--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰ’টিন লাভৰ বাবে আমি বহুতেই মাংস খাওঁ৷ কিন্তু মাংসত যিমান পৰিমাণৰ প্ৰ’টিন থাকে তাতোকৈ বহু গুণে বেছি প্ৰ’টিন পোৱা যায় আমাৰ সকলোৰে পৰিচিত পাচলি ভাতকেৰেলাত৷ ভাতকেৰেলাত মাংসত থকাতকৈ প্ৰায় ৫০ গুণে বেছি প্ৰ’টিন থকা বুলি খাদ্য বিশেষজ্ঞসকলে কৈ আহিছে৷ভাতকেৰেলাই দেহত  পুষ্টি যোগোৱাৰ লগতে বিভিন্ন ৰোগৰ ক্ষেত্ৰতো সহায় কৰে৷

ভাতকেৰেলাৰ উপকাৰিতা সম্পৰ্কে জানো আহকঃ-

 ওজন হ্ৰাস কৰেঃ দেহৰ ওজন হ্ৰাস কৰিবলৈ নিয়মিত বতৰৰ পাচলি ভাতকেৰেলা খাব পাৰি৷ তথ্য অনুসৰি প্ৰতি ১০০ গ্ৰাম ভাতকেৰেলাত মাত্ৰ ১৭ কেলৰি থাকে। সেয়েহে, ওজন হ্ৰাস কৰিবলৈ ভাতকেৰেলা খোৱাটো উপযোগী। ই হজম শক্তিও বৃদ্ধিত সহায় কৰে। এই পাচলি বিধ কম কেলৰিযুক্ত হোৱাৰ লগতে  ফাইবাৰযুক্তও৷
 
ডিঙিৰ সুৰসুৰণি দূৰ কৰাত সহায় কৰেঃ বাৰিষা কালত  বেক্টেৰিয়াৰ আক্ৰমণৰ বাবে প্ৰধানকৈ শিশুসকলৰ কাহ হোৱা দেখা যায়৷ শিশুৰ এলাৰ্জী তথা আন কোনো সমস্যা থাকিলে  ভাতকেৰেলা খুৱালে বহু সুফল পোৱা যায়৷

মধুমেহ নিয়ন্ত্ৰণ কৰেঃ ভাতকেৰেলাত  হাইপ’গ্লাইছেমিক গুণ আছে। ই অগ্নাশয়ৰ বিটাচেল সঠিক ৰূপত  ৰখাত সহায় কৰে৷ ই ইনছ্যুলিন নি:সৰণ বৃদ্ধি কৰি  ডায়েবেটিছ নিয়ন্ত্ৰণতসহায় কৰে৷

কেন্সাৰ প্ৰতিৰোধীঃ  কেন্সাৰ প্ৰতিৰোধী পাচলি হিচাবে ভাতকেৰেলা অতি উত্তম পাচলি৷শৰীৰৰ ফ্ৰী ৰেডিকেলৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত কেন্সাৰ সৃষ্টি হ’ব পাৰে। ভাতকেৰেলাত ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে থাকে ৷ ই  প্ৰাকৃতিক এন্টিঅক্সিডেন্ট হিচাবে কাম কৰে। ই শৰীৰত ফ্ৰী ৰেডিকেলৰ সংখ্যা হ্ৰাস কৰাত সহায় কৰে৷

কোষ্ঠকাঠিন্যতা  দূৰ কৰে: কোষ্ঠকাঠিন্যতা  দূৰ কৰিবলৈ নিয়মিত ভাতকেৰেলা খালে ভাল৷ এই পাচলি বিধত  হাইফাইবাৰ তথা প্ৰচুৰ এন্টিঅক্সিডেন্ট থাকে যিয়ে হজমৰ সমস্যাৰ দূৰ কৰে।

ছাল ভালে ৰাখেঃছাল খন ভালে ৰখাত ভাতকেৰেলাই সহায় কৰে৷ ভাতকেৰেলাত প্ৰচুৰ পৰিমানে ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ থাকে৷সেয়ে পাচলি বিধে  ছালৰ স্বাস্থ্য ৰক্ষাত সহায় কৰিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক