--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযিটো সময়ত আদালত বুলি ক’লে বহুতেই ভীতিগ্ৰস্ত হয়, সেই সময়তে  উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ  ডি ৱাই চন্দ্ৰচূড়ে কৈছে যে উচ্চতম ন্যায়ালয়ে "জনসাধাৰণৰ আদালত" হিচাপে কাম কৰিছে আৰু নাগৰিকসকলে আদালতলৈ যাবলৈ বা ইয়াক অন্তিম উপায় হিচাপে গ্ৰহণ কৰিবলৈ  ভয় কৰিব নালাগে। তেওঁ লগতে  কয় যে যিদৰে সংবিধানে আমাক প্ৰতিষ্ঠিত গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজনৈতিক মতভেদ সমাধান কৰিবলৈ অনুমতি দিয়ে,তেনেদৰে  আদালত ব্যৱস্থাই প্ৰতিষ্ঠিত নীতি আৰু প্ৰক্ৰিয়াৰ জৰিয়তে বহু মতভেদ সমাধান কৰাত সহায় কৰে।"   সংবিধান দিৱসৰ  উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যন্যায়াধীশগৰাকীয়ে  কয়। 

অনুষ্ঠানটোত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও  অংশগ্ৰহণ কৰে৷  ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু ন্যায়াধীশ সঞ্জীৱ খান্না, আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু অন্যান্যসকলে ভাগ লোৱা অনুষ্ঠানত চন্দ্ৰচুডড়ে  কয়, "যোৱা সাত দশকত ভাৰতৰ উচ্চতম ন্যায়ালয়ে জনসাধাৰণৰ আদালত হিচাপে কাম কৰিছে। হাজাৰ হাজাৰ নাগৰিকে এই বিশ্বাসেৰে ইয়াৰ কাষ চাপিছে ৷  তেওঁলোকে এই প্ৰতিষ্ঠানটোৰ জৰিয়তে ন্যায় পোৱাৰ আশা কৰিছে।" তেওঁ কয় যে নাগৰিকসকলে তেওঁলোকৰ ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা, বেআইনী গ্ৰেপ্তাৰৰ বিৰুদ্ধে ,  শ্ৰমিকৰ অধিকাৰৰ সুৰক্ষা, নিজৰ ভূমিৰ সুৰক্ষা বিচৰা জনজাতীয় লোক আদালতলৈ আহে।" এই গোচৰবোৰ কেৱল আদালতৰ বাবে এক  পৰিসংখ্যা নহয়। এই গোচৰবোৰ উচ্চতম ন্যায়ালয়ৰ লোকসকলৰ প্ৰত্যাশাৰ লগতে ন্যায় প্ৰদান কৰাৰ বাবে ন্যায়ালয়ৰ নিজা প্ৰতিশ্ৰুতিৰ সৈতে সাদৃশ্যপূৰ্ণ বিষয় বুলিও তেওঁ কয়৷ 


নাগৰিকসকলক  ৰায়দানৰ জৰিয়তে ন্যায় পোৱাটো নিশ্চিত কৰাৰ উপৰি  উচ্চতম ন্যায়ালয়ে ইয়াৰ প্ৰশাসনিক প্ৰক্ৰিয়াসমূহ নাগৰিক কেন্দ্ৰিক হোৱাটো নিশ্চিত কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে বুলিও তেওঁ কয়৷ তেওঁ কয় যে   মানুহে যাতে  আদালতৰ কাম-কাজৰ সৈতে সম্পৰ্ক অনুভৱ কৰে সেই বিষয়ত গুৰুত্ব দিয়া হৈছে। যোৱা বছৰ সংবিধান দিৱসত ৰাষ্ট্ৰপতিয়ে উল্লেখ্য কৰা কাৰাগাৰত অত্যধিক ভিৰৰ বিষয়টোৰ সমাধানৰ  বাবে লোৱা পদক্ষেপসমূহৰ বিষয়ত  আলোকপাত কৰিমুখ্যন্যায়াধীশগৰাকীয়ে কয় যে এই পদক্ষেপসমূহৰ আঁৰৰ লক্ষ্য হৈছে মানুহক এনে অনুভৱ কৰোৱা   যে ন্যায়পালিকাই  তেওঁলোকৰ বাবে কাম কৰি আছে।" নাগৰিকসকলে আদালতলৈ যাবলৈ বা ইয়াক ন্যায়প্ৰাপ্তিৰ অন্তিম উপায় হিচাপে চাবলৈ ভয় কৰিব নালাগে বুলিও তেওঁ কয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন