--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি সমগ্ৰ দেশতে পালন কৰা হ’ব পোহৰ আৰু আনন্দৰ উৎসৱ দীপাৱলী। দীপাৱলী উপলক্ষে মালক্ষ্মী পূজাৰ বিশেষ তাৎপৰ্য্য আছে। মধ্যপ্ৰদেশৰ ৰতলামত অৱস্থিত মহালাক্ষ্মী মন্দিৰটো দীপাৱলী উপলক্ষে ফুলেৰে নহয় টকাৰে সজাই তোলা হয় আৰু ভক্তসকলক প্ৰসাদ হিচাপে প্ৰদান কৰা হয় নোটৰ উপৰি সোণ-ৰূপৰ অলংকাৰ।

 মালক্ষ্মীৰ এই বিশেষ মন্দিৰটোত সকলো ধৰণৰ মুদ্ৰা আগবঢ়োৱা হয়। পৌৰাণিক কাহিনী অনুসৰি মহালক্ষ্মী মন্দিৰ নামেৰে জনাজাত এই মন্দিৰত প্ৰাচীন কালত ৰজা-মহাৰজাই মন্দিৰত মুদ্ৰাৰ উপৰি সোণ-ৰূপৰ অলংকাৰ আগবঢ়াইছিল। পাছলৈ ইয়াত আৰম্ভ হ’ল টকা আগবঢ়োৱাৰ পৰম্পৰা আৰু ফুলৰ সলনি টকাৰে সজাই তোলা হয় মন্দিৰটো।

 স্মৰ্তব্য যে এই মন্দিৰত ধনতেৰছৰ পৰাই আৰম্ভ হয় দীপাৱলী উৎসৱ আৰু পাঁচদিনৰ বাবে দীপোৎসৱৰ বিশাল আয়োজন কৰা হয়। এই সময়ত দেৱী লক্ষ্মীৰ সৈতে ভগৱান কুবেৰৰো পূজা কৰা হয়। বিশেষ কথাটো হ’ল যে এই মন্দিৰ চাবলৈ অহা ভক্তসকলক প্ৰসাদত টকা দিয়া হয় আৰু বহুতে প্ৰসাদ হিচাপে সোণ-ৰূপো লাভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল