--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গণৰাজ্য দিৱসৰ দিনটোত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাৰ এটা কবিতাই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ব্যাপক চৰ্চা লাভ কৰিছিল৷ ‘মই ‘ফায়াৰ ব্ৰিগেড’’ শীৰ্ষক কবিতাটোৰ মাধ্যমেৰে ভূপেন বৰাই বিজেপি দল আৰু প্ৰধানতঃ ৰাজ্যৰ মুখ্যমন্ত্ৰীক সমালোচনাৰ লক্ষ্য কৰি লৈছিল৷ ভূপেন বৰাৰ কবিতাটোক উভতি ধৰি ভূপেন বৰাকো সমালোচনাৰ লক্ষ্য কৰি লৈছিল ৰাজ্যিক বিজেপিয়ে৷ কবিতাটো প্ৰকাশৰ দিনটোতেই সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাই ভূপেন বৰাক পানী নথকা ফায়াৰ ব্ৰিগেড বুলি অভিহিত কৰিছিল৷ কালি ৰাজ্যিক বিজেপিয়ে সংবাদমেল অনুষ্ঠিত কৰি সমালোচনা কৰিছিল ভূপেন বৰাক৷ আৰু আজি কবিতাটো সম্পৰ্কত পুনৰ মুখ খুলিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই৷ তেওঁ কয়, মই কবিতা লিখিছোঁ, ৰাইজে ভাল পাইছে, বিজেপিয়ে বেয়া পোৱাতো স্বাভাৱিক৷ এসময়ৰ কংগ্ৰেছ নেতা তথা এতিয়া বিজেপিৰ মন্ত্ৰী পীযূষ হাজৰিকাক সমালোচনা কৰি ভূপেন বৰাই কয়, পীযূষ হাজৰিকাৰ দেউতাক আজন্ম কংগ্ৰেছী৷ দেউতাকৰ মৃতদেহৰ ওপৰতো কংগ্ৰেছৰ পতাকা পাৰি দিয়া হৈছিল৷ কংগ্ৰেছৰ ৮০% চোৰ-ডকাইত বুলি কৈ পিতৃৰ আত্মাকো আঘাত দিছে পীযূষ হাজৰিকাই৷ তেওঁ লগতে কয়, মুখ্যমন্ত্ৰীৰ ভালৰ কাৰণে ৰাজ্যত জ্বলি থকা জুই দেখুৱাই দিছোঁ কবিতাৰ মাধ্যমেৰে৷ মই ছাত্ৰাৱস্থাত সাহিত্য চৰ্চা কৰিছিলোঁ, কিন্তু এই কবিতাটোৰ বাবে বহুতে মোক কবি বুলি সম্বোধন কৰিছে, ভাল পাইছোঁ ৰাজনীতিৰ পাছত কবিতা চৰ্চা পুনৰ আৰম্ভ কৰিম৷ ৰাজ্যৰ বিত্তীয় অৱস্থা সন্দৰ্ভত মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, বৰ্তমান ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা কি সকলোৱে জানে৷ ঋণ লৈ চলিবলগীয়া হৈছে৷ বেলেগ দলত বিনিয়োগ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, গতিকে মন্ত্ৰীসকলৰ পুঁজিৰ বাবে ধন ক’ত থাকিব বুলি প্ৰশ্ন বৰাৰ৷ ৰাজ্যসভাৰ দুয়োখন আসনেই বিজেপিয়ে লাভ কৰিব বুলি বিজেপিৰ মন্তব্যক উভতি ধৰি ভূপেন বৰাই কয়, বিজেপিয়ে বিধানসভা নিৰ্বাচনতো ১০০+ বুলি কৈছিল, একেদৰে ৰাজ্যসভাৰো দুখন আসনেই পাম বুলি কৈছে৷ ৰাজ্যসভাৰ নিৰ্বাচন প্ৰতিগৰাকী বিধায়কৰ বাবে অগ্নিপৰীক্ষা, বিৰোধী একগোট হৈ অগ্নিপৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে৷ ইপিনে, নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ ঘটনাত মুখ্যমন্ত্ৰীক কটাক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, মামা নগ’ল কাৰণে নগাঁৱত ভাগিনৰ খবৰ ল'বলৈ মই গৈছোঁ, এনকাউন্টাৰ হোৱা সকলোৰে ঘৰলৈ মই যোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু