--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন শেষ কৰাটো ইমান সহজ নহয়। বহু সময়ত মানুহ এজন ভিতৰৰ পৰা ইমানেই ভাঙি যায় যে তেওঁৰ নিয়ন্ত্ৰণত একো নাথাকে, তেওঁ জীয়াই থকাৰ সকলো সাহস হেৰুৱাই পেলায়। শেহতীয়াকৈ তুনিশা শৰ্মাৰ আত্মহত্যাৰ খবৰ চৰ্চাত থকাৰ সময়তে এতিয়া খবৰ আহিছে যে আন এজন অভিনেতাই আত্মহত্যা কৰি নিজৰ জীৱনৰ অন্ত পেলাইছে। খবৰ অনুসৰি টলিউডৰ তেলেগু অভিনেতা সুধীৰ বাৰ্মাই নিজৰ ঘৰতে আত্মহত্যা কৰিছে। বৰ্তমানলৈকে তেওঁৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। 
Telugu Actor Sudheer Varma Dies by Suicide, He Was Reportedly 'Struggling  To Get Good Roles'
সুধীৰ বাৰ্মাই বিশাখাপট্টনমৰ নিজ গৃহত আত্মহত্যা কৰে। তেওঁৰ মৃত্যু নিশ্চিত কৰি তেওঁৰ এগৰাকী সহ অভিনেতাই লিখিছে – ইমান মৰমলগা মানুহ... আপোনাৰ সৈতে কাম কৰি ভাল লাগিল৷ বিশ্বাস কৰিব নোৱাৰি যে আপুনি আৰু এই পৃথিৱীত নাই। 
Sudheer Varma dies by suicide; co-star Sudhakar Komakula, others mourn his  demise | Regional Indian Cinema
তেওঁ কিয় এনে পদক্ষেপ ল’লে, তাৰ তদন্ত চলি আছে। কিছুদিন তেওঁ মানসিক চাপত আছিল বুলি জানিব পৰা গৈছে। কিন্তু সেই মানসিক চাপৰ কাৰণ কি আছিল, এই তথ্য পোৱা নাই।

সুধীৰ বাৰ্মাই ২০১৩ চনত অভিনয়ৰ ক্ষেত্ৰখনত ভৰি দিয়ে। তেওঁৰ প্ৰথম ছবিখনৰ নাম আছিল ‘স্বামী ৰা ৰা’। কিন্তু ২০১৬ চনত মুক্তি পোৱা ‘কুন্দনাপু বম্মা’ৰ পৰা তেওঁ সৰ্বাধিক প্ৰশংসা লাভ কৰিছিল। এই ছবিখনে তেওঁক বিখ্যাত কৰি তুলিছিল। কিন্তু ইয়াৰ পাছতো এই আটাইকেইটা বছৰত তেওঁৰ কেৰিয়াৰ মন্থৰ গতিত আগবাঢ়িছিল। খবৰ অনুসৰি তেওঁ ভাল অফাৰো পোৱা নাছিল আৰু ইয়াৰ বাবেই তেওঁৰ মানসিক চাপ বাঢ়িছিল। বিষাক্ত দ্ৰব্য খাই আত্মহত্যাৰ পথ বাচি লয় অভিনেতাগৰাকীয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু