--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপিতৃ তামিল আৰু হিন্দী ছবি জগতৰ এগৰাকী প্ৰখ্যাত অভিনেতা, পুত্ৰ বিশ্ব বিজয়ী সন্তৰণবিদ। হয়, অভিনেতা আৰ মাধৱনৰ পুত্ৰ  বেদান্ত মাধৱনে সাঁতোৰত পাঁচটাকৈ স্বৰ্ণ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। মালয়েছিয়াত মাধৱনৰ পুত্ৰ বেদান্তেই ৫টা স্বৰ্ণ পদক জয় কৰাৰ পিছত আৰ মাধৱনে লিখিছে, 'উৎফুল্লিত আৰু অতি কৃতজ্ঞ।'

মালয়েছিয়াৰ আমন্ত্ৰণমূলক চেম্পিয়নশ্বিপত তেওঁৰ পুত্ৰ বেদান্ত মাধৱনে সাঁতোৰত পাঁচটা সোণৰ পদক অৰ্জন কৰাৰ খবৰ পোৱাৰ পিছতে অভিনেতা আৰ মাধৱন  অতিকৈ আনন্দিত হৈ পৰিছে। তেওঁৰ আনন্দ আৰু সুখ ভাগ বতৰা কৰি অভিনেতাজনে তেওঁৰ পুত্ৰৰ ছবি ইনষ্টাগ্ৰামত পোষ্ট কৰিছে আৰু  লিখিছে যে "ঈশ্বৰৰ অনুগ্ৰহ আৰু আপোনাৰ সকলো শুভকামনাৰ বাবেই  বেদান্তই  মালয়েছিয়াৰ আমন্ত্ৰণমূলক  চেম্পিয়নশ্বিপত  ভাৰতৰ বাবে ৫ টা স্বৰ্ণ (৫০মিটাৰ, ১০০ মিটাৰ, ২০০মিটাৰ, আৰু ১৫০০ মিটাৰ) লাভ কৰিছে। মই উৎফুল্লিত আৰু অতি কৃতজ্ঞ।" 

আৰ মাধৱনে পোষ্টটো শ্বেয়াৰ কৰাৰ পিছতে  তেওঁৰ অনুৰাগীসকলে বিভিন্ন ধৰণে উৎসাহপূৰ্ণ মন্তব্য কৰিছে। অভিনন্দন বাৰ্তাৰে প্লাবিত হৈ পৰিছে মাধৱনৰ ইনষ্টাগ্ৰামৰ পেজ। বেদান্তই ইয়াৰ পূৰ্বেও  বহু প্ৰতিযোগিতাত জয় লাভ কৰিছে।  

তেওঁ যোৱা কেইবছৰমানধৰি জয়ৰ ধাৰা অব্যাহত ৰাখিছে।  এই বছৰৰ ফেব্ৰুৱাৰী মাহত খেলো ইণ্ডিয়া ২০২৩ টুৰ্ণামেণ্টত মহাৰাষ্ট্ৰ দলক প্ৰতিনিধিত্ব কৰা বেদান্তই প্ৰতিযোগিতাখনত পাঁচটা সোণৰ পদক আৰু দুটা ৰূপৰ পদক জিকিছিল। যোৱা বছৰৰ জুলাই মাহত বেদান্তই  ৪৮ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় একুৱাটিক  চেম্পিয়নশ্বিপত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰৰ অভিলেখ ভংগ কৰে আৰু ১৫০০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰ প্ৰতিযোগিতাত বিজয়ী হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ