--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ পিছত এইবাৰ মালয়েছিয়াই  ভাৰতীয়সকলৰ বাবে 'ভিছা মুক্ত' ভ্ৰমণৰ সুবিধা প্ৰদান কৰিবলৈ আগবাঢ়িছে।  মালয়েছিয়াই দেশখনৰ পৰ্যটন উদ্যোগক জনপ্ৰিয় কৰি তুলিবলৈ ভাৰতীয় লোকৰ বাবে ভিছা মুক্ত ভ্ৰমণৰ সুবিধা দিব বিচাৰিছে। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে ঘোষণা কৰিছে যে ভাৰতীয়সকলে এতিয়াৰে পৰা ভিছা অবিহনে দেশখনত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ব। এই নিয়মটো চলিত বৰ্ষৰ  ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। অৱশ্যে এই নিয়ম  কিমান দিন চলিব সেয়া প্ৰকাশ কৰা হোৱা নাই৷ 

মালয়েছিয়া দক্ষিণ-পূব এছিয়াৰ অন্যতম বিখ্যাত পৰ্যটন স্থল। দেশখনৰ উপাৰ্জন মুখ্যতঃ পৰ্যটনৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰতীয় পৰ্যটকসকল সেই উপাৰ্জনৰ এক বৃহৎ অংশৰ উৎস। ইয়াৰ উপৰি  চীনা পৰ্যটকসকলেও গোটেই বছৰজুৰি দেশ খনত  ভিৰ কৰে। 

ইব্ৰাহিমে কয়  যে ভিছা অবিহনে ভাৰতীয়সকলে সৰ্বাধিক এমাহৰ বাবে মালয়েছিয়াত থাকিব পাৰিব। তাতোকৈ বেছি দিন থাকিবলৈ ভিছাৰ প্ৰয়োজন হ'ব। চীনা নাগৰিকসকলেও এই  সুবিধা পাব। 

উল্লেখ্য এই বছৰৰ জানুৱাৰী আৰু জুন মাহৰ ভিতৰত মুঠ ৯১ লাখ ৬০ হাজাৰ বিদেশী পৰ্যটকে মালয়েছিয়া ভ্ৰমণ কৰিছে। তেওঁলোকৰ ভিতৰত আছিল ৪,৯৮,৫৪০ জন চীনা পৰ্যটক আছিল। ভাৰতৰ পৰা সেই সময়ছোৱাত ২,৮৩,৮৮৫গৰাকী লোকে মালয়েছিয়ালৈ গৈছিল। এই সংখ্যা বৃদ্ধি কৰিবলৈ দেশখনে পৰ্যটকসকলৰ বাবে আকৰ্ষণীয় অফাৰ আগবঢ়াইছে। থাইলেণ্ডৰ চৰকাৰে অক্টোবৰৰ শেষত একে ধৰণৰ ঘোষণাই কৰিছিল। ২০২৩ চনৰ ১০ নৱেম্বৰৰ পৰা ২০২৪ চনৰ ১০ মে'লৈ ভাৰতীয়সকলক ভিছা অবিহনে বেংকক-পাট্টায়া ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement