--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গণৰাজ্য দিৱসৰ দিনটোত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাৰ এটা কবিতাই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ব্যাপক চৰ্চা লাভ কৰিছিল৷ ‘মই ‘ফায়াৰ ব্ৰিগেড’’ শীৰ্ষক কবিতাটোৰ মাধ্যমেৰে ভূপেন বৰাই বিজেপি দল আৰু প্ৰধানতঃ ৰাজ্যৰ মুখ্যমন্ত্ৰীক সমালোচনাৰ লক্ষ্য কৰি লৈছিল৷ ভূপেন বৰাৰ কবিতাটোক উভতি ধৰি ভূপেন বৰাকো সমালোচনাৰ লক্ষ্য কৰি লৈছিল ৰাজ্যিক বিজেপিয়ে৷ কবিতাটো প্ৰকাশৰ দিনটোতেই সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাই ভূপেন বৰাক পানী নথকা ফায়াৰ ব্ৰিগেড বুলি অভিহিত কৰিছিল৷ কালি ৰাজ্যিক বিজেপিয়ে সংবাদমেল অনুষ্ঠিত কৰি সমালোচনা কৰিছিল ভূপেন বৰাক৷ আৰু আজি কবিতাটো সম্পৰ্কত পুনৰ মুখ খুলিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই৷ তেওঁ কয়, মই কবিতা লিখিছোঁ, ৰাইজে ভাল পাইছে, বিজেপিয়ে বেয়া পোৱাতো স্বাভাৱিক৷ এসময়ৰ কংগ্ৰেছ নেতা তথা এতিয়া বিজেপিৰ মন্ত্ৰী পীযূষ হাজৰিকাক সমালোচনা কৰি ভূপেন বৰাই কয়, পীযূষ হাজৰিকাৰ দেউতাক আজন্ম কংগ্ৰেছী৷ দেউতাকৰ মৃতদেহৰ ওপৰতো কংগ্ৰেছৰ পতাকা পাৰি দিয়া হৈছিল৷ কংগ্ৰেছৰ ৮০% চোৰ-ডকাইত বুলি কৈ পিতৃৰ আত্মাকো আঘাত দিছে পীযূষ হাজৰিকাই৷ তেওঁ লগতে কয়, মুখ্যমন্ত্ৰীৰ ভালৰ কাৰণে ৰাজ্যত জ্বলি থকা জুই দেখুৱাই দিছোঁ কবিতাৰ মাধ্যমেৰে৷ মই ছাত্ৰাৱস্থাত সাহিত্য চৰ্চা কৰিছিলোঁ, কিন্তু এই কবিতাটোৰ বাবে বহুতে মোক কবি বুলি সম্বোধন কৰিছে, ভাল পাইছোঁ ৰাজনীতিৰ পাছত কবিতা চৰ্চা পুনৰ আৰম্ভ কৰিম৷ ৰাজ্যৰ বিত্তীয় অৱস্থা সন্দৰ্ভত মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, বৰ্তমান ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা কি সকলোৱে জানে৷ ঋণ লৈ চলিবলগীয়া হৈছে৷ বেলেগ দলত বিনিয়োগ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, গতিকে মন্ত্ৰীসকলৰ পুঁজিৰ বাবে ধন ক’ত থাকিব বুলি প্ৰশ্ন বৰাৰ৷ ৰাজ্যসভাৰ দুয়োখন আসনেই বিজেপিয়ে লাভ কৰিব বুলি বিজেপিৰ মন্তব্যক উভতি ধৰি ভূপেন বৰাই কয়, বিজেপিয়ে বিধানসভা নিৰ্বাচনতো ১০০+ বুলি কৈছিল, একেদৰে ৰাজ্যসভাৰো দুখন আসনেই পাম বুলি কৈছে৷ ৰাজ্যসভাৰ নিৰ্বাচন প্ৰতিগৰাকী বিধায়কৰ বাবে অগ্নিপৰীক্ষা, বিৰোধী একগোট হৈ অগ্নিপৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে৷ ইপিনে, নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ ঘটনাত মুখ্যমন্ত্ৰীক কটাক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, মামা নগ’ল কাৰণে নগাঁৱত ভাগিনৰ খবৰ ল'বলৈ মই গৈছোঁ, এনকাউন্টাৰ হোৱা সকলোৰে ঘৰলৈ মই যোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু