিয়াৰ এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত তেওঁ অস্ত্ৰ লৈ মুক্তভাৱে ঘূৰি ফুৰা দেখা গৈছিল। উল্লেখযোগ্য যে ববি কাটাৰিয়াই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এনেধৰণৰ ভিডিঅ’ নিৰন্তৰভাৱে আপলোড কৰি আহিছে ।

ইয়াৰ পূৰ্বেও ববীৰ বহু বিতৰ্কিত ভিডিঅ’ চৰ্চালৈ আহিছে। ২০১৮ চনত গুৰুগ্ৰামত ববি কটাৰিয়াৰ বিৰুদ্ধে ধন দাবীৰ অধীনত গোচৰ ৰুজু হৈছিল। গুৰুগ্ৰাম ভিত্তিক এইজন ইউটিউবাৰৰ বিৰুদ্ধে আৰক্ষীয়ে পৰবৰ্তী সময়ত কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া বৰ্তমান লক্ষ্যনীয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ