--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলত সৃষ্টি হৈছে এক নতুন নজিৰ। দেওবাৰে মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হোৱা খেলখনত অৰ্জুন টেণ্ডুলকাৰে আই পি এলত অভিষেক ঘটায়। অভিষেকৰ লগে লগে আই পি এল হৈ পৰিছে দুটা প্ৰজন্মৰ খেল। অৰ্থাৎ পিতা-পুত্ৰ দুয়ো প্ৰতিযোগিতাখনত অৱতীৰ্ণ হৈছে। অৱশ্যে একেটা পৰিয়ালৰ একাধিক সদস্যই আই পি এলত খেলাৰ নজিৰ আছে।

শচীন টেণ্ডুলকাৰে ২০০৮ চনৰ পৰা ২০১৩ চনলৈ মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এল খেলিছিল। নেতৃত্বও দিছিল। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীয়ে আই পি এলত মুঠ ৭৮খন খেল খেলিছিল৷ দেওবাৰে তেওঁৰ পুত্ৰইও আই পি এলত খেলে। আই পি এলত পিতৃ-পুত্ৰৰ খেলৰ এয়া প্ৰথম দৃষ্টান্ত। সেই অৰ্থত ২৩ বছৰীয়া বাওঁহাতৰ শক্তিশালী বলাৰগৰাকীয়ে আই পি এলত এক নতুন নজিৰ গঢ়ি তুলিছে।

আই পি এলত খেলাৰ একাধিক নজিৰ আছে দুগৰাকীকৈ ভাতৃৰ। তেওঁলোক হৈছে- ইৰফান পাথান আৰু ইউছুফ পাথানে, হাৰ্দিক পাণ্ডিয়া আৰু ক্ৰুনাল পাণ্ডিয়া, মাৰ্কো জান্সেন আৰু ডুৱেন জান্সেন।

কিন্তু আই পি এলত পিতৃ-পুত্ৰৰ খেলৰ কোনো উদাহৰণ নাই। একেটা ফ্ৰেঞ্চাইজি দলৰ পৰাই দুয়ো খেলিছে। ২০২১ চনৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ ক্ৰিকেটাৰ অৰ্জুন। প্ৰথম বছৰত আঘাতৰ বাবে অৰ্জুনে এখনো মেচ খেলিব নোৱাৰিলে। যোৱা বছৰো খেলাৰ সুযোগ নাপালে। অৱশেষত দেওবাৰে শচীন-পুত্ৰৰ আই পি এল খেলাৰ সপোন বাস্তৱায়িত হ’ল। যোৱা নিলামত অৰ্জুনক মুম্বাইয়ে ৩০ লাখ টকাত ক্ৰয় কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ