--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বান্দৰৰ অতপালিত মানুহৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ কথা নিশ্চয় শুনিছে। হয়তো কেতিয়াবা আপুনি নিজেও এনে অতপালিৰ চিকাৰ হৈছে। বিশেষকৈ খাদ্যৰ সন্ধানত অৰণ্যৰ পৰা ওলাই অহা এই বন্য জন্তুবিধে মানুহৰ খেতিৰ শস্য নষ্ট কৰাৰ লগতে বহু সময়ত ঘৰৰ ভিতৰত প্ৰৱেশ কৰিও নানা ধৰণে অনিষ্ট সাধন কৰে। সাধাৰণতে বান্দৰৰ অতপালিৰ কথা ক'লে এনে ধৰণৰ ঘটনাই আপোনাৰ মানসপটত ভাহি আহিব। 

পিছে বান্দৰৰ এই অতপালি এতিয়া তেনেই সাধাৰণ। এইদৰে সাধাৰণ অনিষ্ট সাধনতে এইবাৰ ক্ষান্ত নাথাকিল বান্দৰ সমাজ। প্ৰত্যক্ষ্যভাৱে এইবাৰ মানৱ সমাজৰ ওপৰত জপিয়াই পৰিছে বান্দৰ সৈন্য। ধাৰাবাহিকভাৱে মানুহৰ ওপৰত আক্ৰমণ সংঘটিত কৰি বান্দৰ সেনাই আহত কৰিছে ৫০ জনকৈ লোকক। এই আশ্চৰ্যকৰ ঘটনা সংঘটিত হৈছে জাপানত।

পশ্চিম জাপানৰ ইয়ামাগুচি চহৰত এই ঘটনা সংঘটিত হৈছে। চহৰখনত প্ৰায় তিনি সপ্তাহ পূৰ্বে বান্দৰৰ এটা দলে প্ৰথমে মহিলা আৰু শিশুৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছিল। পিছত এই আক্ৰমণৰ কোব পুৰুষসকলৰ ক্ষেত্ৰত প্ৰয়োগ কৰে বান্দৰ সেনাই। 

মঙলবাৰে দুপৰীয়ালৈকে বান্দৰৰ এই দলটোৱে ৫০ জন লোকক আক্ৰমণ কৰি আহত কৰিছে বুলি স্থানীয় কৰ্তৃপক্ষই সদৰি কৰিছে। নগৰখনৰ আৱাসীসকলক আঁচোৰি আৰু কামুৰি আঘাত কৰিছে এই বান্দৰ সৈন্যই।  ধাৰাবাহিকভাৱে এই আক্ৰমণ চলি থকাৰ বাবে এতিয়াও অনুসন্ধান চলাই আছে কৰ্তৃপক্ষই। 

মহানগৰৰ বিষয়াসকলে এই আক্ৰমণকাৰী দলটোক বিচাৰি উলিওৱাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে। এই প্ৰচেষ্টাৰ প্ৰাথমিক সফলতা হিচাপে মঙ্গলবাৰে সন্ধিয়া এটা বান্দৰক ধৰিবলৈ সক্ষম হয় নগৰখনৰ কৰ্তৃপক্ষ। ইয়ামাগুচি চহৰৰ এখন বিদ্যালয়ৰ খেলপথাৰত ঘূৰি ফুৰাৰ সময়ত বান্দৰটোক ধৰিবলৈ সক্ষম হয়। 

স্থানীয় কৃষি বিভাগৰ এজন বিষয়াই এএফপিক জানিবলৈ দিয়া মতে মঙলবাৰে সন্ধিয়া বিশেষভাৱে নিয়োগ কৰা চিকাৰীৰ দল এটাই বান্দৰটোক গুলীয়াই ট্ৰেংকুলাইজ কৰে। অচেতন হোৱা বান্দৰটোক অৱশেষত বিদ্যালয় চৌহদৰ এটা হ্ৰদৰ ওচৰত কৰায়ত্ব কৰাৰ পিছত হত্যা কৰা হয়। প্ৰায় আধা মিটাৰ ওখ বান্দৰটোৰ আনুমানিক বয়স চাৰি বছৰ বুলি কৰ্তৃপক্ষই উল্লেখ কৰিছে। 

এগৰাকী জেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে স্থানীয় লোকে বিভিন্ন আকাৰৰ বান্দৰৰ বৰ্ণনা কৰিছে। মঙ্গলবাৰে বান্দৰটোক ধৰাৰ পিছতো নতুন নতুন আক্ৰমণৰ খবৰ আহি আছে বুলি বিষয়া গৰাকীয়ে লগতে উল্লেখ  কৰে। 

ইয়ামাগুচিত হোৱা এই অস্বাভাৱিক আক্ৰমণৰ ফলত ভীতিগ্ৰস্ত হৈ পৰা স্থানীয় বাসিন্দাসকলে এতিয়া নিজৰ নিৰাপত্তা তথা আত্মৰক্ষাৰ বাবে লগত ছাতি আৰু গছ কটা কেঁচি কঢ়িয়াই ফুৰিবলৈ বাধ্য হৈছে বুলি মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু