--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি সমগ্ৰ দেশতে পালন কৰা হ’ব পোহৰ আৰু আনন্দৰ উৎসৱ দীপাৱলী। দীপাৱলী উপলক্ষে মালক্ষ্মী পূজাৰ বিশেষ তাৎপৰ্য্য আছে। মধ্যপ্ৰদেশৰ ৰতলামত অৱস্থিত মহালাক্ষ্মী মন্দিৰটো দীপাৱলী উপলক্ষে ফুলেৰে নহয় টকাৰে সজাই তোলা হয় আৰু ভক্তসকলক প্ৰসাদ হিচাপে প্ৰদান কৰা হয় নোটৰ উপৰি সোণ-ৰূপৰ অলংকাৰ।

 মালক্ষ্মীৰ এই বিশেষ মন্দিৰটোত সকলো ধৰণৰ মুদ্ৰা আগবঢ়োৱা হয়। পৌৰাণিক কাহিনী অনুসৰি মহালক্ষ্মী মন্দিৰ নামেৰে জনাজাত এই মন্দিৰত প্ৰাচীন কালত ৰজা-মহাৰজাই মন্দিৰত মুদ্ৰাৰ উপৰি সোণ-ৰূপৰ অলংকাৰ আগবঢ়াইছিল। পাছলৈ ইয়াত আৰম্ভ হ’ল টকা আগবঢ়োৱাৰ পৰম্পৰা আৰু ফুলৰ সলনি টকাৰে সজাই তোলা হয় মন্দিৰটো।

 স্মৰ্তব্য যে এই মন্দিৰত ধনতেৰছৰ পৰাই আৰম্ভ হয় দীপাৱলী উৎসৱ আৰু পাঁচদিনৰ বাবে দীপোৎসৱৰ বিশাল আয়োজন কৰা হয়। এই সময়ত দেৱী লক্ষ্মীৰ সৈতে ভগৱান কুবেৰৰো পূজা কৰা হয়। বিশেষ কথাটো হ’ল যে এই মন্দিৰ চাবলৈ অহা ভক্তসকলক প্ৰসাদত টকা দিয়া হয় আৰু বহুতে প্ৰসাদ হিচাপে সোণ-ৰূপো লাভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ