--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত পৰিলে মানুহে সকলো কৰিবলৈ সাহস পায়। অসম্ভৱকো সম্ভৱ কৰিব বিচাৰে। কানপুৰত এনে এক ঘটনা সংঘটিত হৈছে, যিটো ঘটনাই সকলোতে চৰ্চা লাভ কৰিছে। এজন প্ৰেমিকে প্ৰেমিকাক লগ কৰিবলৈ বোৰ্খা পিন্ধি প্ৰেমিকাৰ গাঁৱত উপস্থিত হৈছিল। প্ৰেমিকাক লগ পোৱাৰ আগতেই প্ৰেমিক পৰিল বিপদত। ভৰিৰ জোতা দেখি মানুহে তেওঁক সোপাধৰা বুলি মাৰপিট কৰে। বোৰ্খাৰ তলত জোতা দেখি গাঁৱৰ মানুহে ভাবিছিল যে এইজনে গাঁৱৰ শিশু চুৰি কৰিবলৈ আহিছে। মাৰ খাই প্ৰেমিকজনে সকলো কথা খুলি কয়।

এই আমোদজনক ঘটনা কানপুৰৰ ঘাটামপুৰ অঞ্চলত ঘটিছে। প্ৰেমিকৰ নাম আনছাৰ। আনছাৰে প্ৰেমিকাক লগ কৰিবলৈ বোৰ্খা পিন্ধি ৰাওনা হল। প্ৰেমিকাৰ ঘৰৰ আশে-পাশে বুৰ্খা পিন্ধি প্ৰেমিকাক লগ কৰিবলৈ চেষ্টা কৰি আছিল যদিও আনছাৰে এটা ভুল কৰিলে। ভুলটো হ’ল যে যুৱকজনে পেণ্ট-চাৰ্ট পিন্ধি গাঁৱত উপস্থিত হ’ল, কিন্তু গাঁৱৰ ভিতৰত সোমাওঁতে বোৰ্খা পিন্ধিলে। এই সময়ছোৱাত তেওঁ জোতা সলনি কৰা নাছিল আৰু ছোৱালীৰ চেণ্ডেল পিন্ধা নাছিল। এনে পৰিস্থিতিত তেওঁৰ জোতা দেখি মানুহে সন্দেহ কৰিলে যে তেওঁ এজন সোপাধৰা, যিয়ে শিশু চুৰ কৰিবলৈ ঘৰবোৰত ঘূৰি ফুৰিছে।

গাঁৱৰ মানুহে যুৱকজনক ধৰিলে আৰু তেওঁক মাৰপিট কৰিলে। এনে পৰিস্থিতিত ক্ষুব্ধ লোকে তেওঁক মাৰপিট কৰি ঘটামপুৰ আৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে সোধাপোচা কৰাৰ পাছতহে আচল কথাটো পোহৰলৈ আহে। এই ঘটনাই গাঁওবাসীক যথেষ্ট আমোদ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন