--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমানুহৰ বাবে নহয়, গাহৰিৰ বাবেহেঃ চীনে গাহৰিৰ বাবে নিৰ্মাণ কৰিছে ২৬ মহলীয়া গগনচুম্বী অট্টালিকা!শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি চীনৰ আকাশচুম্বী গাহৰি ফাৰ্মৰ লক্ষ্য হৈছে দেশখনৰ বৰ্ধিত গাহৰিৰ মাংসৰ চাহিদা সঠিকভাবে পূৰণ কৰা।২৬ মহলীয়া বিশাল অট্টালিকাটো ৬,০০,০০০ টা গাহৰিয়ে বাস কৰিছে।

কিন্তু চীনৰ চৰকাৰৰ এনে পদক্ষেপকলৈ কুছুসংখ্যক বিশেষজ্ঞই  তেমে বিশাল অট্টালিকাত বাস কৰা গাহৰিৰ  সাম্ভাব্য ৰোগৰ প্ৰাদুৰ্ভাৱৰ বিষয়টোকলৈ  উদ্বেগ প্ৰকাশ কৰা দেখা গৈছে।

চীনা কোম্পানী হুবেই ঝংক্সিন কাইৱেই মডাৰ্ণ ফাৰ্মিংয়ে এই  ২৬  মহলীয়া আকাশচুম্বী অট্টালিকাটো নিৰ্মাণ কৰিছে । অট্টালিকাটোত মাংসৰ বাবে বছৰি  ১.২  নিযুত গাহৰি বধ কৰাৰো পৰিকল্পনা কৰা হৈছে।পাৰে।  চীনৰ চৰকাৰে দাবী কৰা মতে  এই অট্টালিকাটোৱেই হৈছে  "পৃথিৱীৰ আটাইতকৈ ডাঙৰ  গাহৰি ফাৰ্ম।"
 এই অট্টালিকাটো ইঝৌৰ দক্ষিণ উপকণ্ঠত নিৰ্মাণ কৰা হৈছে। 

২.৬ নিযুত বৰ্গ ফুট ফাৰ্ম খনত সকলো ধৰণৰ  উন্নত প্ৰযুক্তিৰ সমাহাৰ ঘটোৱা হৈছে। জন্তুবোৰক স্বয়ংক্ৰিয়ভাৱে কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষত থকা  বুটাম টিপি  আহাৰ  খুৱাই দিয়া হয়। অট্টালিকাটোত উৎপন্ন  গাহৰিৰ আৱৰ্জনা শক্তি সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়।

আকাশচুম্বী অট্টালিকাটোৰ ওচৰত বাস কৰা এজন কৃষকেকয় : "এয়া কোনেও ভাবিব নোৱাৰা ধৰণৰ কাম হৈছে। প্ৰায় ৩০ বছৰ আগতে যেতিয়া মই গাহৰি পালন কৰিছিলোঁ তেতিয়া মাত্ৰ দুটা বা তিনিটা গাহৰিকলৈয়েই আমাৰ ব্যৱসায় চলিছিল।"

চীনা কৃষি বিজ্ঞান একাডেমীৰ ইনষ্টিটিউট অৱ এনিমেল চাইন্সৰ অধ্যাপক ঝু জেংয়ঙে কয় : "গাহৰি খেতি উদ্যোগটো  স্বয়ংক্ৰিয় আৰু বুদ্ধিমান পদক্ষেপ। এই প্ৰকল্পই বহুতোকে উপকৃত কৰিব।"

নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰিৱেশ অধ্যয়নৰ এজন সহকাৰী অধ্যাপক মেথিউ হায়েকে  কয়, "এনে  সুবিধাই পোহনীয়া  জন্তুৰ মাজত   ৰোগৰ সংক্ৰমণ ৰোধ কৰিব পাৰিবনে নাই হ্ৰাস কৰিব পাৰিব নে নাই সেয়া সময়ত জনা যাব।,কিবাকৈ তাত ৰোগৰ সংক্ৰমণ ঘটিলে  বনজুইৰ দৰে জন্তুৰ সেই ৰোগ  বিয়পি পৰিব পাৰে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে