--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সূৰ্যৰ ৰশ্মিত থকা সাতোটা ৰঙে মানুহৰ লগতে বিশ্বৰ সকলো জীৱ তথা প্রাণীকূলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। প্ৰতিটো ৰঙেই মানুহৰ ওপৰত ভিন্ন ভিন্ন প্ৰভাৱ বিস্তাৰ কৰে ইয়াত বিভিন্ন ৰঙে মানুহৰ ওপৰত কি ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে, সেই বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল।

ৰঙা ৰঙৰ  প্ৰভাৱঃ ৰঙা ৰঙে মানুহক উৎসাহী আৰু উদ্যমী কৰি তোলে ।এই ৰঙে মানুহক শক্তি যোগায়।
ৰঙা ৰঙে মানুহক আবেগপ্ৰৱণ কৰি তোলে।

নীলা ৰঙৰ  প্ৰভাৱ : নীলা ৰঙে মানুহৰ বুদ্ধিৰ বিকাশত সহায় কৰে, বিবেক প্রশস্ত কৰে, সহানুভূতিশীল, আত্মবিশ্বাসী, দায়িত্বশীল কৰি তোলে।প্রকৃতিৰ সৈতে একাত্ম  হোৱাত সহায় কৰে। স্পৰ্শকাতৰতা তথা বিনয়ৰ ভাব জগাই তোলে। নীলা ৰং হৈছে পুৰুষত্ব, বীৰত্ব আৰু শক্তিৰ প্রতীক। এই ৰঙে মানুহৰ মনত সাহস সৃষ্টি কৰে আৰু মানুহক বিভিন্ন কামত প্ৰবৃত্ত হ'বলৈ উদ্যমী কৰি তোলে। নীলা ৰঙে মানুহক ইন্দ্রিয় দমনৰ শক্তি প্ৰদান কৰে। নীলা ৰং হৈছে গভীৰতা আৰু বিশালতাৰ প্ৰতীক। নীলা ৰং সমগ্র আকাশজুৰি বিয়পি আছে। একেদৰে মহাসমুদ্ৰৰ মহাজলৰাশিও নীলা ৰঙৰ হয়।

সেউজীয়া ৰঙৰ  প্ৰভাৱঃ সেউজীয়া ৰঙে মানুহক ভোজনৰ প্রতি অধিক আগ্ৰহী কৰি তোলে। অকাৰণতে মানুহক ব্যস্ত কৰি তোলে। 

বেঙুনীয়া ৰঙৰ প্ৰভাৱঃ বেঙুনীয়া ৰঙে মানুহৰ মনক আধ্যাত্মিক কৰি তোলে, যিকোনো কথা সহজে মানি লোৱাৰ গুণ বৃদ্ধি কৰে। আদর্শবান কৰি তোলে,তদুপৰি মানুহক ৰসাল কৰি তোলে।

বগা ৰঙৰ  প্ৰভাৱঃ বগা ৰঙে মানুহৰ মন আধ্যাত্মিক ভাবনাৰে ভৰাই তোলে। এই ৰঙে মানুহক দানশীল, উদাৰ কৰি তোলে। বগা ৰং বগা ৰং হৈছে পবিত্ৰতাৰ প্ৰতীক। পবিত্ৰতাৰ লগতে জ্ঞান, বিদ্যা আৰু শান্তিকো এই ৰঙে প্রতিফলিত কৰে। বগা ৰং দৰাচলতে সুৰ্যৰ ৰশ্মিৰ সাতোটা ৰঙৰ সংমিশ্ৰণত সৃষ্টি হোৱা ৰং। এই ৰঙে বুদ্ধিৰ বিকাশ, নৈতিক চৰিত্ৰৰ বিশুদ্ধতা, মনৰ প্ৰশান্তি আদি আনি দিয়ে। বাগদেবী সৰস্বতীয়ে বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰে।


হালধীয়া ৰঙৰ প্ৰভাৱঃ হালধীয়া ৰঙে মানুহৰ সৃষ্টিশীলতা বৃদ্ধি কৰে। জ্ঞান লাভৰ প্ৰতি আগ্ৰহী কৰি তোলে, একাগ্রতা বৃদ্ধি কৰে, কৌতূহলী কৰি তোলে, ভোগ বিলাসৰ প্ৰতি আকৰ্ষিত কৰি তোলে। যুক্তি বুদ্ধিৰ উৎকৰ্ষ সাধন কৰে। এই ৰঙে মানুহক জেদী, অত্যধিক আত্মবিশ্বাসী কৰি তোলে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু