--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ বাদশ্বাহৰ সাম্ৰাজ্যত এতিয়া এন্ধাৰৰ ছাঁ৷ কোনেও কাৰো মুখলৈ চাব পৰা নাই৷ সকলোৰে মন বিমৰ্ষ৷ ৰাজপুত্ৰ আৰিয়ানৰ কুকৰ্মত মানসিকভাবে ভাগি পৰিছে কিং খান শ্বাহৰুখ৷ সমগ্ৰ ভাৰতকে দেওবাৰে জোকাৰি গ'ল এটা বিশেষ খবৰে৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পু্ত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰে নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰোই(NCB)।

মুম্বাইৰ 'কৰ্ডেলিয়া' নামৰ ক্ৰুজখনত চলি থকা এটা ড্ৰাগছ পাৰ্টীৰ পৰা অন্য ১০জন লোকৰ সৈতে শ্বাহৰুখ পুত্ৰক আটক কৰে এনচিবিয়ে৷ সোধা-পোছাৰ পাছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। এতিয়াও এনচিবিৰ জিম্মাতে আছে বাদশ্বাহৰ ৰাজপুত্ৰ। এই ঘটনাৰ প্ৰভাৱ শ্বাহৰুখ খানৰ কেৱল ব্যক্তিগত জীৱনতে নহয় প্ৰফেচ'নেল লাইফতো পৰিছে৷ এটাৰ পিছত এটা প্ৰজেক্ট নাকচ কৰি গৈছে অভিনেতাজনে৷ শ্বুটিং বাদ দি কেৱল ঘৰৰ ভিতৰতে সোমাই আছে শ্বাহৰুখ খান৷ এটলী কুমাৰৰ সৈতে এখন চিনেমাৰ শ্বুটিঙত ব্যস্ত থকা শ্বাহৰুখ খানে আধাতে বন্ধ কৰি দিলে শ্বুটিঙৰ কাম৷ উপায় নাপাই পৰিচালকে 'বডী ডবল'-ৰে কাম চলাব লগা হৈছে৷

আনহাতে শ্বাহৰুখে অজয় দেৱগণৰ সৈতে এটা বিজ্ঞাপনৰ দৃশ্যগ্ৰহণ কৰাৰ কথা আছিল কিন্তু দৃশ্যগ্ৰহণৰ কেইমিনিটমান আগতে শ্বাহৰুখে তেওঁৰ বিজ্ঞাপনটো বাতিল কৰি দিয়ে৷ নিৰ্মাতাসকলে ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল কিন্তু শ্বাহৰুখ শ্বুটিং স্থলীত উপস্থিত হোৱা নাছিল।

তেওঁলৈ অহা প্ৰতিটো প্ৰস্তাৱকে এফালৰ পৰা তেওঁ নাকচ কৰি গৈছে৷ ইয়াৰ পৰাই বুজিব পাৰি যে ঠিকে নাই শ্বাহৰুখ খান৷ মানসিক অৱস্থা নিশ্চয়কৈ এতিয়া সুস্থিৰ হৈ থকা নাই বলীউড বাদশ্বাহৰ৷ হয়তো কিছুদিন লাগিব পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ৷ পুত্ৰ-কন্যাৰ কুকীৰ্তিত সুস্থিৰ হৈ থাকিব পাৰিব কোন পিতৃ-মাতৃ, শ্বাহৰুখ খানো ইয়াৰ ব্যতিক্ৰম নহয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক