--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মানুহৰ কামোৰত মৃত্যু হল এডাল বিষাক্ত সাপৰ! হয়, এনেধৰণৰ এটা আজৱ ঘটনা সংঘটিত হৈছে ছত্তিশগড়ত। ৮ বছৰীয়া এটি শিশুৱে কামোৰাৰ পাছতে মৃত্যু হয় সাপডালৰ।

 

জানিব পৰামতে, ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰা ৩০০ কিলোমিটাৰ দূৰত্বৰ পণ্ডৰপধ জিলাৰ নাগলোক নামৰ গাওঁখনত সংঘটিত হৈছে এই ঘটনাটো। গাঁওখনৰ নাম 'নাগলোকএইবাবেই যে তাত ২০০ বিধ প্ৰজাতিৰ বিষাক্ত সাপে বাস কৰে।

 

সমগ্ৰ ঘটনাটো  এনেধৰণৰ- ৮ বছৰীয়া শিশুটি নিজৰ ঘৰৰ পাচফালে খেলি আছিল। সেইসময়তে তাক এডাল ফেটি সাপে খোঁট মাৰে। কেৱল কামোৰাই নহয়, শিশুটিৰ এখন হাতেৰে সাপডাল গালৈও উঠিছিল।

 

শিশুটিৱেও সাপডালক গাৰ পৰা আঁতৰাই দলিয়াই দিবলৈ চেষ্টা কৰে। সাপডালক সি কামোৰো মাৰে। তেতিয়াই তৎক্ষণাৎ মৃ্ত্যু হয় সাপডালৰ।

 

স্থানীয় সংবাদমাধ্যমক শিশুটিয়ে কোৱামতে, সাপডালে তাৰ হাতত উঠি আহিছিল আৰু সি খুব দুখ পাইছিল। তেতিয়াই সি সাপডালৰ গাত দুবাৰ কামোৰ মাৰে। তাৰপাছতে সাপডালৰ মৃত্যু হয়।

 

শিশুটিক সাপডালে কামোৰ মৰাৰ পাছত অৱশ্যে সি সুস্থভাৱেই আছে। সাপডালে তাক কোনো আক্ৰমণ কৰিবলৈ কামোৰা নাছিল। সেয়ে প্ৰাথমিক চিকিৎসা কৰাৰ পাছতে শিশুটিক বিপদমুক্ত ঘোষণা কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক