--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ বাদশ্বাহ আৰিয়ান খান এনচিবিৰ জালত পৰাৰ খবৰ কোনো মহাশক্তিধৰ সাম্ৰাটৰ সাম্ৰাজ্যত শত্ৰুৰ আকস্মিক আক্ৰমণৰ দৰেই চাঞ্চল্যকৰ এক খবৰ আছিল। যোৱা শনিবাৰে মুম্বাইৰ এখন বিলাসী জাহাজত চলি থকা পাৰ্টীত অতৰ্কিতে অভিযান চলাই আৰিয়ানসহ আঠজনক আটক কৰা হৈছিল। সোধা-পোছাৰ পাছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। এতিয়াও এনচিবিৰ বন্দীশালতে আছে বাদশ্বাহ তনয়। কিন্তু এতিয়া আৰিয়ান খানক আটক কৰা ঘটনাৰ অন্য এটা দিশ পোহৰলৈ আহিছে।

ইয়াক একপ্ৰকাৰ ৰাজনৈতিক ৰূপ দি চাঞ্চল্যকৰ দাবী কৰিছে জ্যেষ্ঠ এনচিবি নেতা নৱাব মালিকে।মালিকে দাবী কৰিছে যে, বিজেপিৰ এজন অফিচ বিয়েৰাৰ আৰু এজন প্ৰাইভেট ডিটেকটিভে এই তালাচীত ভাগ লৈছিল। আৰিয়ান খানৰ সৈতে এই লোক দুজনৰ আলোকচিত্ৰ ভাইৰেল হৈ পৰাৰ পাছত ইয়াক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। আৰিয়ান খানক আটক কৰাৰ সময়ত আলোকচিত্ৰত দেখা পোৱা এই লোক দুজন আছিল প্ৰাইভেট ডিটেকটিভ কে পি গোছৱী আৰু বিজেপি নেতা মনীষ ভান্সালী। এন চি পি নেতাগৰাকীয়ে বৃহস্পতিবাৰে আন এটা ভিডিঅ’ প্ৰকাশেৰে তেওঁৰ এই দাবীক ন্যায্যতা দিয়াৰ চেষ্টা কৰা দেখা গৈছে।

এই ভিডিঅ’ত দেখা গৈছে যে, এই লোক দুজনে আৰিয়ানক আটক কৰাৰ নিশা এখন গাড়ীৰে গৈ এনচিবিৰ মুম্বাইক কাৰ্যালয়ত উপস্থিত হৈছে। তেওঁ এই ভিডিঅ’ প্ৰকাশেৰে দাবী কৰিছে যে, এনচিবিৰ নামত প্ৰকৃততে পৰিকল্পিতভাৱে বিভিন্ন লোকক টাৰ্গেট কৰি লোৱা হৈছে। শ্বাহৰুখ খানক টাৰ্গেট কৰি লোৱাৰ পৰিকল্পনা যুগুতোৱা হৈছিল মাহদিয়েক পূৰ্বেই। শ্বাহৰুখ খানৰ ওপৰত আক্ৰমণ কৰাৰ বাবেই আৰিয়ান খানক এই জালত ফচোৱা হৈছে বুলি তেওঁ দাবী কৰে। তেওঁ দাবী কৰে যে, ‘যোৱা মাহৰ পৰাই ক্ৰাইম ৰিপ’ৰ্টাৰসকলৰ মাজত এই বাৰ্তা বিয়পাই দিয়া হৈছিল যে, পৰৱৰ্তী টাৰ্গেট হ’ব শ্বাহৰুখ খান।’ সেই পৰিকল্পনা ৰূপায়নৰ জৰিয়তেই আৰিয়ান খানক জালত পেলাইছে বুলিও অভিযোগ উঠিছে। এই পৰিকল্পিত ষড়যন্ত্ৰত বিজেপিৰ প্ৰত্যক্ষ হস্তক্ষেপ থকাৰ দাবী কৰিছে মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে।


মন কৰিবলগীয়া যে, আৰিয়ান খানক ড্ৰাগছ লোৱাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে যদিও তেওঁৰ পৰা কোনো ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা নাই তদন্তকাৰীয়ে। ইফালে, তদন্তকাৰী দলৰ সৈতে প্ৰাইভেট ডিটেকটিভ আৰু বিজেপি নেতাৰ অবাঞ্চিত উপস্থিতিয়ে এই ঘটনা সম্পৰ্কত ৰহস্য বৃদ্ধি কৰিছে। প্ৰকৃততেই আৰিয়ান খানক গ্ৰেপ্তাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰহে আছিল নেকি তাক লৈও প্ৰশ্ন উঠিছে। এই কথা অনস্বীকাৰ্য যে, কে পি গোছৱী আৰু মনীষ ভান্সালী তালাচীৰ সময়ত আৰু আৰিয়ানক আটক কৰি অনাৰ সময়ত সেই স্থানত উপস্থিত থকাটো স্পষ্টভাৱে প্ৰমাণ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement