--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপিতৃ তামিল আৰু হিন্দী ছবি জগতৰ এগৰাকী প্ৰখ্যাত অভিনেতা, পুত্ৰ বিশ্ব বিজয়ী সন্তৰণবিদ। হয়, অভিনেতা আৰ মাধৱনৰ পুত্ৰ  বেদান্ত মাধৱনে সাঁতোৰত পাঁচটাকৈ স্বৰ্ণ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। মালয়েছিয়াত মাধৱনৰ পুত্ৰ বেদান্তেই ৫টা স্বৰ্ণ পদক জয় কৰাৰ পিছত আৰ মাধৱনে লিখিছে, 'উৎফুল্লিত আৰু অতি কৃতজ্ঞ।'

মালয়েছিয়াৰ আমন্ত্ৰণমূলক চেম্পিয়নশ্বিপত তেওঁৰ পুত্ৰ বেদান্ত মাধৱনে সাঁতোৰত পাঁচটা সোণৰ পদক অৰ্জন কৰাৰ খবৰ পোৱাৰ পিছতে অভিনেতা আৰ মাধৱন  অতিকৈ আনন্দিত হৈ পৰিছে। তেওঁৰ আনন্দ আৰু সুখ ভাগ বতৰা কৰি অভিনেতাজনে তেওঁৰ পুত্ৰৰ ছবি ইনষ্টাগ্ৰামত পোষ্ট কৰিছে আৰু  লিখিছে যে "ঈশ্বৰৰ অনুগ্ৰহ আৰু আপোনাৰ সকলো শুভকামনাৰ বাবেই  বেদান্তই  মালয়েছিয়াৰ আমন্ত্ৰণমূলক  চেম্পিয়নশ্বিপত  ভাৰতৰ বাবে ৫ টা স্বৰ্ণ (৫০মিটাৰ, ১০০ মিটাৰ, ২০০মিটাৰ, আৰু ১৫০০ মিটাৰ) লাভ কৰিছে। মই উৎফুল্লিত আৰু অতি কৃতজ্ঞ।" 

আৰ মাধৱনে পোষ্টটো শ্বেয়াৰ কৰাৰ পিছতে  তেওঁৰ অনুৰাগীসকলে বিভিন্ন ধৰণে উৎসাহপূৰ্ণ মন্তব্য কৰিছে। অভিনন্দন বাৰ্তাৰে প্লাবিত হৈ পৰিছে মাধৱনৰ ইনষ্টাগ্ৰামৰ পেজ। বেদান্তই ইয়াৰ পূৰ্বেও  বহু প্ৰতিযোগিতাত জয় লাভ কৰিছে।  

তেওঁ যোৱা কেইবছৰমানধৰি জয়ৰ ধাৰা অব্যাহত ৰাখিছে।  এই বছৰৰ ফেব্ৰুৱাৰী মাহত খেলো ইণ্ডিয়া ২০২৩ টুৰ্ণামেণ্টত মহাৰাষ্ট্ৰ দলক প্ৰতিনিধিত্ব কৰা বেদান্তই প্ৰতিযোগিতাখনত পাঁচটা সোণৰ পদক আৰু দুটা ৰূপৰ পদক জিকিছিল। যোৱা বছৰৰ জুলাই মাহত বেদান্তই  ৪৮ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় একুৱাটিক  চেম্পিয়নশ্বিপত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰৰ অভিলেখ ভংগ কৰে আৰু ১৫০০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰ প্ৰতিযোগিতাত বিজয়ী হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement