--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰ্ধনগ্ন অৱস্থাত ধুম্ৰপান কৰি আদালতৰ এটা শুনানিত অংশগ্ৰহণ কৰাৰ বাবে বৰ্খাস্ত হ’ল এগৰাকী মহিলা বিচাৰপতি। ঘটনাটো সংঘটিত হৈছে কলম্বিয়াত।

কলম্বিয়াৰ এখন আদালতত এটা গোচৰৰ ভাৰ্চুৱেল শুনানিকালত বিচাৰপতিগৰাকীয়ে বিচনাত শুই শুই অংশগ্ৰহণ কৰিছিল। পিন্ধনত আছিল সামান্য পোছাক, মুখত চিগাৰেট।

তেনেদৰেই তেওঁ শুনানিকালৰ প্ৰশ্নোত্তৰ পৰ্ব পৰিচালনা কৰিছিল। ইয়াৰ বিৰোধিতা কৰে বিৰোধী পক্ষৰ উকিল আৰু অন্যান্যসকলে। সেয়ে আদালতৰ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত এখন কমিটিয়ে বিচাৰপতিগৰাকীক ৩ মাহৰ বাবে বৰ্খাস্ত কৰা হৈছে। সেই অনুযায়ী ফেব্ৰুৱাৰী মাহলৈকে দৰমহা নাপায় তেওঁ।

সামাজিক মাধ্যমতো ইয়াৰ ভিডিঅ’ বিয়পি পৰিছে। খবৰ অনুযায়ী, ৩৪ বছৰ বয়সীয়া ভিভিয়ান পোলানিয়া নামৰ এইগৰাকী আইনজীৱীয়ে ইয়াৰ পূৰ্বেও এনেধৰণৰ কাণ্ড কৰিছিল।

আনহাতে, সমগ্ৰ কাণ্ডটোৰ সন্দৰ্ভত বিচাৰপতিগৰাকীয়ে কয় যে সেই সময়ত তেওঁৰ মানসিক অৱস্থা ভাল নাছিল। কিন্তু নিজৰ কামৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই শুনানিত অংশগ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক