--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমানুহৰ বাবে নহয়, গাহৰিৰ বাবেহেঃ চীনে গাহৰিৰ বাবে নিৰ্মাণ কৰিছে ২৬ মহলীয়া গগনচুম্বী অট্টালিকা!শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি চীনৰ আকাশচুম্বী গাহৰি ফাৰ্মৰ লক্ষ্য হৈছে দেশখনৰ বৰ্ধিত গাহৰিৰ মাংসৰ চাহিদা সঠিকভাবে পূৰণ কৰা।২৬ মহলীয়া বিশাল অট্টালিকাটো ৬,০০,০০০ টা গাহৰিয়ে বাস কৰিছে।

কিন্তু চীনৰ চৰকাৰৰ এনে পদক্ষেপকলৈ কুছুসংখ্যক বিশেষজ্ঞই  তেমে বিশাল অট্টালিকাত বাস কৰা গাহৰিৰ  সাম্ভাব্য ৰোগৰ প্ৰাদুৰ্ভাৱৰ বিষয়টোকলৈ  উদ্বেগ প্ৰকাশ কৰা দেখা গৈছে।

চীনা কোম্পানী হুবেই ঝংক্সিন কাইৱেই মডাৰ্ণ ফাৰ্মিংয়ে এই  ২৬  মহলীয়া আকাশচুম্বী অট্টালিকাটো নিৰ্মাণ কৰিছে । অট্টালিকাটোত মাংসৰ বাবে বছৰি  ১.২  নিযুত গাহৰি বধ কৰাৰো পৰিকল্পনা কৰা হৈছে।পাৰে।  চীনৰ চৰকাৰে দাবী কৰা মতে  এই অট্টালিকাটোৱেই হৈছে  "পৃথিৱীৰ আটাইতকৈ ডাঙৰ  গাহৰি ফাৰ্ম।"
 এই অট্টালিকাটো ইঝৌৰ দক্ষিণ উপকণ্ঠত নিৰ্মাণ কৰা হৈছে। 

২.৬ নিযুত বৰ্গ ফুট ফাৰ্ম খনত সকলো ধৰণৰ  উন্নত প্ৰযুক্তিৰ সমাহাৰ ঘটোৱা হৈছে। জন্তুবোৰক স্বয়ংক্ৰিয়ভাৱে কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষত থকা  বুটাম টিপি  আহাৰ  খুৱাই দিয়া হয়। অট্টালিকাটোত উৎপন্ন  গাহৰিৰ আৱৰ্জনা শক্তি সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়।

আকাশচুম্বী অট্টালিকাটোৰ ওচৰত বাস কৰা এজন কৃষকেকয় : "এয়া কোনেও ভাবিব নোৱাৰা ধৰণৰ কাম হৈছে। প্ৰায় ৩০ বছৰ আগতে যেতিয়া মই গাহৰি পালন কৰিছিলোঁ তেতিয়া মাত্ৰ দুটা বা তিনিটা গাহৰিকলৈয়েই আমাৰ ব্যৱসায় চলিছিল।"

চীনা কৃষি বিজ্ঞান একাডেমীৰ ইনষ্টিটিউট অৱ এনিমেল চাইন্সৰ অধ্যাপক ঝু জেংয়ঙে কয় : "গাহৰি খেতি উদ্যোগটো  স্বয়ংক্ৰিয় আৰু বুদ্ধিমান পদক্ষেপ। এই প্ৰকল্পই বহুতোকে উপকৃত কৰিব।"

নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰিৱেশ অধ্যয়নৰ এজন সহকাৰী অধ্যাপক মেথিউ হায়েকে  কয়, "এনে  সুবিধাই পোহনীয়া  জন্তুৰ মাজত   ৰোগৰ সংক্ৰমণ ৰোধ কৰিব পাৰিবনে নাই হ্ৰাস কৰিব পাৰিব নে নাই সেয়া সময়ত জনা যাব।,কিবাকৈ তাত ৰোগৰ সংক্ৰমণ ঘটিলে  বনজুইৰ দৰে জন্তুৰ সেই ৰোগ  বিয়পি পৰিব পাৰে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক