--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত পুনৰ অসুৰক্ষিত হৈ পৰিছে কাশ্মীৰী পণ্ডিতকে ধৰি অসামৰিক লোক। বাছি বাছি হত্যা কৰা হৈছে জম্মু-কাশ্মীৰৰ বিভিন্নজন নাগৰিকক। জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদীৰ হত্যালীলা। সাধাৰণ নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদীয়ে। শ্ৰীনগৰত বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ’ল দুগৰাকী শিক্ষক। দুগৰাকী চৰকাৰী শিক্ষক সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ বলি হ’ল শ্ৰীনগৰ। ইয়াৰে এগৰাকী মহিলা। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত শিক্ষক দুগৰাকী এগৰাকী হৈছে কাশ্মীৰী পণ্ডিত আৰু মহিলাগৰাকী হৈছে এগৰাকী শিখ লোক।

শ্ৰীনগৰৰ সংগম ঈদগাহত দিনৰ ১১.১৫ বজাত সন্ত্ৰাসবাদীয়ে শিক্ষক দুগৰাকীক গুলীয়াই হত্যা কৰে। ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে এই ঘটনা সংঘটিত হোৱা স্থানত কঠোৰ তালাচী অভিযান চলাই আছে। উদ্বেগজনকভাৱে মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে জম্মু-কাশ্মীৰত পাঁচজনকৈ লোকক হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে। ইয়াৰে দুজনকৈ লোক হৈছে কাশ্মীৰী পণ্ডিত।


উল্লেখ্য যে, বুধবাৰে উপত্যকাটোৰ তিনিটা স্থানত তিনিগৰাকীকৈ লোকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীৰ দলে। ইয়াৰে এগৰাকী হৈছে কেমিষ্ট, এগৰাকী ষ্টিট ফুডৰ ব্যৱসায়ী আৰু এগৰাকী কেব ড্ৰাইভাৰ। এঘণ্টাৰ ভিতৰতে তিনিটা ভিন্ন স্থানত তিনিওজন লোককে গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীৰ দলে। বিন্দৰো ফাৰ্মাচীৰ স্বত্বাধিকাৰী তথা এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী মাখন লাল বিন্দৰো নামৰ ৭০ লোকজনক শ্ৰীনগৰৰ ইকবাল পাৰ্কত থকা তেওঁৰ ফাৰ্মাচীৰ ভিতৰতে গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে।

এগৰাকী কাশ্মীৰী পণ্ডিত ভিন্দৰোৱে ১৯৯০ দশকৰ সন্ত্ৰাসবাদৰ ভৰপক সময়তো কাশ্মীৰত থাকি এই ফাৰ্মাচী চলাই গৈছিল। এই ঘটনাৰ কিছুসময়ৰ পাছতে সন্ত্ৰাসবাদীয়ে লাল বাজাৰ এলেকাৰ এজন বিহাৰী ফুচকা বিক্ৰেতাক গুলীয়াই হত্যা কৰিছিল। তৃতীয়টো আক্ৰমণ সংঘটিত কৰে বান্দিপোৰাত। মহম্মদ ছাফী নামৰ কেব চালক এজনক গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?