--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্বৰ! নাৰকীয়! দিল্লীৰ পৰা পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। দিল্লীৰ শ্বাহবাদ ডেইৰী এলেকাত ১৬ বছৰীয়া নাবালিকাক ছুৰীৰে আঘাত কৰি হত্যা কৰে। পথৰ মাজমজিয়াত সংঘটিত হয় এই বৰ্বৰ ঘটনা। ঘটনা সংঘটিত হোৱা সময়ত ৰাজপথত ৰৈ থকা জনসাধাৰণে চাই থাকিল আৰু আনফালে অভিযুক্তই নাবালিকাগৰাকীক ছুৰীৰে আক্ৰমণ কৰি থাকিল।এই সমগ্ৰ ঘটনাটো চিচিটিভিত বন্দী হৈছে।

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি চাহিল নামৰ এজন ল’ৰাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছে। চাহিল আৰু নাবালিকাগৰাকী ভাল বন্ধু আছিল যদিও কোনো এটা বিষয়ক লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল৷ কাজিয়া ইমানেই বাঢ়ি গ’ল যে দুয়োৰে কথা-বতৰা বন্ধ হৈ গ’ল। ইয়াৰ পিছত যেতিয়া ছোৱালীজনীয়ে বন্ধু নীতুৰ জন্মদিনলৈ গৈ আছিল, তেতিয়াই ছোৱালীগৰাকীক আক্ৰমণ কৰা হৈছিল।


চিচিটিভি কেমেৰাৰ বন্দী হোৱা দৃশ্য অনুসৰি চাহিলে বাটতে ছোৱালীজনীক ৰখাই দিয়ে। তাৰ পিছত কেইবাবাৰো ছুৰীৰে আক্ৰমণ কৰাৰ লগতে শিলৰে আক্ৰমণ কৰে। আৰক্ষীয়ে জনোৱা মতে, যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। যদিও অভিযুক্ত চাহিল পলাতক। অভিযুক্তৰ সন্ধানত সম্ভাৱ্য স্থানত অভিযান চলাইছে। আম আদমী পাৰ্টিৰ নেতা আতিশীয়ে কয়, "দিল্লীৰ আইন-শৃংখলাৰ পৰিস্থিতি অতি বেয়া। দিল্লীৰ মহিলাসকলে নিৰাপত্তা বিচাৰে।এই সন্দৰ্ভত অৰবিন্দ কেজৰিৱালক গালি নিদিব।"


ডিচিডব্লিউৰ সভাপতি স্বাতী মালিৱালে এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ টুইট কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে ঘটনাটো অতি নিৰ্মমভাৱে সংঘটিত হৈছিল। বিশেষ কথাটো হ’ল বহুত লোক সেইফালেৰে পাৰ হৈ গৈ আছে আৰু সকলোৱে দেখাৰ পাছতো আওকাণ কৰি আছে।


স্বাতী মালিৱালে নিজৰ টুইটত লিখিছে, "দিল্লীৰ শ্বাহবাদ ডেইৰীত এটা সৰু নিৰীহ পুতলাক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছিল আৰু তাৰ পিছত শিলেৰে চেপি ধৰা হৈছিল। দিল্লীত দুখীয়াৰ এইয়াই অৱস্থা৷দিল্লীত সকলো সীমা অতিক্ৰম কৰা হৈছে। মই কেতিয়াও এনে পৰিস্থিতিৰে পাৰ হোৱা নাই। মোৰ ইমান বছৰৰ কেৰিয়াৰত ইয়াতকৈ ভয়ংকৰ কিবা এটা দেখা পাইছো।"

দিল্লী আৰক্ষীৰ মুখপাত্ৰ সুমন নলৱাই জনোৱা মতে, অভিযুক্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে। বহু আৰক্ষীৰ দল গঠন হৈছে। তদন্ত চলি আছে। অতি সোনকালে আমি তেওঁক গ্ৰেপ্তাৰ কৰিম।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ পর্যটনক নতুন গতি প্ৰদানৰ লক্ষ্য; গুৱাহাটীলৈ আহিব ‘গানছ এন ৰ’জেছ’
পৃথিৱীক চুই যাব সৌৰ ধুমুহাই
‘দৈনিক জনমভূমি’ৰ জ্যেষ্ঠ সাংবাদিক কিশোৰ গোস্বামীলৈ ‘দেৱকুমাৰ বৰা সোঁৱৰণি মিডিয়া ফেল’শ্বিপ’
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল মৰাণৰ অমৰ চাওৰা; পাঞ্জা খেলত দুটাকৈ সোণৰ পদক অৰ্জন
অসম মীন উন্নয়ন নিগম কেলেংকাৰী: চিআইডিৰ জালত দুজনকৈ উচ্চপদস্থ বিষয়া
গুৱাহাটী বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলৰ বাণিজ্যিক সেৱা আৰম্ভ, উত্তৰ-পূবৰ যোগাযোগত নতুন দিগন্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement