--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত পৰিলে মানুহে সকলো কৰিবলৈ সাহস পায়। অসম্ভৱকো সম্ভৱ কৰিব বিচাৰে। কানপুৰত এনে এক ঘটনা সংঘটিত হৈছে, যিটো ঘটনাই সকলোতে চৰ্চা লাভ কৰিছে। এজন প্ৰেমিকে প্ৰেমিকাক লগ কৰিবলৈ বোৰ্খা পিন্ধি প্ৰেমিকাৰ গাঁৱত উপস্থিত হৈছিল। প্ৰেমিকাক লগ পোৱাৰ আগতেই প্ৰেমিক পৰিল বিপদত। ভৰিৰ জোতা দেখি মানুহে তেওঁক সোপাধৰা বুলি মাৰপিট কৰে। বোৰ্খাৰ তলত জোতা দেখি গাঁৱৰ মানুহে ভাবিছিল যে এইজনে গাঁৱৰ শিশু চুৰি কৰিবলৈ আহিছে। মাৰ খাই প্ৰেমিকজনে সকলো কথা খুলি কয়।

এই আমোদজনক ঘটনা কানপুৰৰ ঘাটামপুৰ অঞ্চলত ঘটিছে। প্ৰেমিকৰ নাম আনছাৰ। আনছাৰে প্ৰেমিকাক লগ কৰিবলৈ বোৰ্খা পিন্ধি ৰাওনা হল। প্ৰেমিকাৰ ঘৰৰ আশে-পাশে বুৰ্খা পিন্ধি প্ৰেমিকাক লগ কৰিবলৈ চেষ্টা কৰি আছিল যদিও আনছাৰে এটা ভুল কৰিলে। ভুলটো হ’ল যে যুৱকজনে পেণ্ট-চাৰ্ট পিন্ধি গাঁৱত উপস্থিত হ’ল, কিন্তু গাঁৱৰ ভিতৰত সোমাওঁতে বোৰ্খা পিন্ধিলে। এই সময়ছোৱাত তেওঁ জোতা সলনি কৰা নাছিল আৰু ছোৱালীৰ চেণ্ডেল পিন্ধা নাছিল। এনে পৰিস্থিতিত তেওঁৰ জোতা দেখি মানুহে সন্দেহ কৰিলে যে তেওঁ এজন সোপাধৰা, যিয়ে শিশু চুৰ কৰিবলৈ ঘৰবোৰত ঘূৰি ফুৰিছে।

গাঁৱৰ মানুহে যুৱকজনক ধৰিলে আৰু তেওঁক মাৰপিট কৰিলে। এনে পৰিস্থিতিত ক্ষুব্ধ লোকে তেওঁক মাৰপিট কৰি ঘটামপুৰ আৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে সোধাপোচা কৰাৰ পাছতহে আচল কথাটো পোহৰলৈ আহে। এই ঘটনাই গাঁওবাসীক যথেষ্ট আমোদ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস