--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৫০০০ বছৰীয়া সভ্যতা, মানৱতাৰ প্ৰতীক, প্ৰেমৰ বান্ধোন আৰু অযুত বিকাশ, এক কথাত ক’বলৈ গ’লে এয়াই ভাৰত। মহাত্মা গান্ধীৰ ‘সত্য আৰু অহিংসা’ৰ পথক স্মৰণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ভাৰতৰ স্বাধীনতাৰ বাবে অভিনন্দন জনায়।

ভাৰত-আমেৰিকাৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ অতিক্ৰম কৰিলে। জো বাইডেনে কয় যে ভাৰত আৰু আমেৰিকা অবিচ্ছেদ্য বন্ধু। আমেৰিকাত বসবাস কৰা ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ে আমাক অধিক উদ্ভাৱনীমূলক, সৰ্বাংগীন আৰু শক্তিশালী কৰি তুলিছে বুলি আজি বাইডেনে কয়। লগতে তেওঁ কয় যে দুখন মহান গণতন্ত্ৰ হিচাপে ভাৰত আৰু আমেৰিকাৰ অংশীদাৰিত্বই আমাৰ জনসাধাৰণৰ নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে আমাক অধিক সমৃদ্ধিশালী কৰি তুলিব বুলি মই নিশ্চিত আৰু ভাৰতৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল।

প্ৰসংগক্ৰমে ১৯৪৬ চনৰ ১ নৱেম্বৰত নতুন দিল্লীত আমেৰিকান দূতাবাস স্থাপন কৰা হৈছিল। সেই সময়ৰ পৰাই দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হৈছিল। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এটা টুইটযোগে লিখিছে যে ‘প্ৰিয় বন্ধু নৰেন্দ্ৰ মোদী, ভাৰতৰ প্ৰিয় জনসাধাৰণ... আপোনালোকৰ স্বাধীনতা দিৱসৰ বাবে অভিনন্দন। বিগত ৭৫ বছৰত ভাৰতৰ সাফল্য উদযাপন কৰাৰ সময়ত জানি থওক যে ফ্ৰান্স সদায় আপোনালোকৰ কাষতে আছে।’

ইফালে, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজে ভাৰতৰ সফলতাক প্ৰশংসা কৰে। লগতে মাইক্ৰ’ছফ্টৰ সহপ্ৰতিষ্ঠাপক বিল গেটছেও এটা টুইটযোগে স্বাস্থ্য আৰু ডিজিটেল খণ্ডত পিএম মোদীক প্ৰশংসা কৰে। পুৰণি বন্ধু ৰাছিয়াৰ হৈ ভাৰতক অভিনন্দন জনালে ডেনিছ আলিপভে। তেওঁ পুনৰ এবাৰ সোঁৱৰাই দিলে দুয়োখন দেশৰ চিৰন্তন সম্পৰ্কৰ কথা।















FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ