--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ পিছত এইবাৰ মালয়েছিয়াই  ভাৰতীয়সকলৰ বাবে 'ভিছা মুক্ত' ভ্ৰমণৰ সুবিধা প্ৰদান কৰিবলৈ আগবাঢ়িছে।  মালয়েছিয়াই দেশখনৰ পৰ্যটন উদ্যোগক জনপ্ৰিয় কৰি তুলিবলৈ ভাৰতীয় লোকৰ বাবে ভিছা মুক্ত ভ্ৰমণৰ সুবিধা দিব বিচাৰিছে। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে ঘোষণা কৰিছে যে ভাৰতীয়সকলে এতিয়াৰে পৰা ভিছা অবিহনে দেশখনত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ব। এই নিয়মটো চলিত বৰ্ষৰ  ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। অৱশ্যে এই নিয়ম  কিমান দিন চলিব সেয়া প্ৰকাশ কৰা হোৱা নাই৷ 

মালয়েছিয়া দক্ষিণ-পূব এছিয়াৰ অন্যতম বিখ্যাত পৰ্যটন স্থল। দেশখনৰ উপাৰ্জন মুখ্যতঃ পৰ্যটনৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰতীয় পৰ্যটকসকল সেই উপাৰ্জনৰ এক বৃহৎ অংশৰ উৎস। ইয়াৰ উপৰি  চীনা পৰ্যটকসকলেও গোটেই বছৰজুৰি দেশ খনত  ভিৰ কৰে। 

ইব্ৰাহিমে কয়  যে ভিছা অবিহনে ভাৰতীয়সকলে সৰ্বাধিক এমাহৰ বাবে মালয়েছিয়াত থাকিব পাৰিব। তাতোকৈ বেছি দিন থাকিবলৈ ভিছাৰ প্ৰয়োজন হ'ব। চীনা নাগৰিকসকলেও এই  সুবিধা পাব। 

উল্লেখ্য এই বছৰৰ জানুৱাৰী আৰু জুন মাহৰ ভিতৰত মুঠ ৯১ লাখ ৬০ হাজাৰ বিদেশী পৰ্যটকে মালয়েছিয়া ভ্ৰমণ কৰিছে। তেওঁলোকৰ ভিতৰত আছিল ৪,৯৮,৫৪০ জন চীনা পৰ্যটক আছিল। ভাৰতৰ পৰা সেই সময়ছোৱাত ২,৮৩,৮৮৫গৰাকী লোকে মালয়েছিয়ালৈ গৈছিল। এই সংখ্যা বৃদ্ধি কৰিবলৈ দেশখনে পৰ্যটকসকলৰ বাবে আকৰ্ষণীয় অফাৰ আগবঢ়াইছে। থাইলেণ্ডৰ চৰকাৰে অক্টোবৰৰ শেষত একে ধৰণৰ ঘোষণাই কৰিছিল। ২০২৩ চনৰ ১০ নৱেম্বৰৰ পৰা ২০২৪ চনৰ ১০ মে'লৈ ভাৰতীয়সকলক ভিছা অবিহনে বেংকক-পাট্টায়া ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হৈছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে