--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অভিভাৱকৰ পাছত শিশুৱে বেছিভাগ সময় শিক্ষকৰ লগত কটায়। শিক্ষকেই ল’ৰা-ছোৱালীক জীৱনৰ আদিপাঠৰ শিক্ষা দিয়ে, শিষ্টাচাৰ শিকায় আৰু মানুহ হিচাপে গঢ় দিয়ে। এজন শিক্ষকে জানে বয়স অনুসৰি শিশুক কেতিয়া, কি শিকাব লাগে।

 প্ৰতিজন শিক্ষাগুৰুৱে বিচাৰে যে ছাত্ৰ-ছাত্ৰীয়ে কলেজীয়া জীৱন আৰম্ভ কৰাৰ আগতে কিছু কিছু জীৱন দক্ষতা শিকিব লাগে আৰু এইক্ষেত্ৰত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক সহায় কৰে। এই জীৱন দক্ষতাবোৰৰ লগত স্কুল বা পঢ়া-শুনাৰ কোনো সম্পৰ্ক নাই। শিশুৱে স্কুল শেষ কৰি কলেজীয়া জীৱন আৰম্ভ কৰাৰ আগতে জীৱন দক্ষতাৰ বিষয়ে কি শিকিব লাগে জানো আহক।

 ১. সৎ আৰু স্পষ্ট যোগাযোগ-

যদি আপোনাৰ সন্তানে নিজৰ অনুভৱ সঠিকভাৱে প্ৰকাশ কৰিব নোৱাৰে তেন্তে শিক্ষকৰ সৈতে যোগাযোগ ৰক্ষা কৰাত তেওঁলোক অসুবিধাৰ সন্মুখীন হ’ব পাৰে। সেয়েহে সন্তানক শিকাব লাগে যে শিক্ষকৰ লগত তেওঁৰ মনত উত্থাপন হোৱা সন্দেহবোৰৰ বিষয়ে কেনেকৈ কথা পাতিব লাগে, কেনেকৈ শিক্ষকক তেওঁৰ সন্দেহৰ বিষয়ে ক’ব লাগে যাতে তেওঁক শিক্ষকে সহায় কৰিব পাৰে।

 ২. মানসিক চাপ হ্ৰাস কৰক-

কলেজৰ দিন আৰু আগৰ দিনবোৰ মানসিক চাপৰ সৃষ্টি কৰে। ব’ৰ্ড পৰীক্ষাৰ প্ৰস্তুতি আৰু ফলাফল ঘোষণা কৰাৰ পাছত উত্তেজনা, তাৰ পিছত ভাল কলেজত নামভৰ্তিৰ বাবে সন্তানক বহুত মানসিক চাপত পেলাই দিয়ে।

 ৩. স্বাস্থ্যক গুৰুত্বসহকাৰে লওক-

যদি আপোনাৰ সন্তানে নিজৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ যত্ন ল’ব নাজানে, তেন্তে ১৭ বছৰ বয়সৰ পাছত তেওঁ বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে। তেওঁক খেলৰ লগত জড়িত কৰক, তেওঁক সুস্থভাৱে খুৱাওক আৰু চাওক তেওঁৰ শৰীৰক কেতিয়া আপোনাৰ মনোযোগৰ প্ৰয়োজন হয়।

 ৪. সঞ্চয় কৰিব শিকাওক-

পিতৃ-মাতৃয়ে ১৪ৰ পৰা ১৫ বছৰ বয়সত ল’ৰা-ছোৱালীক পকেট মানি দিবলৈ আৰম্ভ কৰে, কিন্তু আপোনাৰ সন্তানে যদি ধন পৰিচালনা কৰিব নাজানে তেন্তে তেওঁ এই বহুমূলীয়া ধন ভুল ধৰণে খৰচ কৰিব আৰু এই অভ্যাসে তেওঁক ডাঙৰ হ’লে সমস্যাৰ সৃষ্টি কৰিব। পকেট মানিৰে সন্তানক বাজেট কৰিবলৈ শিকাওক।

 ৫. বন্ধু নিৰ্বাচন-

কলেজলৈ যোৱাৰ পাছত আমি নতুন বন্ধুত্ব গঢ়ি তোলোঁ আৰু ইয়াৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন। আপোনাৰ বন্ধুৱেই আপোনাক ভুল পথত লৈ যাব পাৰে, গতিকে এনে বন্ধু নিৰ্বাচন কৰিব লাগে যি আপোনাক আগুৱাই যোৱাত সহায় কৰিব পাৰে আৰু ভুল পথেৰে নিব নোৱাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু