--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বিভিন্ন কাৰণত মানুহৰ মানসিক চাপ আৰু উচ্চ ৰক্তচাপ বাঢ়িছে। ইয়াৰ বাবে বহু লোক ডিপ্ৰেছনতো পৰে, যাৰ ফলত তেওঁলোকৰ সমগ্ৰ পৰিয়ালটো প্ৰভাৱিত হয়। সমাজত মানসিক চাপৰ বিষয়ে যিমান সজাগতা আহিব লাগিছিল সিমান সজাগতা নাই। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে উচ্চ ৰক্তচাপেও মানুহক মানসিক চাপত পেলায়। যদি আপুনি এই সমস্যাৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে আজিৰ দিনত আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিব লাগিব। সেই টিপচ্ সমূহ তলত দিয়া ধৰণৰ।

মানসিক চাপ দূৰ কৰিবলৈ এই টিপছসমূহ মানি চলক

১) ২-৩ বাৰ চিৰি বগাবঃ স্বাস্থ্য বিশেষজ্ঞৰ মতে যেতিয়াই খিংখিঙীয়া (Mental Stress), খং বা উত্তেজনা অনুভৱ কৰে তেতিয়াই ৩-৪ বাৰ দীঘলীয়া উশাহ লওক আৰু তাৰ পিছত মুখৰ মাজেৰে এৰি দিয়ক। ইয়াৰ পিছত ২-৩ বাৰ চিৰি বগাই নামিব। যদি চিৰি বগাবলৈ কোনো সমস্যা হয়, তেন্তে খোজ কাঢ়িবও পাৰে। এই কাম কৰিলে খিংখিঙীয়া ভাৱ নাইকিয়া হৈ যায় আৰু মনটোৱে শান্তি পায়।

২) ৭-৮ ঘণ্টা পৰ্যাপ্ত পৰিমাণে টোপনি লওকঃ ভাল ফিটনেছৰ বাবে দৈনিক ৭-৮ ঘণ্টা টোপনি লোৱাটো প্ৰয়োজনীয়। যদি আপুনি ইয়াতকৈ কম টোপনি লয়, তেন্তে আপোনাৰ শৰীৰটো গোটেই দিনটো ভাগৰুৱা হৈ থাকিব, যাৰ ফলত আপোনাৰ মন আৰু চকুতো প্ৰভাৱ পৰিব। ইয়াৰ বাবে আপুনিও মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

৩) কম নিমখ খাব লাগেঃ যিসকল লোকে বেছি খং কৰে, তেওঁলোকে নিমখীয়া বস্তুৰ সেৱন কমাই দিব লাগে। ইয়াৰ কাৰণ হ’ল অধিক নিমখ খোৱাৰ ফলত ৰক্তচাপ বৃদ্ধি পায়, যাৰ ফলত খিংখিঙীয়া আৰু খং (Mental Stress) আহে। ইয়াৰ কাৰণে হাৰ্ট এটেকৰ সম্ভাৱনাও বাঢ়ি যায়। গতিকে নিমখৰ পৰিমাণ যিমান পাৰি কম কৰিব লাগে।

৪) পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনাঃ মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ কামৰ মাজত কিছুদিন বিৰতি লৈ পৰিয়ালৰ সৈতে ওলাই যাওক। এনে কৰিলে শৰীৰ আৰু মন দুয়োটা শিথিল হৈ পৰে আৰু মানসিক চাপৰ মাত্ৰা কমি যায়। ইয়াৰ লগতে কাম কৰিবলৈ নতুন শক্তিও পোৱা যায়।

৫) আপোনাৰ সামাজিক বৃত্তটো সম্প্ৰসাৰিত কৰকঃ যিসকল লোকে অকলশৰীয়া জীৱন যাপন কৰি ভাল পায় তেওঁলোকৰ মানসিক চাপৰ প্ৰৱণতা বেছি। এনে লোকে নিজৰ কথা আনৰ লগত সহজে ভাগ-বতৰা কৰিব নোৱাৰে। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আপোনাৰ ছ’চিয়েল নেটৱৰ্কিং বৃদ্ধি কৰক আৰু আপোনাৰ বন্ধু-বান্ধৱী আৰু চিনাকি মানুহক লগ কৰিবলৈ আৰম্ভ কৰক। এনে কৰিলে আপোনাৰ নিসংগতা আৰু মানসিক চাপ দুয়োটা নাইকিয়া হৈ যাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু