--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত পুনৰ অসুৰক্ষিত হৈ পৰিছে কাশ্মীৰী পণ্ডিতকে ধৰি অসামৰিক লোক। বাছি বাছি হত্যা কৰা হৈছে জম্মু-কাশ্মীৰৰ বিভিন্নজন নাগৰিকক। জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদীৰ হত্যালীলা। সাধাৰণ নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদীয়ে। শ্ৰীনগৰত বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ’ল দুগৰাকী শিক্ষক। দুগৰাকী চৰকাৰী শিক্ষক সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ বলি হ’ল শ্ৰীনগৰ। ইয়াৰে এগৰাকী মহিলা। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত শিক্ষক দুগৰাকী এগৰাকী হৈছে কাশ্মীৰী পণ্ডিত আৰু মহিলাগৰাকী হৈছে এগৰাকী শিখ লোক।

শ্ৰীনগৰৰ সংগম ঈদগাহত দিনৰ ১১.১৫ বজাত সন্ত্ৰাসবাদীয়ে শিক্ষক দুগৰাকীক গুলীয়াই হত্যা কৰে। ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে এই ঘটনা সংঘটিত হোৱা স্থানত কঠোৰ তালাচী অভিযান চলাই আছে। উদ্বেগজনকভাৱে মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে জম্মু-কাশ্মীৰত পাঁচজনকৈ লোকক হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে। ইয়াৰে দুজনকৈ লোক হৈছে কাশ্মীৰী পণ্ডিত।


উল্লেখ্য যে, বুধবাৰে উপত্যকাটোৰ তিনিটা স্থানত তিনিগৰাকীকৈ লোকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীৰ দলে। ইয়াৰে এগৰাকী হৈছে কেমিষ্ট, এগৰাকী ষ্টিট ফুডৰ ব্যৱসায়ী আৰু এগৰাকী কেব ড্ৰাইভাৰ। এঘণ্টাৰ ভিতৰতে তিনিটা ভিন্ন স্থানত তিনিওজন লোককে গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীৰ দলে। বিন্দৰো ফাৰ্মাচীৰ স্বত্বাধিকাৰী তথা এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী মাখন লাল বিন্দৰো নামৰ ৭০ লোকজনক শ্ৰীনগৰৰ ইকবাল পাৰ্কত থকা তেওঁৰ ফাৰ্মাচীৰ ভিতৰতে গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে।

এগৰাকী কাশ্মীৰী পণ্ডিত ভিন্দৰোৱে ১৯৯০ দশকৰ সন্ত্ৰাসবাদৰ ভৰপক সময়তো কাশ্মীৰত থাকি এই ফাৰ্মাচী চলাই গৈছিল। এই ঘটনাৰ কিছুসময়ৰ পাছতে সন্ত্ৰাসবাদীয়ে লাল বাজাৰ এলেকাৰ এজন বিহাৰী ফুচকা বিক্ৰেতাক গুলীয়াই হত্যা কৰিছিল। তৃতীয়টো আক্ৰমণ সংঘটিত কৰে বান্দিপোৰাত। মহম্মদ ছাফী নামৰ কেব চালক এজনক গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক