--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অভিভাৱকৰ পাছত শিশুৱে বেছিভাগ সময় শিক্ষকৰ লগত কটায়। শিক্ষকেই ল’ৰা-ছোৱালীক জীৱনৰ আদিপাঠৰ শিক্ষা দিয়ে, শিষ্টাচাৰ শিকায় আৰু মানুহ হিচাপে গঢ় দিয়ে। এজন শিক্ষকে জানে বয়স অনুসৰি শিশুক কেতিয়া, কি শিকাব লাগে।

 প্ৰতিজন শিক্ষাগুৰুৱে বিচাৰে যে ছাত্ৰ-ছাত্ৰীয়ে কলেজীয়া জীৱন আৰম্ভ কৰাৰ আগতে কিছু কিছু জীৱন দক্ষতা শিকিব লাগে আৰু এইক্ষেত্ৰত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক সহায় কৰে। এই জীৱন দক্ষতাবোৰৰ লগত স্কুল বা পঢ়া-শুনাৰ কোনো সম্পৰ্ক নাই। শিশুৱে স্কুল শেষ কৰি কলেজীয়া জীৱন আৰম্ভ কৰাৰ আগতে জীৱন দক্ষতাৰ বিষয়ে কি শিকিব লাগে জানো আহক।

 ১. সৎ আৰু স্পষ্ট যোগাযোগ-

যদি আপোনাৰ সন্তানে নিজৰ অনুভৱ সঠিকভাৱে প্ৰকাশ কৰিব নোৱাৰে তেন্তে শিক্ষকৰ সৈতে যোগাযোগ ৰক্ষা কৰাত তেওঁলোক অসুবিধাৰ সন্মুখীন হ’ব পাৰে। সেয়েহে সন্তানক শিকাব লাগে যে শিক্ষকৰ লগত তেওঁৰ মনত উত্থাপন হোৱা সন্দেহবোৰৰ বিষয়ে কেনেকৈ কথা পাতিব লাগে, কেনেকৈ শিক্ষকক তেওঁৰ সন্দেহৰ বিষয়ে ক’ব লাগে যাতে তেওঁক শিক্ষকে সহায় কৰিব পাৰে।

 ২. মানসিক চাপ হ্ৰাস কৰক-

কলেজৰ দিন আৰু আগৰ দিনবোৰ মানসিক চাপৰ সৃষ্টি কৰে। ব’ৰ্ড পৰীক্ষাৰ প্ৰস্তুতি আৰু ফলাফল ঘোষণা কৰাৰ পাছত উত্তেজনা, তাৰ পিছত ভাল কলেজত নামভৰ্তিৰ বাবে সন্তানক বহুত মানসিক চাপত পেলাই দিয়ে।

 ৩. স্বাস্থ্যক গুৰুত্বসহকাৰে লওক-

যদি আপোনাৰ সন্তানে নিজৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ যত্ন ল’ব নাজানে, তেন্তে ১৭ বছৰ বয়সৰ পাছত তেওঁ বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে। তেওঁক খেলৰ লগত জড়িত কৰক, তেওঁক সুস্থভাৱে খুৱাওক আৰু চাওক তেওঁৰ শৰীৰক কেতিয়া আপোনাৰ মনোযোগৰ প্ৰয়োজন হয়।

 ৪. সঞ্চয় কৰিব শিকাওক-

পিতৃ-মাতৃয়ে ১৪ৰ পৰা ১৫ বছৰ বয়সত ল’ৰা-ছোৱালীক পকেট মানি দিবলৈ আৰম্ভ কৰে, কিন্তু আপোনাৰ সন্তানে যদি ধন পৰিচালনা কৰিব নাজানে তেন্তে তেওঁ এই বহুমূলীয়া ধন ভুল ধৰণে খৰচ কৰিব আৰু এই অভ্যাসে তেওঁক ডাঙৰ হ’লে সমস্যাৰ সৃষ্টি কৰিব। পকেট মানিৰে সন্তানক বাজেট কৰিবলৈ শিকাওক।

 ৫. বন্ধু নিৰ্বাচন-

কলেজলৈ যোৱাৰ পাছত আমি নতুন বন্ধুত্ব গঢ়ি তোলোঁ আৰু ইয়াৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন। আপোনাৰ বন্ধুৱেই আপোনাক ভুল পথত লৈ যাব পাৰে, গতিকে এনে বন্ধু নিৰ্বাচন কৰিব লাগে যি আপোনাক আগুৱাই যোৱাত সহায় কৰিব পাৰে আৰু ভুল পথেৰে নিব নোৱাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী