--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বান্দৰৰ অতপালিত মানুহৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ কথা নিশ্চয় শুনিছে। হয়তো কেতিয়াবা আপুনি নিজেও এনে অতপালিৰ চিকাৰ হৈছে। বিশেষকৈ খাদ্যৰ সন্ধানত অৰণ্যৰ পৰা ওলাই অহা এই বন্য জন্তুবিধে মানুহৰ খেতিৰ শস্য নষ্ট কৰাৰ লগতে বহু সময়ত ঘৰৰ ভিতৰত প্ৰৱেশ কৰিও নানা ধৰণে অনিষ্ট সাধন কৰে। সাধাৰণতে বান্দৰৰ অতপালিৰ কথা ক'লে এনে ধৰণৰ ঘটনাই আপোনাৰ মানসপটত ভাহি আহিব। 

পিছে বান্দৰৰ এই অতপালি এতিয়া তেনেই সাধাৰণ। এইদৰে সাধাৰণ অনিষ্ট সাধনতে এইবাৰ ক্ষান্ত নাথাকিল বান্দৰ সমাজ। প্ৰত্যক্ষ্যভাৱে এইবাৰ মানৱ সমাজৰ ওপৰত জপিয়াই পৰিছে বান্দৰ সৈন্য। ধাৰাবাহিকভাৱে মানুহৰ ওপৰত আক্ৰমণ সংঘটিত কৰি বান্দৰ সেনাই আহত কৰিছে ৫০ জনকৈ লোকক। এই আশ্চৰ্যকৰ ঘটনা সংঘটিত হৈছে জাপানত।

পশ্চিম জাপানৰ ইয়ামাগুচি চহৰত এই ঘটনা সংঘটিত হৈছে। চহৰখনত প্ৰায় তিনি সপ্তাহ পূৰ্বে বান্দৰৰ এটা দলে প্ৰথমে মহিলা আৰু শিশুৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছিল। পিছত এই আক্ৰমণৰ কোব পুৰুষসকলৰ ক্ষেত্ৰত প্ৰয়োগ কৰে বান্দৰ সেনাই। 

মঙলবাৰে দুপৰীয়ালৈকে বান্দৰৰ এই দলটোৱে ৫০ জন লোকক আক্ৰমণ কৰি আহত কৰিছে বুলি স্থানীয় কৰ্তৃপক্ষই সদৰি কৰিছে। নগৰখনৰ আৱাসীসকলক আঁচোৰি আৰু কামুৰি আঘাত কৰিছে এই বান্দৰ সৈন্যই।  ধাৰাবাহিকভাৱে এই আক্ৰমণ চলি থকাৰ বাবে এতিয়াও অনুসন্ধান চলাই আছে কৰ্তৃপক্ষই। 

মহানগৰৰ বিষয়াসকলে এই আক্ৰমণকাৰী দলটোক বিচাৰি উলিওৱাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে। এই প্ৰচেষ্টাৰ প্ৰাথমিক সফলতা হিচাপে মঙ্গলবাৰে সন্ধিয়া এটা বান্দৰক ধৰিবলৈ সক্ষম হয় নগৰখনৰ কৰ্তৃপক্ষ। ইয়ামাগুচি চহৰৰ এখন বিদ্যালয়ৰ খেলপথাৰত ঘূৰি ফুৰাৰ সময়ত বান্দৰটোক ধৰিবলৈ সক্ষম হয়। 

স্থানীয় কৃষি বিভাগৰ এজন বিষয়াই এএফপিক জানিবলৈ দিয়া মতে মঙলবাৰে সন্ধিয়া বিশেষভাৱে নিয়োগ কৰা চিকাৰীৰ দল এটাই বান্দৰটোক গুলীয়াই ট্ৰেংকুলাইজ কৰে। অচেতন হোৱা বান্দৰটোক অৱশেষত বিদ্যালয় চৌহদৰ এটা হ্ৰদৰ ওচৰত কৰায়ত্ব কৰাৰ পিছত হত্যা কৰা হয়। প্ৰায় আধা মিটাৰ ওখ বান্দৰটোৰ আনুমানিক বয়স চাৰি বছৰ বুলি কৰ্তৃপক্ষই উল্লেখ কৰিছে। 

এগৰাকী জেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে স্থানীয় লোকে বিভিন্ন আকাৰৰ বান্দৰৰ বৰ্ণনা কৰিছে। মঙ্গলবাৰে বান্দৰটোক ধৰাৰ পিছতো নতুন নতুন আক্ৰমণৰ খবৰ আহি আছে বুলি বিষয়া গৰাকীয়ে লগতে উল্লেখ  কৰে। 

ইয়ামাগুচিত হোৱা এই অস্বাভাৱিক আক্ৰমণৰ ফলত ভীতিগ্ৰস্ত হৈ পৰা স্থানীয় বাসিন্দাসকলে এতিয়া নিজৰ নিৰাপত্তা তথা আত্মৰক্ষাৰ বাবে লগত ছাতি আৰু গছ কটা কেঁচি কঢ়িয়াই ফুৰিবলৈ বাধ্য হৈছে বুলি মন্তব্য কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে