--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিজোৰামৰ প্ৰাক্তন উগ্ৰপন্থীৰ  সংগঠনে দিয়া ভাবুকিৰ পিছতে দলে দলে ৰাজ্য খন ত্যাগ কৰিবলৈ বাধ্য হৈছে মেইটেই সম্প্ৰদায়ৰ লোকে৷  মিজোৰামৰ ৰাজধানী আইজলৰ ওচৰৰ বিমানবন্দৰ লেংপুইলৈ অহা-যোৱা কৰা এয়াৰলাইন সংস্থাসমূহৰ বিষয়াসকলে প্ৰকাশ কৰা মতে  যে প্ৰায় ৬০ জন লোকে ইম্ফলৰ তুলিহাল বিমানবন্দৰলৈ যাত্ৰা কৰিছে। অসংখ্য  মেইটেই লোকে  আইজল আৰু মিজোৰামৰ অন্যান্য অংশৰ পৰা বাছ তথা টেক্সিৰে মিজোৰাম  এৰিছে। 

মণিপুৰ চৰকাৰৰ এক পৰিসংখ্যা  অনুসৰি, মিজোৰামত প্ৰায় ২,০০০ মেইটি লোক আছে, যাৰ ভিতৰত আছে মিজোৰাম বিশ্ববিদ্যালয়ৰ শিক্ষক একাংশও। তেওঁলোকৰ আধা মণিপুৰৰ আৰু বাকী আধা অংশ দক্ষিণ অসমৰ। যুদ্ধবিৰতিত থকা  এম এন এফ ৰিটাৰ্ণীছ এছ'চিয়েশ্যনে (পিএএমআৰএ) নামৰ উগ্ৰপন্থী সংগঠনটোৱে   ২১ জুলাইত এক বিবৃতি জাৰি কৰি মেইটেই লোকসকলক মিজোৰাম ত্যাগ কৰাৰ নিৰ্দেশ দিছিল৷  ইয়াৰ পিছতে মিজোৰাম চৰকাৰে আইজলত নিৰাপত্তা বৃদ্ধি কৰিছিল আৰু কৈছিল  যে "মণিপুৰত দুৰ্বৃত্তই সংঘটিত কৰা  বৰ্বৰ আৰু জঘন্য কাৰ্য্যৰ" পিছত বৰ্ধিত উত্তেজনাৰ পৰিপ্ৰেক্ষিতত মিজোৰামত মেইটিসকল সুৰক্ষিত নহয়।  মণিপুৰৰ কাংপোকপি জিলাৰ বি ফাইনোম গাঁৱত একাংশ মেইটেই লোকে  দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰোৱাৰ পিছতে মিজো সংগঠনটোৱে মেইটেই লোকসকলক মিজোৰাম ত্যাগ কৰাৰ নিৰ্দেশ দিছিল৷

এনে সময়তো নেডা পিছে মৌন হৈ আছে৷ উত্তৰ-পূবক কেৱল নিৰ্বাচনৰ ক্ষেত্ৰ হিচাবে ব্যৱহাৰ কৰা নেডাই যেন মণিপুৰ-মিজোৰামত শান্তি প্ৰতিষ্ঠাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন বোধ কৰা নাই৷ কংগ্ৰেছ অথবা আন বিৰোধী দলক গালি পাৰি উত্তৰ-পূবত কিদৰে বিজেপিৰ খোপনি মজবুত কৰিব লাগে তাকেলৈয়েই যেন ব্যস্ত নেডা। নেডাই কেৱল নেহৰুৱে কি ভুল কৰিছিল সেয়া বাখ্যা কৰিবলৈ জানে, কিন্তু কি ভুলৰ বাবে আজি মণিপুৰ  জ্বলিছে, কেইবাখনো ৰাজ্যই ইউচিচিৰ বিৰুদ্ধে থিয় দিছে সেইবোৰ বিশ্লেষণ কৰি এটা সমাধানসূত্ৰ উলিওৱাটো যেন নেডাৰ কাম নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস