--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলত সৃষ্টি হৈছে এক নতুন নজিৰ। দেওবাৰে মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হোৱা খেলখনত অৰ্জুন টেণ্ডুলকাৰে আই পি এলত অভিষেক ঘটায়। অভিষেকৰ লগে লগে আই পি এল হৈ পৰিছে দুটা প্ৰজন্মৰ খেল। অৰ্থাৎ পিতা-পুত্ৰ দুয়ো প্ৰতিযোগিতাখনত অৱতীৰ্ণ হৈছে। অৱশ্যে একেটা পৰিয়ালৰ একাধিক সদস্যই আই পি এলত খেলাৰ নজিৰ আছে।

শচীন টেণ্ডুলকাৰে ২০০৮ চনৰ পৰা ২০১৩ চনলৈ মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এল খেলিছিল। নেতৃত্বও দিছিল। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীয়ে আই পি এলত মুঠ ৭৮খন খেল খেলিছিল৷ দেওবাৰে তেওঁৰ পুত্ৰইও আই পি এলত খেলে। আই পি এলত পিতৃ-পুত্ৰৰ খেলৰ এয়া প্ৰথম দৃষ্টান্ত। সেই অৰ্থত ২৩ বছৰীয়া বাওঁহাতৰ শক্তিশালী বলাৰগৰাকীয়ে আই পি এলত এক নতুন নজিৰ গঢ়ি তুলিছে।

আই পি এলত খেলাৰ একাধিক নজিৰ আছে দুগৰাকীকৈ ভাতৃৰ। তেওঁলোক হৈছে- ইৰফান পাথান আৰু ইউছুফ পাথানে, হাৰ্দিক পাণ্ডিয়া আৰু ক্ৰুনাল পাণ্ডিয়া, মাৰ্কো জান্সেন আৰু ডুৱেন জান্সেন।

কিন্তু আই পি এলত পিতৃ-পুত্ৰৰ খেলৰ কোনো উদাহৰণ নাই। একেটা ফ্ৰেঞ্চাইজি দলৰ পৰাই দুয়ো খেলিছে। ২০২১ চনৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ ক্ৰিকেটাৰ অৰ্জুন। প্ৰথম বছৰত আঘাতৰ বাবে অৰ্জুনে এখনো মেচ খেলিব নোৱাৰিলে। যোৱা বছৰো খেলাৰ সুযোগ নাপালে। অৱশেষত দেওবাৰে শচীন-পুত্ৰৰ আই পি এল খেলাৰ সপোন বাস্তৱায়িত হ’ল। যোৱা নিলামত অৰ্জুনক মুম্বাইয়ে ৩০ লাখ টকাত ক্ৰয় কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে