--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে সদ্ভাৱনা প্ৰকল্পৰ শুভাৰম্ভণিৰ প্ৰাকক্ষণত এখন মত-বিনিময় সভাত অংশগ্ৰহণ কৰে৷ অসম চৰকাৰে সদ্ভাৱনা প্ৰকল্পৰ জৰিয়তে ২০২৩ চনৰ ১০ মে’ৰ ভিতৰত অমীমাংসিত ফাইলসমূহ নিষ্পত্তিকৰণৰ লক্ষ্য স্থিৰ কৰি লৈছে আৰু সকলো কৰ্মচাৰীয়ে এইক্ষেত্ৰত সকলোধৰণৰ সহযোগিতা আগবঢ়াব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ লগতে কয়, আমি মসৃণ ৰাজহুৱা সেৱা প্ৰদানৰ লক্ষ্যৰে ই-অফিচ ব্যৱস্থা প্ৰৱৰ্তনৰ যোগেদি নিৰৱচ্ছিন্নভাৱে ৰূপান্তৰৰ দিশত আগবাঢ়ি গৈ আছোঁ। জনতা ভৱনত আজি এনেদৰেই মুখ্যমন্ত্ৰীয়ে ফাইল সম্পৰ্কীয় কাম-কাজৰ ক্ষেত্ৰত অসম চৰকাৰৰ লক্ষ্য আৰু চিন্তাৰ বিষয়ে সদৰি কৰে৷ অসম চৰকাৰৰ অধীনস্থ যিকোনো বিভাগতে কৰ্মচাৰীৰ অৱহেলা আৰু সংস্কাৰহীনতাৰ বাবেই দশক দশকজুৰি একোটা ফাইল একেখন মেজতে পৰি ৰোৱাৰ উদাহৰণ অলেখ৷ বিশেষকৈ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ হৃদপিণ্ডস্বৰূপ জনতা ভৱনত একোটা ফাইলৰ অগ্ৰগতিৰ বাবে তাঁতবাতি কাঢ়িবলগা হয় সাধাৰণ জনতাই৷ সামগ্ৰিকভাবে প্ৰশাসনিক ব্যৱস্থাটোৱেই জনসাধাৰণক বিপৰ্যস্ত কৰি তোলে৷ আৰু, একাংশ বিষয়া-কৰ্মচাৰীয়ে একোটা কাৰ্যালয়ত তেনেকৈয়ে ৰোপণ কৰে দুৰ্নীতিৰ বীজ৷ জনতা ভৱনৰ একাংশ কৰ্মচাৰীৰ দুৰ্নীতিপৰায়ণ মানসিকতাৰ বাবেই দুৰ্ভোগ ভুগিবলগীয়া হয় জনসাধাৰণে৷ এখন মেজৰ পৰা আন এখন মেজলৈ একোটা ফাইল গৈ পাওতেই বাগৰি যায় কেইবাটাও বছৰ৷ প্ৰশাসনীয় ব্যৱস্থাটোক লেহেমীয়া কৰি অসম চৰকাৰৰ বিভাগসমূহত ফাইলৰ লেহেমীয়া গতিৰ বাবেই কাৰোবাৰ পেঞ্চনপ্ৰাপ্তি নহয়, কাৰোবাৰ হয়তো চিকিৎসাৰ নথি এখন নোলায়৷ জনতা ভৱনৰ কৰ্মচাৰীয়ে (সকলো নহয়) ফাইলৰ টেবুলত কাম কৰিবলৈ পাই নিজকে ইমানেই ভাগ্যৱান বুলি ভাবে যে তেওঁলোক কাৰ্যালয় এটাৰ হৰ্তা-কৰ্তাস্বৰূপ হৈ পৰে৷ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এগৰাকীৰ পৰা চৰকাৰৰ মন্ত্ৰী পৰ্যায়লৈ সকলোৱে এই ব্যৱস্থাৰ অংশীদাৰ৷ পৰস্পৰ নিৰ্ভৰশীল এই ব্যৱস্থাই জনতাক বহুসময়ত ব্যৱস্থাৰ প্ৰতি বিতুষ্ট কৰি তুলিছে৷ অদৃশ্যভাৱে দুৰ্নীতিৰ কেন্দ্ৰীভূত ব্যৱস্থা এটা নিৰ্মাণ কৰি ৰাজ্য প্ৰশাসনৰ হৃদযন্ত্ৰৰ পৰাই দুৰ্নীতিৰ হাতোৰাবোৰে ক্ৰমশঃ সকলোকে চুই যাবলৈ আৰম্ভ কৰে৷ আৰু, টকা দেখিলেই ফাইলৰ কামে অনিৰুদ্ধ গতিত দৌৰিবলৈ আৰম্ভ কৰে৷ জনতা ভৱনকে কেন্দ্ৰ কৰি অসম চৰকাৰৰ বিভাগসমূহৰ ৰৈ থকা কামৰ ফাইলসমূহৰ নিষ্পত্তিৰ বাবে মুখ্যমন্ত্ৰীৰ পদক্ষেপ প্ৰশংসনীয়৷ কিন্তু, সঁচা অৰ্থতে ফাইল নিষ্পত্তিকৰণৰ পদক্ষেপ কাৰ্যকৰী হ’লে জনতাই সকাহ পোৱাৰ লগতে প্ৰশাসনীয় ব্যৱস্থাটোও খৰতকীয়া হোৱাৰ আশা কৰিব পাৰি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু