--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৫০০০ বছৰীয়া সভ্যতা, মানৱতাৰ প্ৰতীক, প্ৰেমৰ বান্ধোন আৰু অযুত বিকাশ, এক কথাত ক’বলৈ গ’লে এয়াই ভাৰত। মহাত্মা গান্ধীৰ ‘সত্য আৰু অহিংসা’ৰ পথক স্মৰণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ভাৰতৰ স্বাধীনতাৰ বাবে অভিনন্দন জনায়।

ভাৰত-আমেৰিকাৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ অতিক্ৰম কৰিলে। জো বাইডেনে কয় যে ভাৰত আৰু আমেৰিকা অবিচ্ছেদ্য বন্ধু। আমেৰিকাত বসবাস কৰা ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ে আমাক অধিক উদ্ভাৱনীমূলক, সৰ্বাংগীন আৰু শক্তিশালী কৰি তুলিছে বুলি আজি বাইডেনে কয়। লগতে তেওঁ কয় যে দুখন মহান গণতন্ত্ৰ হিচাপে ভাৰত আৰু আমেৰিকাৰ অংশীদাৰিত্বই আমাৰ জনসাধাৰণৰ নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে আমাক অধিক সমৃদ্ধিশালী কৰি তুলিব বুলি মই নিশ্চিত আৰু ভাৰতৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল।

প্ৰসংগক্ৰমে ১৯৪৬ চনৰ ১ নৱেম্বৰত নতুন দিল্লীত আমেৰিকান দূতাবাস স্থাপন কৰা হৈছিল। সেই সময়ৰ পৰাই দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হৈছিল। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এটা টুইটযোগে লিখিছে যে ‘প্ৰিয় বন্ধু নৰেন্দ্ৰ মোদী, ভাৰতৰ প্ৰিয় জনসাধাৰণ... আপোনালোকৰ স্বাধীনতা দিৱসৰ বাবে অভিনন্দন। বিগত ৭৫ বছৰত ভাৰতৰ সাফল্য উদযাপন কৰাৰ সময়ত জানি থওক যে ফ্ৰান্স সদায় আপোনালোকৰ কাষতে আছে।’

ইফালে, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজে ভাৰতৰ সফলতাক প্ৰশংসা কৰে। লগতে মাইক্ৰ’ছফ্টৰ সহপ্ৰতিষ্ঠাপক বিল গেটছেও এটা টুইটযোগে স্বাস্থ্য আৰু ডিজিটেল খণ্ডত পিএম মোদীক প্ৰশংসা কৰে। পুৰণি বন্ধু ৰাছিয়াৰ হৈ ভাৰতক অভিনন্দন জনালে ডেনিছ আলিপভে। তেওঁ পুনৰ এবাৰ সোঁৱৰাই দিলে দুয়োখন দেশৰ চিৰন্তন সম্পৰ্কৰ কথা।















FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু