--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন শেষ কৰাটো ইমান সহজ নহয়। বহু সময়ত মানুহ এজন ভিতৰৰ পৰা ইমানেই ভাঙি যায় যে তেওঁৰ নিয়ন্ত্ৰণত একো নাথাকে, তেওঁ জীয়াই থকাৰ সকলো সাহস হেৰুৱাই পেলায়। শেহতীয়াকৈ তুনিশা শৰ্মাৰ আত্মহত্যাৰ খবৰ চৰ্চাত থকাৰ সময়তে এতিয়া খবৰ আহিছে যে আন এজন অভিনেতাই আত্মহত্যা কৰি নিজৰ জীৱনৰ অন্ত পেলাইছে। খবৰ অনুসৰি টলিউডৰ তেলেগু অভিনেতা সুধীৰ বাৰ্মাই নিজৰ ঘৰতে আত্মহত্যা কৰিছে। বৰ্তমানলৈকে তেওঁৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। 
Telugu Actor Sudheer Varma Dies by Suicide, He Was Reportedly 'Struggling  To Get Good Roles'
সুধীৰ বাৰ্মাই বিশাখাপট্টনমৰ নিজ গৃহত আত্মহত্যা কৰে। তেওঁৰ মৃত্যু নিশ্চিত কৰি তেওঁৰ এগৰাকী সহ অভিনেতাই লিখিছে – ইমান মৰমলগা মানুহ... আপোনাৰ সৈতে কাম কৰি ভাল লাগিল৷ বিশ্বাস কৰিব নোৱাৰি যে আপুনি আৰু এই পৃথিৱীত নাই। 
Sudheer Varma dies by suicide; co-star Sudhakar Komakula, others mourn his  demise | Regional Indian Cinema
তেওঁ কিয় এনে পদক্ষেপ ল’লে, তাৰ তদন্ত চলি আছে। কিছুদিন তেওঁ মানসিক চাপত আছিল বুলি জানিব পৰা গৈছে। কিন্তু সেই মানসিক চাপৰ কাৰণ কি আছিল, এই তথ্য পোৱা নাই।

সুধীৰ বাৰ্মাই ২০১৩ চনত অভিনয়ৰ ক্ষেত্ৰখনত ভৰি দিয়ে। তেওঁৰ প্ৰথম ছবিখনৰ নাম আছিল ‘স্বামী ৰা ৰা’। কিন্তু ২০১৬ চনত মুক্তি পোৱা ‘কুন্দনাপু বম্মা’ৰ পৰা তেওঁ সৰ্বাধিক প্ৰশংসা লাভ কৰিছিল। এই ছবিখনে তেওঁক বিখ্যাত কৰি তুলিছিল। কিন্তু ইয়াৰ পাছতো এই আটাইকেইটা বছৰত তেওঁৰ কেৰিয়াৰ মন্থৰ গতিত আগবাঢ়িছিল। খবৰ অনুসৰি তেওঁ ভাল অফাৰো পোৱা নাছিল আৰু ইয়াৰ বাবেই তেওঁৰ মানসিক চাপ বাঢ়িছিল। বিষাক্ত দ্ৰব্য খাই আত্মহত্যাৰ পথ বাচি লয় অভিনেতাগৰাকীয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক