--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ বাদশ্বাহৰ সাম্ৰাজ্যত এতিয়া এন্ধাৰৰ ছাঁ৷ কোনেও কাৰো মুখলৈ চাব পৰা নাই৷ সকলোৰে মন বিমৰ্ষ৷ ৰাজপুত্ৰ আৰিয়ানৰ কুকৰ্মত মানসিকভাবে ভাগি পৰিছে কিং খান শ্বাহৰুখ৷ সমগ্ৰ ভাৰতকে দেওবাৰে জোকাৰি গ'ল এটা বিশেষ খবৰে৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পু্ত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰে নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰোই(NCB)।

মুম্বাইৰ 'কৰ্ডেলিয়া' নামৰ ক্ৰুজখনত চলি থকা এটা ড্ৰাগছ পাৰ্টীৰ পৰা অন্য ১০জন লোকৰ সৈতে শ্বাহৰুখ পুত্ৰক আটক কৰে এনচিবিয়ে৷ সোধা-পোছাৰ পাছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। এতিয়াও এনচিবিৰ জিম্মাতে আছে বাদশ্বাহৰ ৰাজপুত্ৰ। এই ঘটনাৰ প্ৰভাৱ শ্বাহৰুখ খানৰ কেৱল ব্যক্তিগত জীৱনতে নহয় প্ৰফেচ'নেল লাইফতো পৰিছে৷ এটাৰ পিছত এটা প্ৰজেক্ট নাকচ কৰি গৈছে অভিনেতাজনে৷ শ্বুটিং বাদ দি কেৱল ঘৰৰ ভিতৰতে সোমাই আছে শ্বাহৰুখ খান৷ এটলী কুমাৰৰ সৈতে এখন চিনেমাৰ শ্বুটিঙত ব্যস্ত থকা শ্বাহৰুখ খানে আধাতে বন্ধ কৰি দিলে শ্বুটিঙৰ কাম৷ উপায় নাপাই পৰিচালকে 'বডী ডবল'-ৰে কাম চলাব লগা হৈছে৷

আনহাতে শ্বাহৰুখে অজয় দেৱগণৰ সৈতে এটা বিজ্ঞাপনৰ দৃশ্যগ্ৰহণ কৰাৰ কথা আছিল কিন্তু দৃশ্যগ্ৰহণৰ কেইমিনিটমান আগতে শ্বাহৰুখে তেওঁৰ বিজ্ঞাপনটো বাতিল কৰি দিয়ে৷ নিৰ্মাতাসকলে ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল কিন্তু শ্বাহৰুখ শ্বুটিং স্থলীত উপস্থিত হোৱা নাছিল।

তেওঁলৈ অহা প্ৰতিটো প্ৰস্তাৱকে এফালৰ পৰা তেওঁ নাকচ কৰি গৈছে৷ ইয়াৰ পৰাই বুজিব পাৰি যে ঠিকে নাই শ্বাহৰুখ খান৷ মানসিক অৱস্থা নিশ্চয়কৈ এতিয়া সুস্থিৰ হৈ থকা নাই বলীউড বাদশ্বাহৰ৷ হয়তো কিছুদিন লাগিব পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ৷ পুত্ৰ-কন্যাৰ কুকীৰ্তিত সুস্থিৰ হৈ থাকিব পাৰিব কোন পিতৃ-মাতৃ, শ্বাহৰুখ খানো ইয়াৰ ব্যতিক্ৰম নহয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?