--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ বাদশ্বাহ আৰিয়ান খান এনচিবিৰ জালত পৰাৰ খবৰ কোনো মহাশক্তিধৰ সাম্ৰাটৰ সাম্ৰাজ্যত শত্ৰুৰ আকস্মিক আক্ৰমণৰ দৰেই চাঞ্চল্যকৰ এক খবৰ আছিল। যোৱা শনিবাৰে মুম্বাইৰ এখন বিলাসী জাহাজত চলি থকা পাৰ্টীত অতৰ্কিতে অভিযান চলাই আৰিয়ানসহ আঠজনক আটক কৰা হৈছিল। সোধা-পোছাৰ পাছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। এতিয়াও এনচিবিৰ বন্দীশালতে আছে বাদশ্বাহ তনয়। কিন্তু এতিয়া আৰিয়ান খানক আটক কৰা ঘটনাৰ অন্য এটা দিশ পোহৰলৈ আহিছে।

ইয়াক একপ্ৰকাৰ ৰাজনৈতিক ৰূপ দি চাঞ্চল্যকৰ দাবী কৰিছে জ্যেষ্ঠ এনচিবি নেতা নৱাব মালিকে।মালিকে দাবী কৰিছে যে, বিজেপিৰ এজন অফিচ বিয়েৰাৰ আৰু এজন প্ৰাইভেট ডিটেকটিভে এই তালাচীত ভাগ লৈছিল। আৰিয়ান খানৰ সৈতে এই লোক দুজনৰ আলোকচিত্ৰ ভাইৰেল হৈ পৰাৰ পাছত ইয়াক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। আৰিয়ান খানক আটক কৰাৰ সময়ত আলোকচিত্ৰত দেখা পোৱা এই লোক দুজন আছিল প্ৰাইভেট ডিটেকটিভ কে পি গোছৱী আৰু বিজেপি নেতা মনীষ ভান্সালী। এন চি পি নেতাগৰাকীয়ে বৃহস্পতিবাৰে আন এটা ভিডিঅ’ প্ৰকাশেৰে তেওঁৰ এই দাবীক ন্যায্যতা দিয়াৰ চেষ্টা কৰা দেখা গৈছে।

এই ভিডিঅ’ত দেখা গৈছে যে, এই লোক দুজনে আৰিয়ানক আটক কৰাৰ নিশা এখন গাড়ীৰে গৈ এনচিবিৰ মুম্বাইক কাৰ্যালয়ত উপস্থিত হৈছে। তেওঁ এই ভিডিঅ’ প্ৰকাশেৰে দাবী কৰিছে যে, এনচিবিৰ নামত প্ৰকৃততে পৰিকল্পিতভাৱে বিভিন্ন লোকক টাৰ্গেট কৰি লোৱা হৈছে। শ্বাহৰুখ খানক টাৰ্গেট কৰি লোৱাৰ পৰিকল্পনা যুগুতোৱা হৈছিল মাহদিয়েক পূৰ্বেই। শ্বাহৰুখ খানৰ ওপৰত আক্ৰমণ কৰাৰ বাবেই আৰিয়ান খানক এই জালত ফচোৱা হৈছে বুলি তেওঁ দাবী কৰে। তেওঁ দাবী কৰে যে, ‘যোৱা মাহৰ পৰাই ক্ৰাইম ৰিপ’ৰ্টাৰসকলৰ মাজত এই বাৰ্তা বিয়পাই দিয়া হৈছিল যে, পৰৱৰ্তী টাৰ্গেট হ’ব শ্বাহৰুখ খান।’ সেই পৰিকল্পনা ৰূপায়নৰ জৰিয়তেই আৰিয়ান খানক জালত পেলাইছে বুলিও অভিযোগ উঠিছে। এই পৰিকল্পিত ষড়যন্ত্ৰত বিজেপিৰ প্ৰত্যক্ষ হস্তক্ষেপ থকাৰ দাবী কৰিছে মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে।


মন কৰিবলগীয়া যে, আৰিয়ান খানক ড্ৰাগছ লোৱাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে যদিও তেওঁৰ পৰা কোনো ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা নাই তদন্তকাৰীয়ে। ইফালে, তদন্তকাৰী দলৰ সৈতে প্ৰাইভেট ডিটেকটিভ আৰু বিজেপি নেতাৰ অবাঞ্চিত উপস্থিতিয়ে এই ঘটনা সম্পৰ্কত ৰহস্য বৃদ্ধি কৰিছে। প্ৰকৃততেই আৰিয়ান খানক গ্ৰেপ্তাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰহে আছিল নেকি তাক লৈও প্ৰশ্ন উঠিছে। এই কথা অনস্বীকাৰ্য যে, কে পি গোছৱী আৰু মনীষ ভান্সালী তালাচীৰ সময়ত আৰু আৰিয়ানক আটক কৰি অনাৰ সময়ত সেই স্থানত উপস্থিত থকাটো স্পষ্টভাৱে প্ৰমাণ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ