--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে সদ্ভাৱনা প্ৰকল্পৰ শুভাৰম্ভণিৰ প্ৰাকক্ষণত এখন মত-বিনিময় সভাত অংশগ্ৰহণ কৰে৷ অসম চৰকাৰে সদ্ভাৱনা প্ৰকল্পৰ জৰিয়তে ২০২৩ চনৰ ১০ মে’ৰ ভিতৰত অমীমাংসিত ফাইলসমূহ নিষ্পত্তিকৰণৰ লক্ষ্য স্থিৰ কৰি লৈছে আৰু সকলো কৰ্মচাৰীয়ে এইক্ষেত্ৰত সকলোধৰণৰ সহযোগিতা আগবঢ়াব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ লগতে কয়, আমি মসৃণ ৰাজহুৱা সেৱা প্ৰদানৰ লক্ষ্যৰে ই-অফিচ ব্যৱস্থা প্ৰৱৰ্তনৰ যোগেদি নিৰৱচ্ছিন্নভাৱে ৰূপান্তৰৰ দিশত আগবাঢ়ি গৈ আছোঁ। জনতা ভৱনত আজি এনেদৰেই মুখ্যমন্ত্ৰীয়ে ফাইল সম্পৰ্কীয় কাম-কাজৰ ক্ষেত্ৰত অসম চৰকাৰৰ লক্ষ্য আৰু চিন্তাৰ বিষয়ে সদৰি কৰে৷ অসম চৰকাৰৰ অধীনস্থ যিকোনো বিভাগতে কৰ্মচাৰীৰ অৱহেলা আৰু সংস্কাৰহীনতাৰ বাবেই দশক দশকজুৰি একোটা ফাইল একেখন মেজতে পৰি ৰোৱাৰ উদাহৰণ অলেখ৷ বিশেষকৈ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ হৃদপিণ্ডস্বৰূপ জনতা ভৱনত একোটা ফাইলৰ অগ্ৰগতিৰ বাবে তাঁতবাতি কাঢ়িবলগা হয় সাধাৰণ জনতাই৷ সামগ্ৰিকভাবে প্ৰশাসনিক ব্যৱস্থাটোৱেই জনসাধাৰণক বিপৰ্যস্ত কৰি তোলে৷ আৰু, একাংশ বিষয়া-কৰ্মচাৰীয়ে একোটা কাৰ্যালয়ত তেনেকৈয়ে ৰোপণ কৰে দুৰ্নীতিৰ বীজ৷ জনতা ভৱনৰ একাংশ কৰ্মচাৰীৰ দুৰ্নীতিপৰায়ণ মানসিকতাৰ বাবেই দুৰ্ভোগ ভুগিবলগীয়া হয় জনসাধাৰণে৷ এখন মেজৰ পৰা আন এখন মেজলৈ একোটা ফাইল গৈ পাওতেই বাগৰি যায় কেইবাটাও বছৰ৷ প্ৰশাসনীয় ব্যৱস্থাটোক লেহেমীয়া কৰি অসম চৰকাৰৰ বিভাগসমূহত ফাইলৰ লেহেমীয়া গতিৰ বাবেই কাৰোবাৰ পেঞ্চনপ্ৰাপ্তি নহয়, কাৰোবাৰ হয়তো চিকিৎসাৰ নথি এখন নোলায়৷ জনতা ভৱনৰ কৰ্মচাৰীয়ে (সকলো নহয়) ফাইলৰ টেবুলত কাম কৰিবলৈ পাই নিজকে ইমানেই ভাগ্যৱান বুলি ভাবে যে তেওঁলোক কাৰ্যালয় এটাৰ হৰ্তা-কৰ্তাস্বৰূপ হৈ পৰে৷ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এগৰাকীৰ পৰা চৰকাৰৰ মন্ত্ৰী পৰ্যায়লৈ সকলোৱে এই ব্যৱস্থাৰ অংশীদাৰ৷ পৰস্পৰ নিৰ্ভৰশীল এই ব্যৱস্থাই জনতাক বহুসময়ত ব্যৱস্থাৰ প্ৰতি বিতুষ্ট কৰি তুলিছে৷ অদৃশ্যভাৱে দুৰ্নীতিৰ কেন্দ্ৰীভূত ব্যৱস্থা এটা নিৰ্মাণ কৰি ৰাজ্য প্ৰশাসনৰ হৃদযন্ত্ৰৰ পৰাই দুৰ্নীতিৰ হাতোৰাবোৰে ক্ৰমশঃ সকলোকে চুই যাবলৈ আৰম্ভ কৰে৷ আৰু, টকা দেখিলেই ফাইলৰ কামে অনিৰুদ্ধ গতিত দৌৰিবলৈ আৰম্ভ কৰে৷ জনতা ভৱনকে কেন্দ্ৰ কৰি অসম চৰকাৰৰ বিভাগসমূহৰ ৰৈ থকা কামৰ ফাইলসমূহৰ নিষ্পত্তিৰ বাবে মুখ্যমন্ত্ৰীৰ পদক্ষেপ প্ৰশংসনীয়৷ কিন্তু, সঁচা অৰ্থতে ফাইল নিষ্পত্তিকৰণৰ পদক্ষেপ কাৰ্যকৰী হ’লে জনতাই সকাহ পোৱাৰ লগতে প্ৰশাসনীয় ব্যৱস্থাটোও খৰতকীয়া হোৱাৰ আশা কৰিব পাৰি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু