--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰ’টিন লাভৰ বাবে আমি বহুতেই মাংস খাওঁ৷ কিন্তু মাংসত যিমান পৰিমাণৰ প্ৰ’টিন থাকে তাতোকৈ বহু গুণে বেছি প্ৰ’টিন পোৱা যায় আমাৰ সকলোৰে পৰিচিত পাচলি ভাতকেৰেলাত৷ ভাতকেৰেলাত মাংসত থকাতকৈ প্ৰায় ৫০ গুণে বেছি প্ৰ’টিন থকা বুলি খাদ্য বিশেষজ্ঞসকলে কৈ আহিছে৷ভাতকেৰেলাই দেহত  পুষ্টি যোগোৱাৰ লগতে বিভিন্ন ৰোগৰ ক্ষেত্ৰতো সহায় কৰে৷

ভাতকেৰেলাৰ উপকাৰিতা সম্পৰ্কে জানো আহকঃ-

 ওজন হ্ৰাস কৰেঃ দেহৰ ওজন হ্ৰাস কৰিবলৈ নিয়মিত বতৰৰ পাচলি ভাতকেৰেলা খাব পাৰি৷ তথ্য অনুসৰি প্ৰতি ১০০ গ্ৰাম ভাতকেৰেলাত মাত্ৰ ১৭ কেলৰি থাকে। সেয়েহে, ওজন হ্ৰাস কৰিবলৈ ভাতকেৰেলা খোৱাটো উপযোগী। ই হজম শক্তিও বৃদ্ধিত সহায় কৰে। এই পাচলি বিধ কম কেলৰিযুক্ত হোৱাৰ লগতে  ফাইবাৰযুক্তও৷
 
ডিঙিৰ সুৰসুৰণি দূৰ কৰাত সহায় কৰেঃ বাৰিষা কালত  বেক্টেৰিয়াৰ আক্ৰমণৰ বাবে প্ৰধানকৈ শিশুসকলৰ কাহ হোৱা দেখা যায়৷ শিশুৰ এলাৰ্জী তথা আন কোনো সমস্যা থাকিলে  ভাতকেৰেলা খুৱালে বহু সুফল পোৱা যায়৷

মধুমেহ নিয়ন্ত্ৰণ কৰেঃ ভাতকেৰেলাত  হাইপ’গ্লাইছেমিক গুণ আছে। ই অগ্নাশয়ৰ বিটাচেল সঠিক ৰূপত  ৰখাত সহায় কৰে৷ ই ইনছ্যুলিন নি:সৰণ বৃদ্ধি কৰি  ডায়েবেটিছ নিয়ন্ত্ৰণতসহায় কৰে৷

কেন্সাৰ প্ৰতিৰোধীঃ  কেন্সাৰ প্ৰতিৰোধী পাচলি হিচাবে ভাতকেৰেলা অতি উত্তম পাচলি৷শৰীৰৰ ফ্ৰী ৰেডিকেলৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত কেন্সাৰ সৃষ্টি হ’ব পাৰে। ভাতকেৰেলাত ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে থাকে ৷ ই  প্ৰাকৃতিক এন্টিঅক্সিডেন্ট হিচাবে কাম কৰে। ই শৰীৰত ফ্ৰী ৰেডিকেলৰ সংখ্যা হ্ৰাস কৰাত সহায় কৰে৷

কোষ্ঠকাঠিন্যতা  দূৰ কৰে: কোষ্ঠকাঠিন্যতা  দূৰ কৰিবলৈ নিয়মিত ভাতকেৰেলা খালে ভাল৷ এই পাচলি বিধত  হাইফাইবাৰ তথা প্ৰচুৰ এন্টিঅক্সিডেন্ট থাকে যিয়ে হজমৰ সমস্যাৰ দূৰ কৰে।

ছাল ভালে ৰাখেঃছাল খন ভালে ৰখাত ভাতকেৰেলাই সহায় কৰে৷ ভাতকেৰেলাত প্ৰচুৰ পৰিমানে ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ থাকে৷সেয়ে পাচলি বিধে  ছালৰ স্বাস্থ্য ৰক্ষাত সহায় কৰিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ