--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সূৰ্যৰ ৰশ্মিত থকা সাতোটা ৰঙে মানুহৰ লগতে বিশ্বৰ সকলো জীৱ তথা প্রাণীকূলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। প্ৰতিটো ৰঙেই মানুহৰ ওপৰত ভিন্ন ভিন্ন প্ৰভাৱ বিস্তাৰ কৰে ইয়াত বিভিন্ন ৰঙে মানুহৰ ওপৰত কি ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে, সেই বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল।

ৰঙা ৰঙৰ  প্ৰভাৱঃ ৰঙা ৰঙে মানুহক উৎসাহী আৰু উদ্যমী কৰি তোলে ।এই ৰঙে মানুহক শক্তি যোগায়।
ৰঙা ৰঙে মানুহক আবেগপ্ৰৱণ কৰি তোলে।

নীলা ৰঙৰ  প্ৰভাৱ : নীলা ৰঙে মানুহৰ বুদ্ধিৰ বিকাশত সহায় কৰে, বিবেক প্রশস্ত কৰে, সহানুভূতিশীল, আত্মবিশ্বাসী, দায়িত্বশীল কৰি তোলে।প্রকৃতিৰ সৈতে একাত্ম  হোৱাত সহায় কৰে। স্পৰ্শকাতৰতা তথা বিনয়ৰ ভাব জগাই তোলে। নীলা ৰং হৈছে পুৰুষত্ব, বীৰত্ব আৰু শক্তিৰ প্রতীক। এই ৰঙে মানুহৰ মনত সাহস সৃষ্টি কৰে আৰু মানুহক বিভিন্ন কামত প্ৰবৃত্ত হ'বলৈ উদ্যমী কৰি তোলে। নীলা ৰঙে মানুহক ইন্দ্রিয় দমনৰ শক্তি প্ৰদান কৰে। নীলা ৰং হৈছে গভীৰতা আৰু বিশালতাৰ প্ৰতীক। নীলা ৰং সমগ্র আকাশজুৰি বিয়পি আছে। একেদৰে মহাসমুদ্ৰৰ মহাজলৰাশিও নীলা ৰঙৰ হয়।

সেউজীয়া ৰঙৰ  প্ৰভাৱঃ সেউজীয়া ৰঙে মানুহক ভোজনৰ প্রতি অধিক আগ্ৰহী কৰি তোলে। অকাৰণতে মানুহক ব্যস্ত কৰি তোলে। 

বেঙুনীয়া ৰঙৰ প্ৰভাৱঃ বেঙুনীয়া ৰঙে মানুহৰ মনক আধ্যাত্মিক কৰি তোলে, যিকোনো কথা সহজে মানি লোৱাৰ গুণ বৃদ্ধি কৰে। আদর্শবান কৰি তোলে,তদুপৰি মানুহক ৰসাল কৰি তোলে।

বগা ৰঙৰ  প্ৰভাৱঃ বগা ৰঙে মানুহৰ মন আধ্যাত্মিক ভাবনাৰে ভৰাই তোলে। এই ৰঙে মানুহক দানশীল, উদাৰ কৰি তোলে। বগা ৰং বগা ৰং হৈছে পবিত্ৰতাৰ প্ৰতীক। পবিত্ৰতাৰ লগতে জ্ঞান, বিদ্যা আৰু শান্তিকো এই ৰঙে প্রতিফলিত কৰে। বগা ৰং দৰাচলতে সুৰ্যৰ ৰশ্মিৰ সাতোটা ৰঙৰ সংমিশ্ৰণত সৃষ্টি হোৱা ৰং। এই ৰঙে বুদ্ধিৰ বিকাশ, নৈতিক চৰিত্ৰৰ বিশুদ্ধতা, মনৰ প্ৰশান্তি আদি আনি দিয়ে। বাগদেবী সৰস্বতীয়ে বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰে।


হালধীয়া ৰঙৰ প্ৰভাৱঃ হালধীয়া ৰঙে মানুহৰ সৃষ্টিশীলতা বৃদ্ধি কৰে। জ্ঞান লাভৰ প্ৰতি আগ্ৰহী কৰি তোলে, একাগ্রতা বৃদ্ধি কৰে, কৌতূহলী কৰি তোলে, ভোগ বিলাসৰ প্ৰতি আকৰ্ষিত কৰি তোলে। যুক্তি বুদ্ধিৰ উৎকৰ্ষ সাধন কৰে। এই ৰঙে মানুহক জেদী, অত্যধিক আত্মবিশ্বাসী কৰি তোলে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী