--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃক্ক বা কিডনী আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। ইয়াৰ প্ৰধান কাম হ’ল আমাৰ শৰীৰৰ পৰা দূষিত পদাৰ্থ ফিল্টাৰ কৰি উলিয়াই দিয়া। যদি এই অংগটোৱে সঠিকভাৱে কাম নকৰে বা বিকল হয়, তেন্তে আমাৰ শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰিব, যাৰ ফলত বিভিন্ন ৰোগ বিয়পাৰ সম্ভাৱনা বৃদ্ধি পাব। 

কিডনী বিকল বা ফেইল হ’লে আমি ডায়েলাইছিছৰ আশ্ৰয় ল’ব লগা হয়। আপুনি জানেনে যে নিজৰ বেয়া অভ্যাসৰ বাবেই কিডনী বিকল হব পাৰে। কিডনী ফেইল হোৱাৰ পৰা নিজক কেনেকৈ বচাব পাৰি জানো আহক। আমি ইয়াৰ পৰা আঁতৰি থাকিব লাগে।

এই অভ্যাসবোৰে কিডনী নষ্ট কৰে

বৰ্তমান সময়ৰ ব্যস্ত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে ক’ৰবাত আমি আমাৰ কিডনীৰ ক্ষতিসাধন কৰি আছো আৰু দুখৰ কথাটো হ’ল আমি এই ভুলবোৰৰ বিষয়েও অৱগত নহয়।

১) প্ৰস্ৰাৱ বহু সময় ধৰি ধৰি ৰখাঃ সাধাৰণতে যেতিয়া আমি যাত্ৰাত থাকোঁ, বা পুৱা দেৰিলৈকে বিচনাখন এৰিব নোৱাৰো, তেতিয়া আমি প্ৰস্ৰাৱ বহু সময় ধৰি ৰখাৰ প্ৰৱণতা ৰাখোঁ। বিশেষকৈ বজাৰত বা পথৰ দাঁতিত ৰাজহুৱা শৌচাগাৰ উপলব্ধ নোহোৱাৰ বাবে মহিলাসকলে প্ৰস্ৰাৱ ধৰি ৰাখিবলৈ বাধ্য হয়। কিন্তু এনে কৰিলে কিডনীত চাপ পৰে যিটো বিপজ্জনক।

২) পানী কমকৈ খোৱাঃ আমাৰ শৰীৰৰ বেছিভাগ অংশ পানীৰে গঠিত। গতিকে দিনটোৰ ভিতৰত শৰীৰক জলসিঞ্চিত কৰি ৰখাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে শৰীৰৰ সকলো অংগই সঠিকভাৱে কাম কৰিবলৈ সক্ষম হয়। যদি শৰীৰত পানীৰ অভাৱ হয়, তেতিয়া বিষাক্ত পদাৰ্থবোৰ ওলাই আহিব নোৱাৰিব, পানী কম থাকিলে কিডনীৰ বাবে দূষিত পদাৰ্থ পৰিষ্কাৰ কৰাত অসুবিধা হয়। ইয়াৰ বাবে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়।

৩) কিডনীৰ বাবে ক্ষতিকাৰক খাদ্য খোৱাঃ কিডনীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আমাৰ খাদ্যাভ্যাস বহুলাংশে দায়ী। গতিকে কেৱল স্বাস্থ্যকৰ বস্তু যেনে সেউজীয়া শাক-পাচলি, সতেজ ফল-মূল, ফলৰ ৰস খাবলৈ চেষ্টা কৰক আৰু অস্বাস্থ্যকৰ খাদ্য পৰিহাৰ কৰক। যদি আপুনি বেকন, চচ্চেজ, হট ডগ, ৰেড মিট, বাৰ্গাৰ, পেটি, পিজ্জা আৰু প্ৰচেছড বস্তু খায়, তেন্তে ই কিডনীৰ বহু ক্ষতি কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক