--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃক্ক বা কিডনী আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। ইয়াৰ প্ৰধান কাম হ’ল আমাৰ শৰীৰৰ পৰা দূষিত পদাৰ্থ ফিল্টাৰ কৰি উলিয়াই দিয়া। যদি এই অংগটোৱে সঠিকভাৱে কাম নকৰে বা বিকল হয়, তেন্তে আমাৰ শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰিব, যাৰ ফলত বিভিন্ন ৰোগ বিয়পাৰ সম্ভাৱনা বৃদ্ধি পাব। 

কিডনী বিকল বা ফেইল হ’লে আমি ডায়েলাইছিছৰ আশ্ৰয় ল’ব লগা হয়। আপুনি জানেনে যে নিজৰ বেয়া অভ্যাসৰ বাবেই কিডনী বিকল হব পাৰে। কিডনী ফেইল হোৱাৰ পৰা নিজক কেনেকৈ বচাব পাৰি জানো আহক। আমি ইয়াৰ পৰা আঁতৰি থাকিব লাগে।

এই অভ্যাসবোৰে কিডনী নষ্ট কৰে

বৰ্তমান সময়ৰ ব্যস্ত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে ক’ৰবাত আমি আমাৰ কিডনীৰ ক্ষতিসাধন কৰি আছো আৰু দুখৰ কথাটো হ’ল আমি এই ভুলবোৰৰ বিষয়েও অৱগত নহয়।

১) প্ৰস্ৰাৱ বহু সময় ধৰি ধৰি ৰখাঃ সাধাৰণতে যেতিয়া আমি যাত্ৰাত থাকোঁ, বা পুৱা দেৰিলৈকে বিচনাখন এৰিব নোৱাৰো, তেতিয়া আমি প্ৰস্ৰাৱ বহু সময় ধৰি ৰখাৰ প্ৰৱণতা ৰাখোঁ। বিশেষকৈ বজাৰত বা পথৰ দাঁতিত ৰাজহুৱা শৌচাগাৰ উপলব্ধ নোহোৱাৰ বাবে মহিলাসকলে প্ৰস্ৰাৱ ধৰি ৰাখিবলৈ বাধ্য হয়। কিন্তু এনে কৰিলে কিডনীত চাপ পৰে যিটো বিপজ্জনক।

২) পানী কমকৈ খোৱাঃ আমাৰ শৰীৰৰ বেছিভাগ অংশ পানীৰে গঠিত। গতিকে দিনটোৰ ভিতৰত শৰীৰক জলসিঞ্চিত কৰি ৰখাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে শৰীৰৰ সকলো অংগই সঠিকভাৱে কাম কৰিবলৈ সক্ষম হয়। যদি শৰীৰত পানীৰ অভাৱ হয়, তেতিয়া বিষাক্ত পদাৰ্থবোৰ ওলাই আহিব নোৱাৰিব, পানী কম থাকিলে কিডনীৰ বাবে দূষিত পদাৰ্থ পৰিষ্কাৰ কৰাত অসুবিধা হয়। ইয়াৰ বাবে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়।

৩) কিডনীৰ বাবে ক্ষতিকাৰক খাদ্য খোৱাঃ কিডনীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আমাৰ খাদ্যাভ্যাস বহুলাংশে দায়ী। গতিকে কেৱল স্বাস্থ্যকৰ বস্তু যেনে সেউজীয়া শাক-পাচলি, সতেজ ফল-মূল, ফলৰ ৰস খাবলৈ চেষ্টা কৰক আৰু অস্বাস্থ্যকৰ খাদ্য পৰিহাৰ কৰক। যদি আপুনি বেকন, চচ্চেজ, হট ডগ, ৰেড মিট, বাৰ্গাৰ, পেটি, পিজ্জা আৰু প্ৰচেছড বস্তু খায়, তেন্তে ই কিডনীৰ বহু ক্ষতি কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু