--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাতিগত সংঘৰ্ষত আক্ৰান্ত মণিপুৰৰ দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা বীভৎস ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতো মণিপুৰৰ পৰা অবিৰতভাৱে আহি আছে বহু হৃদয়বিদাৰক আৰু কল্পনাতীত ভয়ানক কাহিনী। মণিপুৰৰ কাকচিং জিলাৰ এটা সশস্ত্ৰ সংগঠনে স্বাধীনতা সংগ্ৰামীৰ পত্নী এগৰাকী ৮০ বছৰীয়া মহিলাক নিজৰ ঘৰত জীৱন্তে জ্বলাই দিয়াৰ কৰুণ খবৰে এতিয়া পুনৰ সকলোৰে চকু সেমেকাইছে। 

খবৰ অনুসৰি অনুসৰি, ২৮ মে’ত কাকচিং জিলাৰ চেৰেউ গাঁৱত সশস্ত্ৰ সংগঠনটোৱে মহিলাগৰাকীক ঘৰৰ ভিতৰত আবদ্ধ কৰি জ্বলাই দিছিল। মৃত মহিলাগৰাকীৰ প্ৰয়াত স্বামী এছ চুৰাচান্দ সিঙক এসময়ত সম্বৰ্ধনা জনাইছিল প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে।

৩ মে’ত আৰম্ভ হোৱা মেইটেইছ সম্প্ৰদায় আৰু কুকি জনগোষ্ঠীৰ মাজৰ জাতিগত সংঘৰ্ষৰ সময়ত চেৰেউ গাঁওখন আছিল  আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা পগাঁও।

চুৰাচান্দ সিঙৰ পত্নী ৮০ বছৰীয়া ইবেটোম্বী ঘৰৰ ভিতৰতে থকাৰ সময়তে তেওঁৰ পৰিয়াল আক্ৰমণৰ বলি হয়। বৃদ্ধা গৰাকী ঘৰৰ ভিতৰতে থকা অৱস্থাত এটা সশস্ত্ৰ দলে বাহিৰৰ পৰা তলা মাৰি ঘৰটোত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

এই আৱেগিক ঘটনাৰ সন্দৰ্ভত বৃদ্ধা গৰাকীৰ নাতিয়ে কয় “যেতিয়া আমি আক্ৰমণৰ বলি হৈছিলো, তেতিয়া আইতাই আমাক ঘৰৰ পৰা আতৰি গৈ আত্মগোপন কৰিবলৈ পৰামৰ্শ দিছিল যিহেতু আমাৰ লগত খৰখেদাকৈ আতৰি যাবলৈ আইতা অসুস্থ আছিল। আইতাই কৈছিল ‘মোক নিবলৈ পাছত আহিবা,’ পিছে দুৰ্ভাগ্যজনকভাৱে সেইয়াই আছিল আইতাৰ শেষৰতো বাক্য ।প্ৰেমকান্তই কয় যে আইতাকক বচাবলৈ গৈ বাহু আৰু উৰুত গুলী লগাৰ বাবে ঘটনা পলায়ন কৰিবলৈ বাধ্য হ'লো"

ধ্বংসলীলাৰ পাছত প্ৰেমকান্ত উভতি আহিল যদিও মাথোঁ বিচাৰি পাইছিল ভঙা কাঠ আৰু ধাতুৰ টুকুৰা – এসময়ৰ আপোন ঘৰখন নিমিষতে চাৰখাৰ হৈ পৰিছিল। প্ৰেমাকান্তৰ আইতাক আৰু নাছিল। অৱশিষ্ট মাজেৰে খোজ কাঢ়ি গৈ প্ৰেমাকান্ত আইতাকৰ এটা বহুমূলীয়া বস্তু উদ্ধাৰ কৰিছিল। আধা জ্বলা অৱস্থাত পৰি আছিল ইবেটম্বিৰ স্বামীৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সৈতে থকা এখন ফটো।জ্বলি শেষ হোৱা অৱস্থাত নাতিনীয়েকে উদ্ধাৰ কৰিছিল আইতাকৰ দেহৰ অৱশিষ্ট অংশবোৰ। 

মণিপুৰত ৬ জন গ্ৰেপ্তাৰ উলংগ ভিডিঅ' গোচৰত । মণিপুৰ আৰক্ষীয়ে ৰাজ্যৰ কাংপকপি জিলাত ৪ মে’ত উলংগ হৈ দুগৰাকী মহিলাৰ পেৰেডিংৰ সৈতে জড়িত ষষ্ঠজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ধৃত ব্যক্তিজন নাবালক।

১৯ জুলাইত এই ভয়ানক কাণ্ডৰ ২৬ ছেকেণ্ডৰ ভিডিঅ’ প্ৰকাশ পোৱাৰ এদিন পিছতে বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰথমটো গ্ৰেপ্তাৰ কৰিছিল।সেইদিনা পিছত আৰু তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছিল। পঞ্চম অভিযুক্ত ১৯ বছৰীয়া যুৱকজনক শনিবাৰে গ্ৰেপ্তাৰ কৰা হয়।

ইফালে ভিডিঅ’টোত দেখা পোৱা অৰ্থাৎ উলংগ কৰি টানি নিয়া এগৰাকী মহিলা হৈছে অসম ৰেজিমেণ্টত চুবেদাৰ হিচাপে কাম কৰা আৰু আনকি কাৰ্গিল যুদ্ধতো যুঁজি থকা প্ৰাক্তন সেনাবাহিনীৰ এজন লোকৰ পত্নী।জাতিগত সংঘৰ্ষত আক্ৰান্ত মণিপুৰৰ দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা বীভৎস ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতো মণিপুৰৰ পৰা অবিৰতভাৱে আহি আছে বহু হৃদয়বিদাৰক আৰু কল্পনাতীত ভয়ানক কাহিনী। মণিপুৰৰ কাকচিং জিলাৰ এটা সশস্ত্ৰ সংগঠনে স্বাধীনতা সংগ্ৰামীৰ পত্নী এগৰাকী ৮০ বছৰীয়া মহিলাক নিজৰ ঘৰত জীৱন্তে জ্বলাই দিয়াৰ কৰুণ খবৰে এতিয়া পুনৰ সকলোৰে চকু সেমেকাইছে। 

খবৰ অনুসৰি অনুসৰি, ২৮ মে’ত কাকচিং জিলাৰ চেৰেউ গাঁৱত সশস্ত্ৰ সংগঠনটোৱে মহিলাগৰাকীক ঘৰৰ ভিতৰত আবদ্ধ কৰি জ্বলাই দিছিল। মৃত মহিলাগৰাকীৰ প্ৰয়াত স্বামী এছ চুৰাচান্দ সিঙক এসময়ত সম্বৰ্ধনা জনাইছিল প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে।

৩ মে’ত আৰম্ভ হোৱা মেইটেইছ সম্প্ৰদায় আৰু কুকি জনগোষ্ঠীৰ মাজৰ জাতিগত সংঘৰ্ষৰ সময়ত চেৰেউ গাঁওখন আছিল  আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা পগাঁও।

চুৰাচান্দ সিঙৰ পত্নী ৮০ বছৰীয়া ইবেটোম্বী ঘৰৰ ভিতৰতে থকাৰ সময়তে তেওঁৰ পৰিয়াল আক্ৰমণৰ বলি হয়। বৃদ্ধা গৰাকী ঘৰৰ ভিতৰতে থকা অৱস্থাত এটা সশস্ত্ৰ দলে বাহিৰৰ পৰা তলা মাৰি ঘৰটোত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

এই আৱেগিক ঘটনাৰ সন্দৰ্ভত বৃদ্ধা গৰাকীৰ নাতিয়ে কয় “যেতিয়া আমি আক্ৰমণৰ বলি হৈছিলো, তেতিয়া আইতাই আমাক ঘৰৰ পৰা আতৰি গৈ আত্মগোপন কৰিবলৈ পৰামৰ্শ দিছিল যিহেতু আমাৰ লগত খৰখেদাকৈ আতৰি যাবলৈ আইতা অসুস্থ আছিল। আইতাই কৈছিল ‘মোক নিবলৈ পাছত আহিবা,’ পিছে দুৰ্ভাগ্যজনকভাৱে সেইয়াই আছিল আইতাৰ শেষৰতো বাক্য ।প্ৰেমকান্তই কয় যে আইতাকক বচাবলৈ গৈ বাহু আৰু উৰুত গুলী লগাৰ বাবে ঘটনা পলায়ন কৰিবলৈ বাধ্য হ'লো"

ধ্বংসলীলাৰ পাছত প্ৰেমকান্ত উভতি আহিল যদিও মাথোঁ বিচাৰি পাইছিল ভঙা কাঠ আৰু ধাতুৰ টুকুৰা – এসময়ৰ আপোন ঘৰখন নিমিষতে চাৰখাৰ হৈ পৰিছিল। প্ৰেমাকান্তৰ আইতাক আৰু নাছিল। অৱশিষ্ট মাজেৰে খোজ কাঢ়ি গৈ প্ৰেমাকান্ত আইতাকৰ এটা বহুমূলীয়া বস্তু উদ্ধাৰ কৰিছিল। আধা জ্বলা অৱস্থাত পৰি আছিল ইবেটম্বিৰ স্বামীৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সৈতে থকা এখন ফটো।
জ্বলি শেষ হোৱা অৱস্থাত নাতিনীয়েকে উদ্ধাৰ কৰিছিল আইতাকৰ দেহৰ অৱশিষ্ট অংশবোৰ। 

মণিপুৰত ৬ জন গ্ৰেপ্তাৰ উলংগ ভিডিঅ' গোচৰত । মণিপুৰ আৰক্ষীয়ে ৰাজ্যৰ কাংপকপি জিলাত ৪ মে’ত উলংগ হৈ দুগৰাকী মহিলাৰ পেৰেডিংৰ সৈতে জড়িত ষষ্ঠজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ধৃত ব্যক্তিজন নাবালক।

১৯ জুলাইত এই ভয়ানক কাণ্ডৰ ২৬ ছেকেণ্ডৰ ভিডিঅ’ প্ৰকাশ পোৱাৰ এদিন পিছতে বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰথমটো গ্ৰেপ্তাৰ কৰিছিল।সেইদিনা পিছত আৰু তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছিল। পঞ্চম অভিযুক্ত ১৯ বছৰীয়া যুৱকজনক শনিবাৰে গ্ৰেপ্তাৰ কৰা হয়।

ইফালে ভিডিঅ’টোত দেখা পোৱা অৰ্থাৎ উলংগ কৰি টানি নিয়া এগৰাকী মহিলা হৈছে অসম ৰেজিমেণ্টত চুবেদাৰ হিচাপে কাম কৰা আৰু আনকি কাৰ্গিল যুদ্ধতো যুঁজি থকা প্ৰাক্তন সেনাবাহিনীৰ এজন লোকৰ পত্নী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস