--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযিটো সময়ত আদালত বুলি ক’লে বহুতেই ভীতিগ্ৰস্ত হয়, সেই সময়তে  উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ  ডি ৱাই চন্দ্ৰচূড়ে কৈছে যে উচ্চতম ন্যায়ালয়ে "জনসাধাৰণৰ আদালত" হিচাপে কাম কৰিছে আৰু নাগৰিকসকলে আদালতলৈ যাবলৈ বা ইয়াক অন্তিম উপায় হিচাপে গ্ৰহণ কৰিবলৈ  ভয় কৰিব নালাগে। তেওঁ লগতে  কয় যে যিদৰে সংবিধানে আমাক প্ৰতিষ্ঠিত গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজনৈতিক মতভেদ সমাধান কৰিবলৈ অনুমতি দিয়ে,তেনেদৰে  আদালত ব্যৱস্থাই প্ৰতিষ্ঠিত নীতি আৰু প্ৰক্ৰিয়াৰ জৰিয়তে বহু মতভেদ সমাধান কৰাত সহায় কৰে।"   সংবিধান দিৱসৰ  উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যন্যায়াধীশগৰাকীয়ে  কয়। 

অনুষ্ঠানটোত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও  অংশগ্ৰহণ কৰে৷  ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু ন্যায়াধীশ সঞ্জীৱ খান্না, আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু অন্যান্যসকলে ভাগ লোৱা অনুষ্ঠানত চন্দ্ৰচুডড়ে  কয়, "যোৱা সাত দশকত ভাৰতৰ উচ্চতম ন্যায়ালয়ে জনসাধাৰণৰ আদালত হিচাপে কাম কৰিছে। হাজাৰ হাজাৰ নাগৰিকে এই বিশ্বাসেৰে ইয়াৰ কাষ চাপিছে ৷  তেওঁলোকে এই প্ৰতিষ্ঠানটোৰ জৰিয়তে ন্যায় পোৱাৰ আশা কৰিছে।" তেওঁ কয় যে নাগৰিকসকলে তেওঁলোকৰ ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা, বেআইনী গ্ৰেপ্তাৰৰ বিৰুদ্ধে ,  শ্ৰমিকৰ অধিকাৰৰ সুৰক্ষা, নিজৰ ভূমিৰ সুৰক্ষা বিচৰা জনজাতীয় লোক আদালতলৈ আহে।" এই গোচৰবোৰ কেৱল আদালতৰ বাবে এক  পৰিসংখ্যা নহয়। এই গোচৰবোৰ উচ্চতম ন্যায়ালয়ৰ লোকসকলৰ প্ৰত্যাশাৰ লগতে ন্যায় প্ৰদান কৰাৰ বাবে ন্যায়ালয়ৰ নিজা প্ৰতিশ্ৰুতিৰ সৈতে সাদৃশ্যপূৰ্ণ বিষয় বুলিও তেওঁ কয়৷ 


নাগৰিকসকলক  ৰায়দানৰ জৰিয়তে ন্যায় পোৱাটো নিশ্চিত কৰাৰ উপৰি  উচ্চতম ন্যায়ালয়ে ইয়াৰ প্ৰশাসনিক প্ৰক্ৰিয়াসমূহ নাগৰিক কেন্দ্ৰিক হোৱাটো নিশ্চিত কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে বুলিও তেওঁ কয়৷ তেওঁ কয় যে   মানুহে যাতে  আদালতৰ কাম-কাজৰ সৈতে সম্পৰ্ক অনুভৱ কৰে সেই বিষয়ত গুৰুত্ব দিয়া হৈছে। যোৱা বছৰ সংবিধান দিৱসত ৰাষ্ট্ৰপতিয়ে উল্লেখ্য কৰা কাৰাগাৰত অত্যধিক ভিৰৰ বিষয়টোৰ সমাধানৰ  বাবে লোৱা পদক্ষেপসমূহৰ বিষয়ত  আলোকপাত কৰিমুখ্যন্যায়াধীশগৰাকীয়ে কয় যে এই পদক্ষেপসমূহৰ আঁৰৰ লক্ষ্য হৈছে মানুহক এনে অনুভৱ কৰোৱা   যে ন্যায়পালিকাই  তেওঁলোকৰ বাবে কাম কৰি আছে।" নাগৰিকসকলে আদালতলৈ যাবলৈ বা ইয়াক ন্যায়প্ৰাপ্তিৰ অন্তিম উপায় হিচাপে চাবলৈ ভয় কৰিব নালাগে বুলিও তেওঁ কয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান