--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশিষ্ট সাহিত্যিক ছলমান ৰুডশ্বীক কিছুদিন পূৰ্বে নিউয়ৰ্কত ভাষণ প্ৰদান কৰি থকা অৱস্থাত আক্ৰমণ কৰিছিল এজন ২৪ বছৰীয়া যুৱকে৷ এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল লেখক গৰাকী৷ বৰ্তমান ক্ৰমান্বয়ে শাৰিৰীক অৱস্থাৰ উন্নতি ঘটিছে সাহিত্যিক ছলমান ৰুডশ্বীৰ৷ ইয়াৰ মাজতে  ছলমান ৰুডশ্বীৰ আক্ৰমণত কোনোধৰণে জড়িত নহয় বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিলে ইৰাণে৷

 ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ মুখপাত্ৰ নাছিৰ কানানীয়ে মন্তব্য কৰে যে, ইৰাণ আৰু  ছলমান ৰুডশ্বীৰ আক্ৰমণকাৰীৰ মাজত কোনো ধৰণৰ সংযোগ নাই৷ ইয়াৰ বিপৰীতে এই আক্ৰমণৰ বাবে ছলমান ৰুডশ্বী নিজেই জগৰীয়া৷ সাহিত্যিকজনৰ কাৰুকাৰ্যই কেৱল ইৰাণকে নহয়, সমগ্ৰ মুছলিম সম্প্ৰদায়কে ক্ষোভিত কৰি তুলিছে৷

 যোৱা ৩০ বছৰৰ পৰাই বহু মুছলিম সংগঠনৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰি আহিছিল লেখকজনে। আৰু অৱশেষত বাৰ আগষ্টত মঞ্চতেই এক ভয়ংকৰ আক্ৰমণৰ বলি হৈছিল লেখকজন৷ ১৯৮৮ চনত প্ৰকাশিত The Satanic Verses গ্ৰন্থখনৰ বাবে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল লেখকজন৷এই উপন্যাসখন আছিল হজৰত মহম্মদৰ ওপৰত ৰচিত৷ইয়াৰোপৰি ভাৰতবৰ্ষতো গোপনে দৃশ্যগ্ৰহণ কৰিব লগীয়া হৈছিল ছলমান ৰুডশ্বীৰ উপন্যাস ভিত্তিক ছবিৰ৷ আনফালে মুক্তিৰ পিছতেই ছবিখন নিষিদ্ধ ঘোষণা হৈছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু